ডুমডুমাত ‘চাহ নগৰী অতিথিশালা’ উদ্বোধন
ডুমডুমাৰ পুৰণি এ. টি. ৰোডত প্ৰায় আঢ়ৈ কোটি টকা ব্যয় সাপেক্ষে নতুনকৈ নিৰ্মাণ কৰা অত্যাধুনিক ‘চাহ নগৰী অতিথিশালা’টো মন্ত্ৰী ৰূপেশ গোৱালাই উদ্বোধন কৰে। ‘জনতাৰ শিল্পী’ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি আৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে ডুমডুমা সম-জিলাৰ আয়ুক্ত নুজহাৎ নাছৰিনে।
অতিথিশালাটো উদ্বোধন কৰি দিয়া ভাষণত মন্ত্ৰী গোৱালাই কয় যে এশ বছৰ পুৰণি ডুমডুমা নগৰত এটি অত্যাধুনিক অতিথিশালাৰ অভাৱ বহু দিনৰ পৰাই অনুভৱ কৰি অহা হৈছিল। বিভিন্ন সময়ত চৰকাৰী অতিথি, মুখ্যমন্ত্ৰী তথা অন্যান্য মন্ত্ৰী, আদি ডুমডুমালৈ আহিলে জিৰণি ল’বলৈ অথবা নিশা কটাবলৈ বাবে এটা অতিথিশালাৰ প্ৰয়োজন আছিল।
সেয়ে বিভিন্ন শিতানৰ পৰা পুঁজি আনি এই দুমহলীয়া অতিথিশালাটো নিৰ্মাণ কৰি উলিওৱা হৈছে। ইয়াৰ ভূমি মহলাত এটা অত্যাধুনিক সভাগৃহ আৰু প্ৰথম মহলাত তিনিটা অত্যাধুনিক কোঠা নিৰ্মাণ কৰা হৈছে। ভৱিষ্যতে ওপৰত আৰু দুটা মহলাত তিনিটাকৈ মুঠ ছটা কোঠা নিৰ্মাণৰ সুবিধা আছে। এই অতিথিশালাটো ডুমডুমা পৌৰসভাই পৰিচালনা কৰিব আৰু ইয়াৰ বাবে নিৰ্ধাৰিত ভাড়া দি ৰাইজে ইয়াক ব্যৱহাৰ কৰিব পাৰিব বুলি মন্ত্ৰী গোৱালাই সভাত জানিবলৈ দিয়ে।
তেওঁ আগন্তুক দিনত ডুমডুমাত ৰূপায়ন হ’বলগীয়া বিভিন্ন উন্নয়নমূলক আঁচনিৰ বিষয়ে উল্লেখ কৰি কয় যে অহা নৱেম্বৰ মাহত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডুমডুমালৈ আহি এই আঁচনিসমূহৰ শিলান্যাস কৰিবহি। আজিৰ এই উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ চাহ শ্ৰমিক কল্যাণ আয়ুক্ত কণপাই দাসে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি এই অতিথিশালাটোৱে ডুমডুমাৰ এটা বহুদিনীয়া অভাৱ পূৰণ কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে।
ডুমডুমা পৌৰসভাৰ পাৰিষদ নয়ন ডেকাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত পদ্মশ্ৰী বঁটা বিজয়ী লোক সংগীত শিল্পী দুলাল মানকি, ডুমডুমা পৌৰসভাৰ পৌৰপতি কান্তা ভট্টাচাৰ্য, ডুমডুমা সম-জিলাৰ সহকাৰী আয়ুক্ত গগৈ, ডুমডুমা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কমলেশ্বৰ কলিতা, ডুমডুমা পৌৰসভাৰ কাৰ্যবাহী বিষয়া বিদ্যুৎ বিকাশ চাংমাই, ডুমডুমা আঞ্চলিক পঞ্চায়তৰ সভাপতি ভাৰত ভাজনী, প্ৰমূখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি, শিক্ষাবিদ আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।
নিয়মীয়া বাৰ্তা, ডুমডুমা, ১৩ অক্টোবৰ