নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছেবাৰ অধ্যক্ষ সংসদৰ সচিবৰে বৈঠক আছুৰ

নিয়মীয়া বাৰ্তা ৮ জানুৱাৰীঃ ৰাজ্যৰ ছাত্র–ছাত্রীসকলৰ সুৰক্ষিত ভৱিষ্যতৰ স্বার্থত অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষৰ লগতে সকলো বিষয়া–কর্মচাৰীকে অতি সচেতনতাৰে কাম কৰিবলৈ আহ্বান জনাইছে সদৌ অসম ছাত্র সন্থাই৷ যাতে পৰিষদৰ যিকোনো বিষয়া–কর্মচাৰীৰ অকণমান ভুলৰ বাবে ৰাজ্যৰ এজনো শিক্ষার্থী বিপদত পৰিব লগা নহয়৷ আজি বামুণীমৈদামস্থিত ছেবাৰ কার্যালয়ত সদৌ অসম ছাত্র সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, উপ–সভাপতি প্রকাশ চন্দ্র দাস, সহঃ সাধাৰণ সম্পাদক ধর্মেশ্বৰ দাস, শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা আৰু ৰাজ্যিক কার্যনির্বাহক ৰাইফউদ্দিন আহমেদসহ এটা প্রতিনিধি দলে পৰিষদৰ অধ্যক্ষৰ সৈতে আলোচনাত মিলিত হয়৷ আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যাৱতীয় প্রস্তুতিৰ ক্ষেত্রত যাতে ছেবাই অকণো গাফিলতি নকৰে, তাৰ ওপৰত চোকা নজৰ ৰাখিবলৈ আছুই দাবী জনায়৷

ইফালে, ক’ভিড–১৯ৰ বাবে যোৱা আঠ মাহ শ্রেণীকোঠালৈ যাব নোৱাৰা হেতু ছাত্র–ছাত্রীসকলক পাঠ্যক্রমৰ ৭০ শতাংশ অন্তর্ভুক্তিৰ ক্ষেত্রত যাতে অলপো ইফাল–সিফাল নহয়, তাৰ ওপৰত নজৰ দিবলৈ পৰিষদক আছুৱে দাবী জনায়৷ ইফালে, আজিয়ে আছুৰ দলটোৱে অসম মাধ্যমিক শিক্ষা সংসদৰ সচিবৰ সৈতেও আলোচনাত মিলিত হয়৷ আলোচনা কালত পৰীক্ষা পদ্ধতি, প্রশ্ণকাকত আৰু পৰীক্ষা পৰিচালনাত যাতে বেমেজালি নহয়, সেই বিষয়টোত গুৰুত্ব দি ছাত্র–ছাত্রীৰ কেৰিয়াৰ গঢ়াৰ গুৰুত্বপূর্ণ বছৰটোত সংসদক অকণো ত্রুটি নাৰাখিবলৈ আহ্বান জনায়৷ ইফালে, আছুৱে অসমৰ জাতীয় জীৱনৰ অংগ বিহুক উচ্চতৰ মাধ্যমিকত ঐচ্ছিক বিষয় হিচাপে অন্তর্ভুক্ত কৰাত আদৰণি জনায়৷

You might also like