নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী ৰেল ষ্টেচনৰ পাৰ্কিঙত গাড়ীৰ ভিতৰত উদ্ধাৰ বাইহাটাৰ ধীৰাজৰ মৃতদেহ

গুৱাহাটী ৰেল’ৱে ষ্টেচনৰ পাৰ্কিঙত গাড়ীৰ ভিতৰত উদ্ধাৰ মৃতদেহ। মৃত যুৱকজনৰ নাম ধীৰাজ ডেকা। ২৮ বছৰীয়া ধীৰাজ ডেকাৰ ঘৰ বাইহাটা চাৰিআলিৰ মুক্তাপুৰত। গুৱাহাটীৰ ডাউন টাউনত থাকি গাড়ী চলাইছিল ধীৰাজে। ECO নামেৰে অনলাইন ট্ৰেভেল এজেন্সী এটাৰ চলাইছিল গাড়ী।

দেওবাৰে পুৱাই ট্ৰেভেল এজেন্সীৰ কোনো গ্ৰাহকক থবলৈ গৈছিল ধীৰাজ। তাৰ পিছৰ পৰা পৰিয়ালৰ লোকৰ সৈতে কোনো যোগাযোগ নাই ধীৰাজ ডেকাৰ। ফোনত যোগাযোগত নাপাই ধীৰাজৰ ভায়েক আৰু বায়েকে বিচাৰি ট্ৰেভেল এজেন্সীটোক কল কৰাত গাড়ীৰ লোকেচন চাই পল্টন বজাৰ ৰেল’ৱে ষ্টেচন পাৰ্কিঙত‌ থকা বুলি জনায়।

সেইমতে পাৰ্কিঙত যেতিয়া বিচাৰি গ’ল তেতিয়া গাড়ীৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ ধীৰাজ।AS01RC7579 নম্বৰৰ গাড়ী খনৰ পৰা উদ্ধাৰ কৰে মৃতদেহটো। গাড়ীখনৰ এখন দৰ্জা খোলা অৱস্থাত পাইছিল আৰু ধীৰাজ ডেকাৰ মোবাইলটো বিচৰি পোৱা নাই।

ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত পাণবজাৰ আৰক্ষী থানাত‌ গোচৰ ৰুজু কৰিছে পৰিয়ালে।

নিয়মীয়া বাৰ্তা ডেস্ক, ১৫ ছেপ্টেম্বৰ

You might also like