জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ধাৰাবাহিক কাৰ্যসূচী ঘোষণা AASU-ৰ
সদৌ অসম ছাত্ৰ সন্থা (AASU)-এ জুবিন গাৰ্গৰ ন্যায় বিচাৰৰ দাবীত ৰাজ্যব্যাপী এলানি কাৰ্যসূচী ঘোষণা কৰিছে। কাৰ্যসূচীৰ ভিতৰত আছে— অক্টোবৰ ১৪ তাৰিখে অৱস্থান ধৰ্মঘট, ১৯ অক্টোবৰত বন্তি প্ৰজ্বলন আৰু ২৩ অক্টোবৰত ৰাজ্যজুৰি প্ৰতীকী “ন্যায় সমদল”।
আছুৰ বিবৃতি অনুসৰি, ১৪ অক্টোবৰত সমগ্ৰ অসমৰ প্ৰতিখন জিলাৰ সদৰৰ ৰাজহুৱা স্থানত অৱস্থান কৰি বিক্ষোভ প্ৰদৰ্শন কৰা হ’ব; ১৯ অক্টোবৰত সমগ্ৰ অসমৰ প্ৰতিখন আঞ্চলিক ছাত্র সন্থাই নিজ নিজ অঞ্চলৰ ৰাজহুৱা স্থানত সন্ধিয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্রজ্বলন কৰিব; ২৩ অক্টোবৰত সমগ্ৰ অসমৰ প্ৰতিখন জিলাৰ সদৰত ন্যায় সমদল কৰা হ’ব। এই কাৰ্যসূচী ৰূপায়ণৰ জৰিয়তে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্রদানৰ দাবী শান্তিপূর্ণভাৱে উত্থাপন কৰা হ’ব।
ছাত্ৰ সন্থাৰ স্পষ্ট দাবী- প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্রদান কৰিবই লাগিব।
ছাত্ৰ সন্থাই কয়- ক) প্ৰাণৰ শিল্পী জুবিন গার্গে ন্যায় পাবই লাগিব। খ)) প্ৰাণৰ শিল্পী জুবিন গাৰ্গক মৃত্যুৰ মুখলৈ ঠেলি দিয়া ঘটনাৰ তদন্ত ক্ষিপ্ৰ আৰু পানী নসৰকা হ’ব লাগিব। গ) প্রতিজন দোষীক কঠোৰ দৃষ্টান্তমূলক শাস্তি প্রদান কৰিবই লাগিব। ঘ) অসম চৰকাৰে সাক্ষ্য প্ৰমাণৰ সৈতে দোষীৰ বিৰুদ্ধে কটকটীয়া চার্জশ্বীট প্রস্তুত কৰিব লাগিব যাতে আইনৰ সুৰুঙাৰে দোষী সাৰি যাব নোৱাৰে। অসম চৰকাৰে এই বিষয়ত নিশ্চিত ব্যৱস্থা গ্রহণ কৰিব লাগিব।
