নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত ক’ৰোনাৰ গণ টিকাকৰণঃ সফল হ’ল বিজ্ঞানী চৰকাৰ সফল হ’বনে?

ক’ভিড–১৯ৰ বিৰুদ্ধে বছৰজোৰা সংগ্রামত অৱশেষত বিজ্ঞানে বিশ্ববাসীৰ বাবে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে৷ ভেকচিন আৱিষ্কাৰৰ পিছত এতিয়া প্রতিখন দেশৰ চৰকাৰৰ বাবে গণ টিকাকৰণ অভিযান সফল কৰি তোলাৰ দায়িত্ব আহি পৰিছে৷ আমেৰিকা–ব্রিটেইন–চীন্ আদি দেশত ইতিমধ্যে তৎপৰতাৰে ক’ৰোনা ভাইৰাছৰ ভেকচিন প্রদানৰ প্রক্রিয়া আৰম্ভ কৰা হৈছে৷ ভাৰততো চলিত মাহৰ মাজভাগতেই গণ টিকাকৰণ আৰম্ভ কৰাৰ প্রস্তুতি এতিয়া অব্যাহত আছে৷ কেন্দ্রীয় চৰকাৰে অকপটে স্বীকাৰ কৰিছে যে ক’ৰোনাৰ ভেকচিন প্রদানৰ এই অভিযান হ’ব এক ডাঙৰ প্রত্যাহ্বান৷ উৎপাদনস্থলীৰ পৰা জনতাৰ মাজলৈ ভেকচিনৰ ড’জ সৰবৰাহ কৰাৰ জটিল প্রক্রিয়াটো চৰকাৰে কিমান নিখুঁত আৰু সু–পৰিকল্পিতভাৱে সম্পন্ন কৰিব পাৰে, তাৰ ওপৰতেই নির্ভৰ কৰিছে ইয়াৰ সফলতা৷ ভাৰতত ইতিমধ্যে ১২৫খন জিলাত সম্পন্ন কৰা হৈছে ভেকচিন প্রদান প্রক্রিয়াৰ আখৰা বা ড্রাই ৰান৷ এনে এক ৰিহার্ছেলৰ প্রয়োজনীয়তা আহি পৰিছে এইবাবেই যে একেলগে বিশালসংখ্যক ভেকচিনৰ ড’জ শীতলীকৰণ ভাণ্ডাৰত মজুত কৰিব লাগিব আৰু শীতলীকৰণ ভাণ্ডাৰৰ পৰা ভেকচিন প্রদান কেন্দ্রলৈ সৰবৰাহৰ সময়তো ক’ল্ড চেইনৰ প্রয়োজন হ’ব৷ প্রকাশিত তথ্য মতে শীতলীকৰণ ভাণ্ডাৰত –৭০ ডিগ্রী ছেণ্টিগ্রেডত ছমাহলৈ ভেকচিনৰ ড’জ সংৰক্ষণ কৰিব পাৰি৷ কিন্তু শীতলীকৰণ ভাণ্ডাৰৰ পৰা ড্রাই আইচ পেকত বিভিন্ন কেন্দ্রলৈ নিয়াৰ বাবে হাতত সময় থাকিব মাত্র ১০ দিন৷ ভেকচিন প্রদান কেন্দ্রত মাত্র ৫ দিনৰ বাবেহে ২ ডিগ্রী ছেলচিয়াছ আৰু ৮ ডিগ্রী ছেলচিয়াছৰ ভিতৰত ফ্রিজত এই ড’জসমূহ মজুত ৰাখিব পৰা যাব৷ অন্যতম ভেকচিন প্রস্তুতকাৰক ফাইজাৰৰ এই তথ্যৰ পৰাই অনুমান কৰিব পাৰি এই বৃহৎ অভিযান কিমান সু–পৰিকল্পিত আৰু নিখুঁত হ’ব লাগিব৷ ভাৰতত এই অভিযান কিমান সফল হয়, সেয়া ভেকচিন প্রদান অভিযানৰ আৰম্ভণিৰ দিনকেইটাতে স্পষ্ট হ’ব৷ চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে প্রকাশ কৰা মতে সমগ্র দেশতে ২৯,০০০ৰো অধিক ক’ল্ড ষ্টৰেজৰ ব্যৱস্থা কৰা হৈছে৷ কেন্দ্রীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে জনোৱা মতে প্রতিখন ৰাজ্যতে স্থাপন হোৱা ক’ল্ড ষ্টৰেজত পর্যাপ্ত পৰিমাণৰ ভেকচিনৰ ড’জ সঠিক তাপমাত্রাত ৰখাৰ সুবিধা আছে৷ ইয়াৰ উপৰি