সৰুপথাৰ উৰিয়ামঘাটত আজিৰে পৰা ৭ দিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে সদৌ অসম ভিত্তিত ভাওনা সমাৰোহ। “প্ৰজন্ম” উৰিয়ামঘাটৰ উদ্যোগত আৰু উৰিয়ামঘাটবাসী ৰাইজৰ সহযোগত সদৌ অসম ভিত্তিত ভাওনা সমাৰোহ-২০২৬ অনুষ্ঠিত হৈছে। উৰিয়ামঘাট ৰাজহুৱা খেলপথাৰত বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই ভাওনা সমাৰোহ। ৭ দিনীয়াকৈ অনুষ্ঠিত হোৱা ভাওনা সমাৰোহত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১৪টা দলে ভাওনা পৰিৱেশন কৰিব।
আজি আৰম্ভণি দিনটোত পুৱাৰে পৰা সমাৰোহস্থলীত উদুলি-মুদুলি পৰিৱেশ বিৰাজ কৰে। সমাৰোহস্থলীত থকা দশাৱতাৰ দৃশ্য, পতাকা উত্তোলনস্থলী আদিয়ে ৰাইজক অধিক আকর্ষিত কৰে। পুৱাৰ ভাগত নাম-প্ৰসংগ অনুষ্ঠিত কৰি ভাওনা সমাৰোহৰ অস্থায়ী নামঘৰৰ আসন প্ৰতিষ্ঠা কৰে। ভাওনা উদযাপন সমিতিৰ স্মৃতিগ্ৰন্থৰ সম্পাদক বিমান গগৈয়ে আঁত ধৰা অনুষ্ঠানত পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি শিক্ষক কুলধৰ গগৈয়ে, সহযোগ কৰে কাৰ্যকৰী সভাপতি ট্ৰিকেন্দ্ৰজিৎ বৰাই। ইয়াৰ পিছতেই উদযাপন সমিতিৰ যুটীয়া সম্পাদক মুকুল গগৈয়ে শ্বহীদ তৰ্পণত বন্তি প্ৰজ্বলন কৰাৰ পিছতেই অসমীয়া হিয়াৰ আমঠু জুবিন গাৰ্গৰ লগতে জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে।
সৰুপথাৰ মহাবিদ্যালয় অধ্যক্ষা ড৹ প্ৰাপ্তি ঠাকুৰে মূল তোৰণ ফিতা কাটি মুকলি কৰাৰ পিছতেই আজিৰ ভাওনাৰ প্ৰথম দর্শনীৰ প্ৰতিযোগিতা উদ্বোধন কৰে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক, বিশিষ্ট শিক্ষাবিদ দীনেশ গগৈয়ে। উল্লেখ্য যে প্রতিদিনেই ভাওনা সমাৰোহত দুটাকৈ দলে ভাওনা পৰিৱেশন কৰিব। দ্বিতীয় দর্শনী ভাওনা প্রতি নিশা ৮.৩০ বজাৰ পৰা আৰম্ভ হ’ব। আজি সন্ধিয়া ভাওনা উপভোগৰ বাবে অগণন ভাওনাপ্রেমী লোক উপস্থিত থকা পৰিলক্ষিত হয়। প্ৰথম দিনাৰ প্ৰথমখন ভাওনা পৰিৱেশন কৰে সৰুপথাৰৰ গংগাধৰ শিল্পী সমাজৰ “বিভীষণৰ শ্ৰীৰাম দৰ্শন তৰণিহেনৰ মুক্তি লাভ” আৰু দ্বিতীয়খন বৰহোলাৰ বনমালী শিল্পী সমাজৰ দ্বাৰা পৰিচালিত “শ্ৰীবৎস উপাখ্যান”। সমাৰোহৰ প্ৰতিটো দিনাই ৰাইজৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে।