নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আদহীয়া ছাত্র নেতাৰ স্থান নাথাকিব ছাত্র সন্থাত

আছুৰ কার্যনির্বাহক বৈঠক

নিয়মীয়া বাৰ্তা ৪ নৱেম্বৰঃ সদৌ অসম ছাত্র সন্থাৰ মজিয়াত স্থান নাথাকিব আদহীয়া ছাত্র নেতাৰ৷ অর্ধশিক্ষিত নেতাকো আছুৰ ৰাজ্যিক কার্যনির্বাহকলৈ বাছনি কৰা নহ’ব৷ চলিত মাহৰ শেষৰ ফালে দুলীয়াজানত অনুষ্ঠিত হ’বলগীয়া অধিৱেশনত এই দুটা গুৰুত্বপূর্ণ সিদ্ধান্তক চূড়ান্ত ৰূপ দিয়া হ’ব৷ সদৌ অসম ছাত্র সন্থাক নতুন ৰূপ দিয়াৰ বাবে ইতিমধ্যে সকলো ৰূপৰেখা প্রস্তুত কৰা হৈছে৷ ইয়াৰ বাবে সংশোধন কৰা হ’ব আছুৰ সংবিধান৷ সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত সংগঠনটোৰ এখন গুৰুত্বপূর্ণ কার্যনির্বাহক বৈঠকত সংবিধান সংশোধনৰ বাবে সমিতি গঠন কৰা হয়৷ সমিতিত আছুৰ উপদেষ্টা, সভাপতি আৰু সাধাৰণ সম্পাদকৰ লগতে আন দুগৰাকী সদস্য থাকিব৷ উল্লেখ্য যে সোমবাৰে অনুষ্ঠিত আছুৰ কার্যনির্বাহক বৈঠকত কেইবাটাও গুৰুত্বপূর্ণ বিষয়ে স্থান লাভ কৰে৷ ক’ভিড প্রট’কলৰ মাজেৰে আগন্তুক দুলীয়াজান অধিৱেশন সফল কৰি তোলাৰ লগতে এই অধিৱেশনৰ পৰাই সংগঠনটোক নতুন ৰূপত আগবঢ়াই নিয়াৰ বিষয়ে আলোচনা কৰা হয়৷ আছুৰ ভিতৰচ’ৰাত দীর্ঘদিনৰ পৰা বয়সৰ ঊর্ধ্বসীমাক লৈ আলোচনা চলি আহিছিল৷ যিহেতু সদৌ অসম ছাত্র সন্থা এটা ছাত্র–ছাত্রীৰ সংগঠন, সেয়ে ছাত্র–ছাত্রীক অধিক আগবঢ়াই দিব লাগে বুলি তৃণমূলৰ শাখাৰ পৰাই দাবী উত্থাপন হৈছে৷ আনকি ছাত্র–ছাত্রীৰ পিতৃৰ বয়সৰ ব্যক্তিয়ে এতিয়াও আছুৰ নেতৃত্ব বহন কৰি আছে৷ ইয়াকে লৈ সংগঠনটো প্রায়ে সমালোচনাৰ সন্মুখীন হয়৷ এই সমালোচনাৰ বাট বন্ধ কৰিবলৈ আছুৰ নেতা–সদস্যৰ বয়সৰ ঊর্ধ্বসীমা ৪৫ বছৰ নির্ধাৰণ কৰি দিয়া হ’ব৷ অৱশ্যে ইয়াৰ বাবে সাংবিধানিক সংশোধনৰ প্রয়োজন আছে৷ কার্যনির্বাহকৰ সদস্যৰ পৰামর্শৰ ভিত্তিত প্রয়োজনীয় সংশোধনৰ বাবে অনুমোদন জনাব গঠন কৰি দিয়া সমিতিখনে৷

আন এটা গুৰুত্বপূর্ণ সংশোধন অনুসৰি, আছুৰ ৰাজ্যিক কার্যনির্বাহক বৈঠকত অন্তর্ভুক্তিৰ বাবে নূ্যনতম স্নাতক উত্তীর্ণ হোৱাটো বাঞ্ছনীয় হ’ব৷ ছাত্র সংগঠনটোৰ বাবে এয়া সদায়ে লজ্জাৰ বিষয় হৈ আহিছে৷ খোদ শিক্ষা সম্পাদক শৰৎ হাজৰিকা হ’ল এগৰাকী উচ্চতৰ মাধ্যমিক অনুত্তীর্ণ ব্যক্তি৷ তদুপৰি তেওঁৰ বয়সেও ভাটি দিছে৷ কিন্তু এইগৰাকী নেতাই আকৌ এবাৰ আছুৰ ৰাজ্যিক কার্যনির্বাহকত স্থান পাবলৈ ব্যাপক কুচকাৱাজ চলাই আছে৷ বয়স আৰু শিক্ষাৰ সময়সীমা নির্ধাৰণ হ’লে শৰৎ হাজৰিকাৰ দৰে বহু নেতাই বিদায় ল’বলগীয়া হোৱাটো নিশ্চিত৷ সংশোধনৰ জৰিয়তে ছাত্র সন্থাৰ নেতা–সদস্যৰ বিবাহৰ বিষয়তো কেতবোৰ কঠোৰ সিদ্ধান্ত লোৱা হ’ব৷ কাৰণ বিগত সময়ছোৱাত কেইবাগৰাকী ছাত্র নেতাৰ গোপন বিবাহ বিতর্কই নেতৃত্বক শ’লঠেকত পেলাইছে৷ শিৱসাগৰৰ ছাত্র নেতা মাণিক গগৈয়ে সংগোপনে আইনী বিবাহ সম্পন্ন কৰি পিছত বিবাহ বিচ্ছেদ কৰা ঘটনা ইতিমধ্যে পোহৰলৈ আহিছে৷ মাণিক গগৈৰ এই দুষ্কার্যই আছুৰ ভাবমূর্তি উজনি অসমত ম্লান কৰাৰ পিছত এইক্ষেত্রত কঠোৰ সিদ্ধান্ত লোৱাৰ দাবী উত্থাপন হৈছে৷ আছুৰ সংবিধান মতে, সংগঠনটোৰ নেতা–সদস্যসকল অবিবাহিত হোৱাটো বাঞ্ছনীয়৷ এই নীতি উলংঘা কৰাসকলৰ বিৰুদ্ধে বহিষ্কাৰৰ দৰে কঠোৰ ব্যৱস্থা গ্রহণৰ পোষকতা কৰা হৈছে৷ এইদৰে আদহীয়া, বদনামী লোকৰ সলনি নতুন প্রজন্মৰ নেতাৰ জৰিয়তে আছুক অধিক গতিশীল কৰি তোলাৰ প্রক্রিয়া আজিৰ কার্যনির্বাহক বৈঠকৰ পৰাই আৰম্ভ হৈছে৷ অৱশ্যে দুলীয়াজান অধিৱেশনৰ প্রতিনিধি সভাতহে এই সংশোধনীসমূহে চূড়ান্ত ৰূপ পাব৷ যদিহে বয়সৰ ঊর্ধ্বসীমা দুলীয়াজানৰ পৰাই কার্যকৰী কৰা হয়, তেনেহ’লে শৰৎ হাজৰিকা, মাণিক গগৈ, প্রকাশ দাস, ধর্মেশ্বৰ দাস, জয়ন্ত ভট্ট, বিপুল ৰাভা, পুণ্য ডেকা, জুল খাউণ্ড, প্রদীপ দাস আদি সুদীর্ঘকাল আছুৰ নেতৃত্বত থকা লোকসকলক আৰু সংগঠনটোৰ মজিয়াত দেখা পোৱা নাযাব৷

You might also like