ডিজিটেল ডেস্ক, ২৬ এপ্ৰিল : গুৱাহাটী মহানগৰীৰ মঠঘৰীয়াত শনিবাৰে পুৱতি নিশা এক ভয়াৱহ দুৰ্ঘটনা সংঘটিত হয়। এখন তীব্ৰবেগী ছুইফট বাহনে ৰৈ থকা এখন ট্ৰাকত খুন্দা মৰাৰ ফলত তিনিগৰাকী যুৱতীয়ে প্ৰাণ হেৰুৱায়।
মহানগৰীৰ গেট হাস্পতালৰ সন্মুখত পুৱতি নিশা এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। মঠঘৰীয়াৰ গেট হাস্পতালৰ সমীপত এখন ট্ৰাক পথৰ দাঁতিত ৰখাই থোৱা আছিল। ৰৈ থকা ট্ৰাকখনত প্ৰচণ্ড খুন্দা মাৰে এখন তীব্ৰবেগী ছুইফট বাহনে। জানিব পৰা মতে, পূজা সাহা, আকাংক্ষা শইকীয়া আৰু আন এগৰাকী যুৱতীয়ে AS-01GP-0562 নম্বৰৰ ছুইফট বাহনখনেৰে গীতানগৰৰ দিশৰ পৰা আহি আছিল। তীব্ৰবেগত অহা বাহনখনে মঠঘৰীয়াৰ গেট হাস্পতালৰ সন্মুখত ৰৈ থকা ট্ৰাকখনত প্ৰচণ্ড জোৰত খুন্দা মাৰে। ফলত থিতাতে নিহত হয় তিনিওগৰাকী যুৱতী।
সংঘৰ্ষৰ তীব্ৰতা ইমানেই ভয়াৱহ আছিল যে ঘটনাস্থলীতে তিনিওগৰাকী যুৱতীৰ মৃত্যু হয়। দুৰ্ঘটনাটো সংঘটিত কৰিয়ে বাহনখনৰ চালকগৰাকীয়ে পলায়ন কৰে। বৰ্তমান চালকজন পলাতক অৱস্থাত আছে যদিও আৰক্ষীয়ে চালকজনৰ সন্ধান উলিয়াবলৈ অভিযান চলাই আছে। নিহত যুৱতী দুগৰাকী পূজা সাহা আৰু সোণাৰিৰ সাপেখাতীৰ আকাংক্ষা শইকীয়া। অৱশ্যে আনগৰাকী যুৱতীৰ পৰিচয় উদ্ধাৰ কৰিব পৰা নাই। জানিব পৰা মতে, আকাংক্ষা শইকীয়া ৰয়েল গ্ল’বেল ইউনিভাৰ্ছিটীত কৰ্মৰত আছিল। মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।