নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজস্থানৰ ‘সাৰদা’ক লৈ চিকিৎসকৰ কৌতূহল; পাঁচ মাহত ৩১বাৰ ক’ভিড প’জিটিভ

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ ৰাজস্থানৰ ভাৰতপুৰ জিলাৰ এগৰাকী মহিলা ৫ মাহত ৩১ বাৰকৈ ক’ভিড–১৯ প’জিটিভ হিচাপে চিহ্ণিত হোৱাৰ লগে লগে বিষয়টোক লৈ ব্যাপক চর্চা চলিছে৷ পাঁচ মাহ পূর্বে প্রথমবাৰলৈ ক’ৰোনা ভাইৰাছ মহামাৰীত আক্রান্ত হৈছিল মহিলাগৰাকী৷ ভাৰতপুৰৰ আৰ বি এম হাস্পতালত মহিলাগৰাকীক চিকিৎসা প্রদান কৰিছিল চিকিৎসকসকলে৷ কিন্তু মহিলাগৰাকীৰ স্বাস্থ্যৰ দ্রুত অৱনতি ঘটি আছে৷ অপনা ঘৰ আশ্রমৰ বাসিন্দা এই মহিলাগৰাকীক এতিয়া জয়পুৰৰ এছ এম এছ হাস্পতালত ভর্তি কৰোৱা হৈছে৷

অপনা ঘৰ আশ্রমৰ প্রতিষ্ঠাতা ড০ বি এম ভৰদ্বাজে উল্লেখ কৰা অনুসৰি সাৰদা নামৰ মহিলাগৰাকীক বেজেৰা গাঁৱৰ পৰা আশ্রমলৈ অনা হৈছিল৷ বিগত বর্ষৰ ২৮ আগষ্টত ক’ভিড পৰীক্ষা কৰা হৈছিল মহিলাগৰাকীৰ৷ এই পৰীক্ষাত মহিলাগৰাকী ক’ভিড–১৯ৰ দ্বাৰা আক্রান্ত হোৱাটো নিশ্চিত কৰা হয়৷ ইয়াৰ পিছতে আৰ বি এম হাস্পতাললৈ সাৰদাক প্রেৰণ কৰা হয়৷ কিন্তু মানসিক আৰু শাৰীৰিক অৱস্থালৈ লক্ষ্য কৰি মহিলাগৰাকীক চিকিৎসকে আশ্রমৰ কোৱাৰেণ্টাইন কেন্দ্রলৈ প্রেৰণ কৰে৷ তেতিয়াৰে পৰা মুঠ ৩১বাৰ সাৰদাৰ ক’ভিড পৰীক্ষা কৰা হৈছে আৰু প্রতিবাৰতেই তেওঁক ক’ভিড প’জিটিভ হিচাপে চিহ্ণিত কৰিছে চিকিৎসকে৷

You might also like