ভাৰতৰ ৫২টা সামৰিক উপগ্রহ
চুবুৰীয়া চিৰবৈৰী পাকিস্তানৰ লগতে প্রতিবেশী ৰাষ্ট্র চীনৰ আগ্রাসী নীতি ভাৰতৰ বাবে সদায়ে উদ্বিগ্ণতাৰ বিষয় হৈ আহিছে৷ চিৰবৈৰী ৰাষ্ট্র পাকিস্তানে ভাৰতক অশান্ত কৰাৰ বাবে সীমান্তৰ সিপাৰৰ পৰা সন্ত্রাসবাদী কার্যকলাপক উচটনি দি আহিছে৷ পাকিস্তানে সন্ত্রাসবাদক লৈ দুমুখীয়া নীতি গ্রহণ কৰি ভাৰতৰ নিষিদ্ধঘোষিত সন্ত্রাসবাদী সংগঠনক লালন–পালন কৰি আহিছে৷ এই সন্ত্রাসবাদী সংগঠনৰ দ্বাৰাই জম্মু–কাশ্মীৰত অশান্তি বিয়পাই থকাৰ সমান্তৰালকৈ দেশৰ বিভিন্ন প্রান্তত সন্ত্রাসবাদী নেটৱর্ক সম্প্রসাৰণত সহায় কৰি আহিছে৷ পাকিস্তানৰ সেনা আৰু চোৰাংচোৱা সংস্থা আইএছআয়ে ভাৰতবিৰোধী কার্যৰ বাবে সন্ত্রাসবাদী সংগঠনক সকলোপ্রকাৰে সহায় কৰি আহিছে৷ কার্যতঃ সন্ত্রাসবাদীৰ পৃষ্ঠপোষক ৰাষ্ট্র পাকিস্তান সদায়ে ভাৰতৰ বাবে উদ্বিগ্ণতাৰ কাৰণ হৈ আহিছে৷ ইয়াৰ বিপৰীতে প্রতিবেশী ৰাষ্ট্র চীনে বিবদমান সীমাৰ দোহাই দি ভাৰতৰ ভূমি বেদখলৰ আগ্রাসী নীতি গ্রহণ কৰি আহিছে৷ লাডাখৰ পৰা উত্তৰ–পূৰ্বাঞ্চলৰ অৰুণাচল প্রদেশলৈকে বিয়পি থকা চীনৰ সৈতে ভাৰতৰ সীমান্তত দশক দশক ধৰি একধৰণৰ উত্তেজনা চলি আহিছে৷ ভাৰতৰ ভূমি দখল কৰাৰ ব্লুপ্রিণ্ট ৰচনা কৰা চীনৰ সৈতে ভাৰতৰ প্রত্যক্ষ যুদ্ধ নহ’লেও বিভিন্ন সময়ত সেনাৰ সৈতে সংঘাত চলি আহিছে৷ দুয়োখন দেশৰ মাজত সামৰিক, কূটনৈতিক আলোচনাৰে বিবদমান সীমা সমস্যা সমাধানৰ পদক্ষেপ লোৱা হৈছে যদিও সেয়া এতিয়ালৈকে সু-মীমাংসাৰ ৰূপ লোৱা নাই৷ ভাৰতৰ বাবে দুই প্রতিবেশী ৰাষ্ট্র সদায়েই একধৰণৰ প্রত্যাহ্বান হৈ আহিছে৷ এই প্রত্যাহ্বানক মোকাবিলা কৰিবলৈ ভাৰতে বিভিন্ন ৰণনীতিৰ লগতে পদক্ষেপো গ্রহণ কৰিবলগীয়া হৈছে৷
পাকিস্তানৰ বিৰুদ্ধে অপাৰেচন সিন্দূৰৰ পাছত দুই প্রতিবেশী ৰাষ্ট্রৰ ওপৰত ভাৰতে কঠোৰ নজৰ ৰাখিছে৷ চীন আৰু পাকিস্তানৰ গতি–বিধিৰ ওপৰত প্রতি মুহূর্ততে নজৰ ৰাখিবলৈ ভাৰতে মহাকাশলৈ ৫২টা সামৰিক কৃত্রিম উপগ্রহ প্রেৰণ কৰিব৷ বিগত বর্ষৰ অক্টোবৰ মাহত সামৰিক বাহিনীৰ বাবে কৃত্রিম উপগ্রহ প্রকল্পত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অনুমোদন দিছিল যদিও অপাৰেচন সিন্দূৰৰ পাছত এই প্রকল্প ক্ষিপ্রতাৰে আগবঢ়াই নি আছে৷ প্রকল্পৰ আনুমানিক খৰচ ২৬,৯৬৮ কোটি টকা৷ তথ্য মতে, ২০২৬ বর্ষৰ এপ্রিল মাহত এই প্রকল্পৰ প্রথম উপগ্রহটো উৎক্ষেপণ কৰা হ’ব৷ ২০২৯ চনৰ মাজভাগলৈ ৫২টা সামৰিক উপগ্রহ পৃথিৱীৰ নিম্ন কক্ষপথত স্থাপন কৰিব৷ ৫২টা কৃত্রিম উপগ্রহৰ ভিতৰত ২১টা ইছৰ’ৱে নির্মাণ কৰিব৷ বাকী ৩১টা কৃত্রিম উপগ্রহ নির্মাণৰ দায়িত্ব দিছে তিনিটা বেচৰকাৰী সংস্থাক৷ সমগ্র প্রকল্পটো সম্পূর্ণ কৰিবলৈ দায়িত্ব দিয়া হৈছে প্রতিৰক্ষা মহাকাশ সংস্থা, চমুকৈ ডিএছএক৷ অত্যাধুনিক এই ৫২টা কৃত্রিম উপগ্রহ পৃথিৱীৰ নিম্ন কক্ষপথত স্থাপন কৰাৰ পাছত চীন আৰু পাকিস্তানৰ লগতে ইয়াৰ সমীপৱর্তী ভাৰত মহাসাগৰৰ এটা অংশতো নজৰ দিব পাৰিব ভাৰতে৷ অতি কম সময়ৰ ভিতৰতে এটা নির্দিষ্ট স্থানৰ একাধিক আলোকচিত্র এই উপগ্রহবোৰে পঠিয়াব৷ পূর্বৰ সকলো উপগ্রহতকৈ নতুনকৈ স্থাপন কৰিবলগীয়া কৃত্রিম উপগ্রহৰ আলোকচিত্র উন্নত মানৰ হ’ব৷ সামৰিক অভিযানৰ ক্ষেত্রত এই অত্যাধুনিক প্রযুক্তিৰে নির্মিত উপগ্রহই সামৰিক বাহিনীক অধিক সহায় কৰিব৷ উল্লেখ্য যে যোৱা ৭ মে’ৰ পৰা ১০ মে’লৈকে পাকিস্তানৰ বিৰুদ্ধে অপাৰেচন সিন্দূৰৰ সময়ত পাকিস্তানী সেনাৰ গতিবিধি পর্যবেক্ষণৰ বাবে ভাৰতে দেশীয় উপগ্রহ আৰু বিদেশী বাণিজ্যিক উপগ্রহ ব্যৱহাৰ কৰিছিল৷ এই উপগ্রহ নির্দিষ্ট সময় মতে পৃথিৱীৰ নিম্ন কক্ষপথত স্থাপন কৰিব পাৰিলে ভাৰতৰ বাবে অতি সুবিধাজনক হৈ উঠিব৷ দুই প্রতিবেশী ৰাষ্ট্রক প্রত্যাহ্বান জনাবলৈ সক্ষম হোৱাই নহয় দেশ দুখনৰ বাবে প্রত্যাহ্বান হ’ব৷