চৰকাৰবিৰোধী বিক্ষোভ দমনত নিৰ্মম শ্বাহবাজ ! মুৰিদকেত পুলিচৰ গুলীত নিহত ১৩, আহত ১৫০
ডিজিটেল ডেস্ক, ১৩ অক্টোবৰ : ইছলামাবাদৰ পিছত এইবাৰ মুৰিদকেত চৰকাৰবিৰোধী আন্দোলন ৰোধ কৰিবলৈ কঠোৰ দমন নীতি গ্ৰহণ কৰিছে শ্বাহবাজ শ্বৰীফ প্ৰশাসনে। যোৱা শনিবাৰে ইছলামাবাদত পুলিচৰ গুলীত ১১জন বিক্ষোভকাৰীৰ মৃত্যু হৈছিল। সোমবাৰে পুৱাও চৰকাৰবিৰোধী আন্দোলন ৰোধ কৰিবলৈ চলোৱা নিৰ্মম দমন নীতিত মুৰিদকেত পুলিচৰ গুলীত অন্তত: ১৩জন বিক্ষোভকাৰীয়ে প্ৰাণ হেৰুৱাইছে, তদুপৰি ডেৰশৰো অধিক বিক্ষোভকাৰী গুৰুতৰভাৱে আহত হৈছে।
পাকিস্তানৰ কট্টৰপন্থী সংগঠন ‘তেহৰিক-ই-লাব্বাইক পাকিস্তান’ (টিএলপি)-এ দেশজুৰি বিক্ষোভৰ শ্লোগান দিছে। ‘আমেৰিকাৰ পুতলা’ হৈ বহি থকা শ্বাহবাজ শ্বৰীফ, আছিম মুনিৰৰ বিৰুদ্ধে প্ৰতিবাদ জনাই তেওঁলোকে ৰাজপথলৈ ওলাই আহিছে। শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদ দমন কৰিবলৈ পাকিস্তান প্ৰশাসনে প্ৰথমৰ পৰাই কঠোৰ নীতি গ্ৰহণ কৰিছে। বিগত দুদিনত ইছলামাবাদত ১৩জন বিক্ষোভকাৰীৰ মৃত্যু হৈছে। ৰাৱালপিণ্ডিত বহু বিক্ষোভকাৰী আহত হৈছে। এই ঘটনাৰ পিছত আজি মুৰিদকেত টিএলপিৰ বিক্ষোভকাৰীসকলে ইছলামাবাদৰ উদ্দেশ্যে মিছিল উলিওৱাৰ কথা আছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত কেইবাটাও পথ অৱৰোধ কৰি ৰাখিছিল। কিন্তু পাঞ্জাব পুলিচে বিশাল এলেকাত গুলীবৰ্ষণ কৰাৰ উপৰি কন্দুৱা গেছো নিক্ষেপ কৰে। বাধ্য হৈ বিক্ষোভকাৰীসকলে পলায়ন কৰিবলৈ ধৰে। এই সংঘৰ্ষত অন্তত: ১৩জনৰ মৃত্যু হৈছে। আহতৰ সংখ্যা ডেৰশৰো অধিক।
টিএলপিৰ অভিযোগ- আমেৰিকাৰ সমৰ্থনত ইজৰাইলে গাজাত আক্ৰমণ চলোৱাৰ পিছতো পাকিস্তান চৰকাৰে তাৰ বিৰোধিতা নকৰি আমেৰিকাৰ পুতলা হৈ কাম কৰি আছে। শ্বাহবাজ আৰু মুনিৰৰ এনে আচৰণৰ বিৰুদ্ধে টিএলপিৰ তৰফৰ পৰা ইছলামাবাদত আমেৰিকাৰ দূতাৱাস ঘেৰাও কৰাৰো সিদ্ধান্ত লৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত ইছলামাবাদৰ আমেৰিকাৰ দূতাৱাসৰ উপৰি লাহোৰ, কৰাচী আৰু পেশ্বোৱাৰত অৱস্থিত আমেৰিকাৰ দূতাৱাসত পাকিস্তান চৰকাৰে কঠোৰ সতৰ্কতা জাৰি কৰে। শেহতীয়াকৈ চৰকাৰবিৰোধী এই আন্দোলন দমনৰ নামত শ্বাহবাজ শ্বৰীফ প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে।