নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বহীদ ন্যাস ঘেৰি ধৰিলে আৰক্ষীয়ে, আছু কর্মীৰে খণ্ডযুদ্ধ

নিয়মীয়া বাৰ্তা ২৩ জানুৱাৰীঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অসম ভ্রমণৰ প্রাক্সন্ধিয়া ৰাজ্যজুৰি সদৌ অসম ছাত্র সন্থা আৰু আৰক্ষী বাহিনীৰ মাজত সংঘর্ষময় পৰিস্থিতিৰ সৃষ্টি হয়৷ মহানগৰীৰ শ্বহীদ ন্যাসৰ সমীপত দুপৰীয়াৰ পৰাই বিৰাজ কৰে যুদ্ধসদৃশ পৰিৱেশ৷ উজান বজাৰৰ শ্বহীদ ন্যায়ৰ পৰাই সদৌ গুৱাহাটী ছাত্র সন্থাই কা বাতিল, ই আই এ প্রত্যাহাৰ আৰু অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ দাবীত সন্ধিয়া জোঁৰ সমদলৰ কার্যসূচী গ্রহণ কৰে৷ কিন্তু তাৰ পূর্বে মহানগৰ আৰক্ষীৰ শীর্ষ বিষয়াৰ নেতৃত্বত শ শ আৰক্ষী, অর্ধসামৰিক বাহিনীয়ে পথৰ চৌদিশে বেৰিকেড দি ছাত্র সন্থাৰ নেতা–কর্মীসকলক ঘেৰি ধৰে৷ এনে নিৰাপত্তা বেহুৰ মাজতে আছুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু নেছ’ৰ উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যৰ নেতৃত্বত আছু কর্মীসকল সমদলৰ বাবে জোঁৰ লৈ সাজু হয়৷ কিন্তু সমদলত বাধা দিয়ে বিশাল আৰক্ষী আৰু নিৰাপত্তাবাহিনীয়ে৷

ড০ সমুজ্জ্বল ভট্টাচার্যই আৰক্ষী বিষয়াসকলক উদ্দেশ্যি প্রশ্ণ কৰে– আৰক্ষীয়ে আজি গণতান্ত্রিক আৰু অহিংস আন্দোলনকাৰীক বাধা দিছে৷ কিন্তু ‘কা’ আন্দোলনৰ সময়ত ছেম ষ্টেফর্ড আৰু দীপাঞ্জল দাসক গুলীয়াই হত্যা কৰাসকলক কিয় আজিলৈ শাস্তি দিব পৰা নাই৷ এই প্রশ্ণত মহানগৰ আৰক্ষী বিব্রত হৈ পৰে যদিও কোনো পৰিস্থিতিতে জোঁৰ সমদল আগবাঢ়িবলৈ দিয়া নহ’ব বুলি ঘোষণা কৰে৷ আছুৰ সদস্যসকলে যদিহে হাতত থকা জোঁৰ আৰক্ষীক জমা দিয়ে, তেনেহ’লে ম’বাইলৰ টর্চ জ্বলাই সমদল কৰাৰ অনুমতি দিয়া হ’ব বুলি আৰক্ষীৰ তৰফৰ পৰা জনোৱা হয়৷ আছু নেতৃত্বই কোনো পৰিস্থিতিতে আৰক্ষীৰ হাতত জোঁৰ জমা দিয়া নহয় বুলি স্পষ্ট কৰি দিয়ে৷

সভাপতি দীপাংক কুমাৰ নাথে প্রতিবাদকাৰীক উদ্দেশ্যি ঘোষণা কৰে– অসম চৰকাৰে গণতান্ত্রিক আন্দোলনৰ মুখামুখি হ’বলৈ ভয় কৰিছে৷ কিন্তু চৰকাৰে যিমানেই বাধা নিদিয়ক কিয়, আছু কেতিয়াও ক্ষান্ত নহয়৷ প্রধানমন্ত্রী মোদীয়ে অসমত অসমীয়া মানুহক সংখ্যালঘুত পৰিণত কৰিব বিচাৰিছে৷ লাখ লাখ বাংলাদেশীক অসমত সংস্থাপিত কৰাৰ ষড়যন্ত্র কৰিছে৷ কিন্তু কা বাতিল আৰু ই আই এ প্রত্যাহাৰ নকৰালৈকে সদৌ অসম ছাত্র সন্থাই আন্দোলন চলাই নিব৷ চৰকাৰৰ ভাবুকিলৈ আছুৱে কেতিয়াও ভয় নকৰে৷ নেছ’ৰ উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই ক্ষোভ উজাৰি কয়– সর্বানন্দ সোণোৱালে শ্বহীদ ন্যাসৰ পৰা গৈ অসমৰ মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হৈছে৷ আজি তেওঁ শ্বহীদ ন্যাসত গণতান্ত্রিক প্রতিবাদকাৰীক বাধা দিছে৷ তেওঁক ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ৷ ড০ ভট্টাচার্যই লগতে কয় যে সর্বানন্দ সোণোৱাল আৰু অসম চৰকাৰে প্রতিবাদৰ মুখামুখি হ’বলৈ ভয় কৰে৷ তেওঁ এজন ভয়াতুৰ মুখ্যমন্ত্রী৷ অসম চৰকাৰ এখন ভয়াতুৰ চৰকাৰ৷ অহিংস আন্দোলনকাৰীক বাধা দিয়াটো চৰকাৰৰ বীৰত্ব নহয়৷ চৰকাৰে শান্তিপূর্ণ প্রতিবাদকাৰীক হিংসাৰ পথ ল’বলৈ প্রৰোচিত কৰিছে৷ কিন্তু আছুৱে অহিংস আৰু গণতান্ত্রিক প্রক্রিয়াৰে আন্দোলন চলাই যাব৷ আৰক্ষীৰ বাধাৰ বাবে আছুৰ সমদল আগবাঢ়িব নোৱাৰিলে৷ প্রতিবাদকাৰীসকলে শ্বহীদ ন্যাসৰ সন্মুখতে ধাৰাবাদিক শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে৷

ইফালে, শুকুৰবাৰে সমগ্র অসমত অহিংস শান্তিপূর্ণ জোঁৰ সমদলকাৰীক অসম চৰকাৰে পুলিচ বাহিনীৰ দ্বাৰা বাধা প্রদান কৰা কার্যক সদৌ অসম ছাত্র সন্থাই তীব্র গৰিহণা দিছে আৰু ই অসম চৰকাৰৰ অগণতান্ত্রিক কার্য বুলি অভিহিত কৰিছে৷ ছাত্র সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়– অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ চৰকাৰে আজি ফেচিষ্ট মনোভাব প্রদর্শন কৰিলে৷ গণতান্ত্রিক প্রমূল্যবোধক ভৰিৰে মোহাৰি পেলালে৷ চৰকাৰে যিমানেই দমন নচলাওক এই আন্দোলন স্তব্ধ কৰিব নোৱাৰিব বুলি কেন্দ্রীয় আৰু অসম চৰকাৰক আছু নেতৃত্বই কঠোৰভাৱে সকীয়াই দিছে৷ তেজপুৰত আন্দোলনকাৰীৰ ওপৰত চলোৱা নির্যাতনক সন্থাই তীব্র গৰিহণা দিয়ে৷ গুৱাহাটীত সভাপতি দীপাংক কুমাৰ নাথ, উত্তৰ–পূর্বাঞ্চল ছাত্র সংগঠন (নেছ’)ৰ উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যৰ লগতে সন্থাৰ উপ–সভাপতি বিপুল ৰাভা, ৰাজ্যিক কার্যনির্বাহক সদস্য ৰাইফুদ্দিন আহমেদ, সদৌ কামৰূপ (মঃ) জিলা ছাত্র সন্থাৰ সভাপতি ৰজমিল আলী, সাধাৰণ সম্পাদক টুটুমণি কলিতা, সদৌ গুৱাহাটী ছাত্র সন্থাৰ সভাপতি আনোৱাৰ হুছেইন, সাধাৰণ সম্পাদক টুটুমণি চৌধুৰীয়ে প্রতিবাদৰ নেতৃত্ব দিয়ে৷
২৩–২৪ জানুৱাৰীত ৰাজ্যজুৰি প্রতিবাদ
সদৌ অসম ছাত্র সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয় যে ২৩, ২৪ জানুৱাৰীত আন্দোলন অব্যাহত থাকিব৷ ২৩ জানুৱাৰীত সমগ্র অসমৰ প্রতিখন জিলাৰ সদৰৰ ৰাজহুৱা স্থানত মুখত ক’লা কাপোৰ বান্ধি অৱস্থানেৰে বিক্ষোভ প্রদর্শন কৰা হ’ব৷ ২৪ তাৰিখে সমগ্র অসমৰ প্রতিখন আঞ্চলিক ছাত্র সন্থাই নিজ এলেকাত ক’লা পতাকা উৰুৱাব, ‘কা’ৰ প্রতিলিপি দাহ কৰিব৷
তেজপুৰত জোঁৰ সমদলকাৰীৰ ওপৰত আৰক্ষীৰ
লাঠীচালনাঃ কেন্দ্রীয় আছু নেত্রীসহ কেইবাগৰাকীও আহত
আজি তেজপুৰত গণতান্ত্রিকভাৱে আন্দোলনৰ কার্যসূচী ৰূপায়ণ কৰা আছু কর্মীৰ ওপৰত জঁপিয়াই পৰে আৰক্ষী প্রশাসন৷ হাতে হাতে জোঁৰ লৈ আছুৰ নেতা–কর্মীসকলে প্রতিবাদী সমদল কৰিবলৈ লওঁতেই অসম আৰক্ষী আৰু চি আৰ পি এফৰ জোৱানে প্রতিবাদীসকলৰ ওপৰত লঠীচালনাকৰাত কেইবাগৰাকী আছু কর্মী আহত হয়৷ সদৌ অসম ছাত্র সন্থাৰ আহ্বানমর্মে আজি ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে তেজপুৰতো সদৌ শোণিতপুৰ জিলা ছাত্র সন্থাৰ উদ্যোগত তথা জিলাখনৰ বিভিন্ন আঞ্চলিক সমিতিৰ সহযোগত আয়োজন কৰা জোঁৰ সমদল আৰম্ভ কৰাৰ পূর্বেই তেজপুৰ সাহিত্য সভা চৌহদ শতাধিক আৰক্ষী জোৱানে ঘেৰি ধৰে৷ আছুকর্মীসকল জোঁৰ লৈ সমদল কৰিবলৈ লওঁতেই আৰক্ষী আৰু আছুকর্মীসকলৰ মাজত সংঘাতৰ সৃষ্টি হয়৷ গণতান্ত্রিক দেশত গণতান্ত্রিক আন্দোলন কিয় কৰিব নোৱাৰিম বুলি আছুকর্মীসকলে প্রতিবাদ কৰাৰ পাছতে আৰক্ষীয়ে লাঠীচালনা কৰি আন্দোলনকাৰীসকলক ছত্রভংগ দিয়ে৷ আৰক্ষীৰ এই আক্রমণত আছুৰ কেন্দ্রীয় সাহিত্য সম্পাদিকা পৰিস্মিতা বৰা, জিলা সাধাৰণ সম্পাদক মনোজ দাস, জিলা সাংস্কৃতিক সম্পাদক নয়নমণি শইকীয়া, কেন্দ্রীয় কার্যনির্বাহক নয়ন গগৈ আদি কম–বেছি পৰিমাণে আহত হয়৷ আৰক্ষীৰ বর্বৰতাৰ বিৰুদ্ধে প্রতিবাদ জনাই কাইলৈ শোণিতপুৰত পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬বজালৈ ১২ ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছে জিলা ছাত্র সন্থাই৷ ইফালে, তেজপুৰত আন্দোলনকাৰীৰ ওপৰত অসম চৰকাৰে চলোৱা অত্যাচাৰক সদৌ অসম ছাত্র সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই তীব্র গৰিহণা দিছে৷ সদৌ অসম ছাত্র সন্থাৰ কর্মীৰ ওপৰত হোৱা বর্বৰ আক্রমণক কঠোৰ ভাষাৰে গৰিহণা দিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়েও৷
