আজমল বাহিনীৰ ‘পাকিস্তান জিন্দাবাদ’ ধ্বনিক ৰাজ্যজুৰি ধিক্কাৰ–গৰিহণা
কংগ্রেছ–ইউডিএফৰ এয়া দেশবিৰোধী চৰিত্রৰ নতুন স্বৰূপঃ ৰঞ্জিত দাস
নিয়মীয়া বাৰ্তা ৭ নৱেম্বৰঃ এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমল শিলচৰৰ কুম্ভীৰগ্রাম বিমানবন্দৰত উপস্থিত হোৱাৰ সময়তে একাংশ দলীয় সমর্থকে পাকিস্তান জিন্দাবাদ বুলি ধ্বনি দিয়া কার্যক লৈ ৰাজ্যজুৰি তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে৷ শিলচৰত সংঘটিত এই নিকৃষ্ট ঘটনা একমুখে গৰিহণা দিছে ৰাজ্যৰ দল–সংগঠন তথা সচেতন মহলে৷ এই ঘটনাৰ প্রতিক্রিয়া প্রকাশ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে কয় যে ৰাজনৈতিক মুনাফাৰ বাবে এয়া এ আই ইউ ডি এফ আৰু কংগ্রেছৰ দেশবিৰোধী চৰিত্রৰ নতুন স্বৰূপ৷ এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে নিজকে ভাৰতবর্ষৰ কোনো সংসদীয় সমষ্টিৰ প্রতিনিধি বুলি কোৱাৰ অধিকাৰ নাই৷ এই ঘটনাৰ এক উচিত তদন্তৰ দাবী কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতিজনে৷
ইপিনে, এই ঘটনাক তীব্র গৰিহণা দিছে সদৌ অসম ছাত্র সন্থাই (আছু)৷ আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয় যে ৰাজ্যত সাম্প্রদায়িক পৰিৱেশ সৃষ্টি হৈ থকা বাবে এনে ঘটনা সংঘটিত হৈছে৷ সাম্প্রদায়িক শক্তিসমূহক নিয়ন্ত্রণ কৰাত চৰকাৰ ব্যর্থ হৈছে বুলি অভিযোগ কৰি তেওঁ কয়– ‘চৰকাৰে এনে সাম্প্রদায়িক শক্তিসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিব লাগে৷ বদৰুদ্দিন আজমল এটা সাম্প্রদায়িক শক্তি, আই এম ডি টি আইন বাতিল কৰাৰ সময়ত এই দলটোৱে জন্ম লাভ কৰিছিল৷ অবৈধ মুছলমান নাগৰিকক ৰক্ষণাবেক্ষণ দিবৰ বাবে তেওঁলোকে কাম কৰি আহিছে৷ শিলচৰত সংঘটিত ঘটনাৰ এক উচিত তদন্ত হোৱা উচিত৷ বদৰুদ্দিন আজমলৰ ভূমিকা সদায়েই সন্দেহজনক৷ তেওঁ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে মতামত দিয়ে, কিন্তু সংসদৰ মজিয়াত এই আইনখনৰ বিৰুদ্ধে ভোট নিদিলে৷ তেওঁ কোনোবা শক্তিৰ দ্বাৰা পৰিচালিত৷’
ইফালে, ইউ পি পি এলৰ সভাপতি প্রমোদ বড়োৱে এই ঘটনাক গৰিহণা দি কয় যে পাকিস্তান জিন্দাবাদ দিয়া কার্যক কোনো ভাৰতীয়ই গ্রহণ কৰিব নোৱাৰে৷ যাৰ নিমখ খাইছে, তাৰহে গুণ গোৱাটো উচিত৷ আনৰ গুণ গোৱা উচিত নহয়৷ অসম জাতীয় পৰিষদৰ সমন্বয়ক জগদীশ ভূঞায়ো এই ঘটনাৰ এক উচিত তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি দিবলৈ আহ্বান জনাইছে৷ অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে পাকিস্তান জিন্দাবাদ দিয়া কার্যক গৰিহণা দি কয়– ‘অনতিপলমে দোষীক গ্রেপ্তাৰ কৰি উচিত শাস্তি দিয়ক৷ কি পৰিস্থিতিত এই ঘটনা সংঘটিত হ’ল, তাৰো এক উচিত আৰু উচ্চ পর্যায়ৰ তদন্ত হ’ব লাগে৷ কিয়নো এই ঘটনাত এটা ৰাজনৈতিক দল জড়িত হৈ আছে৷’
নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসমৰ পর্যবেক্ষক জিতেন্দ্র সিঙে চৰকাৰক তদন্ত কৰি ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী উত্থাপন কৰিছে৷ কিদৰে ভাৰতৰ ভিতৰত পাকিস্তান জিন্দাবাদ ধ্বনি দিবলৈ সক্ষম হ’ল, তাৰ তদন্তৰ দাবী জনালে সাধাৰণ সম্পাদকজনে৷ সাংসদ গৌৰৱ গগৈয়েও দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ দাবী উত্থাপন কৰিছে৷ বিৰোধী দলপতি দেৱব্রত শইকীয়াই এই ঘটনাত উদ্বিগ্ণতা প্রকাশ কৰি কয়– ‘চৰকাৰে তাৎক্ষণিকভাৱে সমৱেত ৰাইজৰ ভাষ্যৰ ভিডিঅ’ ফুটেজ তথা ফৰেনছিক প্রযুক্তিৰ সহায় লৈ ধ্বনিসমূহত প্রকৃততে পাকিস্তান নে আন শব্দ ব্যৱহাৰ হৈছিল, সেয়া উদ্ঘাটন কৰিব লাগে৷ যদিহে প্রকৃততে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া বুলি প্রমাণিত হয়, তেনেহ’লে এনে দুষ্কার্যত লিপ্ত দুষৃকতিকাৰীৰ বিৰুদ্ধে যাৱতীয় আইনী ব্যৱস্থা গ্রহণ কৰিব লাগে৷’
বিজেপি বিধায়ক মৃণাল শইকীয়াই এই ঘটনাৰ প্রতিক্রিয়া প্রকাশ কৰি কয় যে ৰাজনৈতিক দলসমূহ দুটা ভাগত বিভক্ত হৈ আছে– পাকিস্তানপন্থী আৰু হিন্দুস্তানপন্থী৷ আজমলৰ দল যে পাকিস্তানপন্থী, সেয়া আজি প্রমাণিত হ’ল৷ পাকিস্তানপন্থীয়ে পাকিস্তান জিন্দাবাদেই দিব, হিন্দুস্তান জিন্দাবাদ নিদিয়ে৷ কাইলৈ কংগ্রেছ–এ আই ইউ ডি এফৰ যুটীয়া সভা হ’ব আৰু সেই সভাতো পাকিস্তান জিন্দাবাদ বুলি ধ্বনি দিব৷ কংগ্রেছ–এ আই ইউ ডি এফ দুয়োটা দল পাকিস্তানপন্থী৷ সেই কাৰণে তেওঁলোকে মিত্রতা কৰিছে৷ উল্লেখ্য যে কুম্ভীৰগ্রাম বিমানবন্দৰত সাংসদ তথা এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমল উপস্থিত হোৱাৰ সময়ত বহু সমর্থক সমৱেত হৈছিল৷ সেই সময়তে একাংশ সমর্থকে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া বুলি অভিযোগ উত্থাপন হৈছে৷ অৱশ্যে এয়া অপব্যাখ্যা বুলিহে প্রকাশ কৰিছে এ আই ইউ ডি এফে৷ এ আই ইউ ডি এফে প্রতিক্রিয়া প্রকাশ কৰি ৰাজনৈতিক দলটোৰ সাংগঠনিক সাধাৰণ সম্পাদক আমিনুল ইছলামে কয় যে মহাজোঁট বন্ধনৰ প্রসংগ উত্থাপন হোৱাৰে পৰা একধৰণৰ অপচেষ্টা চলি আহিছে৷ আজমল আৰু এ আই ইউ ডি এফক বদনাম কৰিব বিচাৰিছে৷ যাতে মহাজোঁট বন্ধনৰ পৰা এ আই ইউ ডি এফ আঁতৰি আহে আৰু বিজেপি শাসনৰ গাদীত বহিব পাৰে৷ শিলচৰত একাংশ দলীয় সমর্থকে আজিজ খান জিন্দাবাদহে দিছিল বুলি তেওঁ দাবী কৰে৷