নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অধৈর্য আছুৱে দুবছৰৰ কামটো চাৰি মাহতে সম্পন্ন হোৱাটো বিচাৰিছে

নিয়মীয়া বাৰ্তা ১৪ আগষ্টঃ অসম চুক্তিৰ ৬নং দফা কার্যকৰীকৰণ সমিতিয়ে প্রস্তুত কৰা প্রতিবেদন কালি আছুৱে ৰাজহুৱা কৰাৰ পাছত সৃষ্টি হোৱা প্রতিক্রিয়া অব্যাহত আছে৷ অসম চুক্তিৰ ৬নং দফা সন্দর্ভত কালি বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই স্থিতি স্পষ্ট কৰি খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে চৰকাৰ প্রতিশ্রুতিবদ্ধ বুলি মন্তব্য কৰিছিল৷ বৃহস্পতিবাৰে পুনৰ বিষয়টো সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি কয়– ১২জন মানুহে অসমীয়াৰ সংজ্ঞা নির্ধাৰণ কৰিব নোৱাৰে৷ অসম বিধানসভাত অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰিব লাগিব৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আয়োজিত এক অনুষ্ঠানত অংশগ্রহণ কৰি এই প্রতিক্রিয়া প্রকাশ কৰাৰ লগতে পুনৰ আছুৰ সমালোচনাত সৰৱ হৈ পৰে মন্ত্রীগৰাকীয়ে৷ তেওঁ কয় – আছুৱে কি উদ্দেশ্যৰে প্রতিবেদনখন ৰাজহুৱা কৰিলে সেয়া ৰহস্য৷ তেওঁলোকৰ উদ্দেশ্য নতুন ৰাজনৈতিক দলটোৰে জড়িত হ’ব পাৰে অথবা এই উদ্দেশ্য বহুত সৰলো হ’ব পাৰে৷ কিন্তু প্রতিবেদনখন ৪ মাহত প্রকাশ কৰি আছুৱে ৰাইজক বিপথে নিব বিচাৰিছে৷ প্রতিবেদন সন্দর্ভত কেন্দ্র–ৰাজ্য চৰকাৰৰ সদিচ্ছা নাই বুলি টুলুঙা কথা কৈ তেওঁলোকে বিষয়টোৰ পৰা আঁতৰি যাব বিচাৰিছে৷ ইয়াৰ দ্বাৰা আছুৱে অধৈর্যতাৰ পৰিচয় দিছে৷ দুবছৰৰ কামটো আছুৱে চাৰি মাহত হোৱাটো বিচাৰিছে৷ গতিকে সকলো বিষয় ৰাইজে বিচাৰ কৰিব৷

You might also like