নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উজনিমুৱা বিবেক এক্সপ্ৰেছৰ পৰা পৰি যুৱতীৰ প্ৰাণহানি

ডিজিটেল ডেস্ক, ২ মাৰ্চ : গোলাঘাটৰ কমাৰবন্ধাত চাঞ্চল্যকৰ ঘটনা। উজনিমুৱা বিবেক এক্সপ্ৰেছৰ পৰা পৰি মৃত্যু হয় এগৰাকী যুৱতীৰ। কন্যাকুমাৰীৰ পৰা ডিব্ৰুগড় অভিমুখী ট্ৰেনখন কমাৰবন্ধা আলি ষ্টেচনখন পাৰ হ‌ওঁতেই সংঘটিত হয় ঘটনাটো। ফৰকাটিং ষ্টেচনত ৰখোৱাৰ পাছত ডিব্ৰুগড় অভিমুখে তীব্ৰ বেগেৰে গৈ থাকোঁতে চলন্ত ট্ৰেনখনৰ পৰা কমাৰবন্ধা আলি ষ্টেচনত হঠাৎ পৰি যায় যুৱতীগৰাকী।

অৱশ্যে যুৱতীগৰাকীয়ে অকস্মাতে পৰি যায় নে চৰম পথ বাছি লয় নে আন কিবা ঘটনা সংঘটিত হৈছে, সেয়া বৰ্তমানো জানিব পৰা হোৱা নাই। গুৰুত্বপূৰ্ণ কথাটো হ’ল যে বৰ্তমানেও জানিব পৰা হোৱা নাই যুৱতীগৰাকীৰ পৰিচয়। বগা পেন্ট, বগা চুৱেটাৰ, পাতল সেউজীয়া টি ছাৰ্ট পৰিহিত যুৱতীগৰাকীৰ ডিঙিত ৰঙা সূতাৰে পিন্ধি আছে এটা তাবিজ। মৃত যুৱতীগৰাকীক বৰ্তমান ৰখা হৈছে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত।

You might also like