শিৱসাগৰত আছুৰ জোঁৰ সমদলকাৰীৰ সৈতে আৰক্ষীৰ হতাহতিঃ প্রধানমন্ত্রীৰ ভ্রমণৰ প্রাক্সন্ধিয়া উত্তপ্ত পৰিস্থিতি
নিয়মীয়া বার্তা, শিৱসাগৰ ঃ প্রধানমন্ত্রীৰ অসম ভ্রমণৰ প্রাক্সন্ধিয়া শিৱসাগৰত সৃষ্টি হ’ল ভয়ংকৰ পৰিস্থিতি৷ আছুৰ জোঁৰ সমদলকাৰীক আৰক্ষীয়ে বলপূর্বক বাধা দিয়াক লৈ সৃষ্টি হয় এই পৰিস্থিতি৷ দুই পক্ষৰ মাজত হতাহতিৰ পর্যায়লৈ যায়গৈ৷ নিশা শিৱসাগৰ চহৰৰ মাজমজিয়াত আছুৰ জোঁৰসমদলকাৰীৰ সৈতে আৰক্ষীৰ এই সংঘাতক লৈয়ে সমগ্র চহৰখনতেই সৃষ্টি হয় উত্তেজনা৷ সদৌ শিৱসাগৰ জিলা ছাত্র সন্থাৰ নেতৃত্বত সহস্রাধিক প্রতিবাদকাৰীয়ে চহৰৰ কার্যালয়ৰ পৰা বর্ডিং ৰোড হৈ মুক্তিনাথ দিশলৈ আগবঢাৰ সময়তেই আৰক্ষী আৰু চি আৰ পি বাহিনীৰ শতাধিক জোৱানে ৰাজপথত বেৰিকেড দি প্রতিবাদকাৰীসকলক্ বাধা দিয়ে৷ প্রতিবাদকাৰীসকলে হঠাৎ কেপিএম চাৰিআলিলৈ গৈ ৰাজপথত অৱস্থান কৰি অসম পুলিচ মুর্দাবাদ, অসম চৰকাৰ মুর্দাবাদ, বিজেপি মুর্দাবাদ আদি শ্লোগানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে৷ উক্ত স্থানৰ পৰাও আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে প্রতিবাদকাৰীসকলক্ খেদি পঠিয়াবলৈ চেষ্টা চলোৱাত দুয়োপক্ষৰ মাজত ব্যাপক তর্কযুদ্ধৰ সূচনা হয়৷ উল্লেখ্য যে আজিৰ প্রতিবাদী কার্যসূচীত সদৌ অসম ছাত্র সন্থাৰ কেন্দ্রীয় সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই অংশগ্রহণ কৰে৷ আৰক্ষীয়ে গণতান্ত্রিক প্রতিবাদী কার্যসূচীত বাধা দিয়াত তীব্র প্রতিক্রিয়া ব্যক্ত কৰি শংকৰজ্যোতিবৰুৱাই কয় যে নৰেন্দ্র মোদীয়ে ২০১৪ চনত অসমলৈ আহি বিজেপিয়ে ক্ষমতা দখল কৰিলে ১৬ মে’ৰ পাছত সকলো বিদেশীয়ে টালি–টোপোলা বান্ধি অসম এৰিব লাগিব বুলি ঘোষণা কৰিছিল৷ কিন্তু ক্ষমতা দখল কৰিয়েই নৰেন্দ্র মোদীয়ে বাংলাদেশীক সংস্থাপন দিয়াৰ বাবে আইন প্রণয়ন কৰিলে৷ ইয়াতকৈ আৰু ডাঙৰ প্রৱঞ্চনা একো নাই৷ আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে নৰেন্দ্র মোদীৰ আগমনক তীব্র বিৰোধিতা কৰি কাইলৈ সমগ্র অসমতে ধর্মঘট কার্যসূচী ৰূপায়ণ কৰিব বুলি ঘোষণা কৰে৷ প্রতিবাদী কার্যসূচীত আছুৰ কেন্দ্রীয় কার্যনির্বাহক সদস্য সমীৰণ ফুকন, দীপাংকৰ শইকীয়া, মানৱ হাজৰিকা, প্রাক্তন আছু নেতা শৰৎ হাজৰিকাকে ধৰি ভালেসংখ্যক নেতাই অংশগ্রহণ কৰে৷

You might also like