কণমানি দুই শিশু কন্যাসহ চৰম পথ এগৰাকী বোৱাৰীৰ! হত্যাৰ অভিযোগ পিতৃৰ
কণমানি ২ শিশুসহ আত্মহত্যা কৰিলে এগৰাকী বোৱাৰীয়ে। মর্মান্তিক এই ঘটনাটো সংঘটিত হৈছে মেঘালয়ৰ পূর্ব জয়ন্তীয়া হিলছ জিলাত। মৃত বোৱাৰীগৰাকী কাছাৰৰ কালাইন বৰইতলিৰ অৰ্পণ দাসৰ পত্নী ৰিপ্পা দাস বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, কালাইন বৰইতলিৰ বাসিন্দা অর্পণ দাস পত্নী-সন্তানক লৈ কৰ্মসূত্ৰে মেঘালয়ত বসবাস কৰি আহিছে। মেঘালয়ৰ এটা চিমেন্ট কোম্পানীত কাম কৰে অৰ্পণ দাসে। পত্নী ৰিপ্পা দাস (২৪) দুই শিশুৰে তেওঁৰ সংসাৰ।
প্রতিদিনৰ দৰে দেওবাৰে পুৱাও পত্নী আৰু সন্তানক ঘৰত ৰাখি নিজৰ কর্মস্থলীত যায় অর্পণ দাস। আবেলি ঘৰত উভতি তেওঁ প্ৰত্যক্ষ কৰে যে পত্নীসহ ২ সন্তানৰ নিথৰ দেহ পৰি ৰৈছে। ঘটনাৰ পাছত অৰ্পণ দাসে ৰিপ্পাৰ পিতৃক ফোন কৰি ঘটনা অৱগত কৰোৱায়।
খবৰ পাই তাতক্ষণিকভাৱে কাটিগড়া আৰক্ষী চকীত গৈ উপস্থিত হয় মৃত বোৱাৰীৰ পিতৃ৷ আৰু আৰক্ষীক সকলো ঘটনা জনাই পিতৃয়ে অভিযোগ কৰে যে বিয়াৰ পিছৰে পৰা স্বামী অৰ্পণ দাসে ৰিপ্পাক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছে। দুই কন্যা সন্তান জন্ম দিয়াক কেন্দ্ৰ কৰি স্বামীৰ নিৰ্যাতনৰ বলি হৈছিল ৰিপ্পা৷
পিতৃৰ অভিযোগ ৰিপ্পাসহ দুই কন্যা সন্তানক হত্যা কৰিছে স্বামী অৰ্পণ দাসে। আৰু হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলাইছে বুলি অভিযোগ কৰে মৃত ৰিপ্পাৰ পিতৃয়ে।
নিয়মীয়া বাৰ্তা ডেস্ক, ১৫ ছেপ্টেম্বৰ