নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত চিকিৎসা সম্পৰ্কীয় আলোচনা চক্ৰ

বিশেষ বাৰ্তা, ১০ আগষ্টঃ নগাঁৱৰ বৰঘাট বাইপাছত অৱস্থিত চিমচ হাস্প‌তালত অসম তথা উত্তৰ-পূব ভাৰতৰ বিশেষজ্ঞ চিকিৎসক সকলৰ এদিনীয়া কাৰ্য্যসূচীৰে, ভাৰতীয় চিকিৎসা সংস্থাৰ একাডেমী অফ মেডিকেল স্পেচিয়েলিটিৰ সৌজন্যত এখন অতি উচ্চ মানৰ আলোচনা চক্ৰ অনুষ্ঠিত হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, যোৰহাট চিকিৎসা মহাবিদ্যালয়,অসম চিকিৎসা মহাবিদ্যালয় তথা উত্তৰ-পূব ভাৰতৰ কেইবাজনো বিখ্যাত চিকিৎসকে ইয়াত অংশগ্ৰহণ কৰে। স্ত্ৰী ৰোগ, জাপানীজ এনকেফেলাইটিজ, বৃক্ক ৰোগ, সৰ্পদংশন, জন্মগত শিশু ৰোগ আদি বিভিন্ন ৰোগৰ চিকিৎসাৰ বিষয়ে উচ্চ পৰ্য্যায়ৰ বিতং আলোচনা কৰা হয়। উল্লেখযোগ্য যে আই এম এ ৰ অকাডেমি অফ মেডিকেল স্পেচিয়েলিটি অসমে নিজা ববিয়াকৈ এই গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত কৰে।

প্ৰেৰক কনক হাজৰিকা

You might also like