সাজু কৰা হৈছে ২৪০টা ৱাক ইন কুলাৰ, ৭০টা ৱাক ইন ফ্রিজাৰ, ৪৫ হাজাৰ আইচলাইনড ৰেফ্রিজাৰেটৰ, ৪১ হাজাৰ ডীপ ফ্রিজাৰ আৰু ৩০০টা ছ’লাৰ ৰেফ্রিজাৰেটৰ৷ নিশ্চিতভাৱে এয়া এক বিশাল আয়োজন৷ ফিৎছ ছলিউচনছ কাণ্ড্রী ৰিস্ক এণ্ড ইণ্ডাষ্ট্রী ৰিছার্চ শীর্ষক সংস্থাটোৰ মতে এয়া হ’ব বিশ্বৰ ভিতৰতে সর্ববৃহৎ গণ টিকাকৰণ অভিযান৷ ৰাষ্ট্রনেতা–বিজ্ঞানী আৰু বিল গেইটছৰ দৰে আগশাৰীৰ ব্যক্তিসকলে ভাৰতক লৈ উৎসাহ প্রকাশ কৰাৰ মূল কাৰণটো হ’ল– ভেকচিন উৎপাদনৰ ক্ষেত্রত বিশ্বৰ ভিতৰতে ভাৰত আগবঢ়া৷ তদুপৰি শিশুৰ টিকাকৰণৰ কেইবাটাও আঁচনি ভাৰতত সফল হৈছে আৰু ইয়াৰ জৰিয়তে স্বাস্থ্যকর্মীসকলে প্রচুৰ অভিজ্ঞতা অর্জন কৰিছে৷ ‘ক’ভিডৰ বিভীষিকাৰ সমাপ্তি ঘটোৱাৰ যুদ্ধ অব্যাহত থকাৰ সময়ত বৈজ্ঞানিক উদ্ভাৱন আৰু ভেকচিন উৎপাদনৰ ক্ষেত্রত ভাৰতে লোৱা নেতৃত্ব প্রশংসনীয়৷’ –ছেৰাম ইণ্ডিয়া ইনষ্টিটিউটৰ ক’ভিশ্বিল্ড আৰু ভাৰত বায়’টেকৰ ক’ভাক্সিন নামৰ ভেকচিন দুটাক কর্তৃপক্ষই অনুমোদন প্রদান কৰাৰ পিছতে এই মন্তব্য কৰে গেইটছে৷ আনহাতে, বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালকপ্রধান টেড্রছ ঘেব্রেয়েছাছে কয– ‘ক’ভিড–১৯ মহামাৰীৰ যৱনিকা পেলোৱাৰ ক্ষেত্রত ভাৰতে নিজৰ সংকল্প প্রদর্শন কৰাৰ লগতে নির্ণায়ক সিদ্ধান্ত গ্রহণৰ দক্ষতাও প্রদর্শন কৰিছে৷’ বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে সহযোগিতাৰে ভাৰতে সংমগ্র বিশ্বৰ পৰা ক’ভিড ভাইৰাছ নির্মূলত আগভাগ ল’ব বুলি তেওঁ আশা প্রকাশ কৰে৷ উল্লেখ্য যে নিজৰ প্রয়োজনীয়তা পূৰণ নোহোৱা পর্যন্ত ভাৰতে ক’ৰোনাৰ ভেকচিন ৰপ্তানিত নিষেধাজ্ঞা আৰোপ কৰিব বুলি প্রকাশিত বাতৰি অস্বীকাৰ কৰিছে স্বাস্থ্য সচিব ভূষণে৷ ছেৰাম ইণ্ডিয়াকে ধৰি আন ভাৰতীয় ঔষধ প্রস্তুতকাৰকে ৰপ্তানি কৰিব পৰাকৈ শীঘ্রেই পর্যাপ্ত ক’ৰোনা ভেকচিনৰ ড’জ প্রস্তুত কৰিব পাৰিব বুলি তেওঁ কয়৷
উন্নত আন্তঃগাঁথনিৰে সাজু ছেৰাম ইণ্ডিয়া
যোৱা ৩ জানুৱাৰীত ড্রাগ কণ্ড্র’লাৰ জেনেৰেল অৱ ইণ্ডিয়াই (ডিচিজিআই) সেউজ সংকেত দিয়াৰ পূর্বেই পুনে ছেৰাম ইণ্ডিয়া ইনষ্টিটিউট ৮০ নিযুত ড’জ ক’ৰোনা ভেকচিন মজুত কৰিবলৈ সক্ষম হৈছে৷ অগ্রণী ভেকচিন প্রস্তুতকাৰক প্রতিষ্ঠানটোৰ মুখ্য কার্যবাহী বিষয়া আডৰ পুনাৱালাই কয়– ‘এটা ডাঙৰ ৰিস্ক লৈ ৮০ নিযুত ভেকচিনৰ ড’জ আগতীয়াকৈ মজুত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল৷ আমি ইয়াৰ সুফল পালোঁ৷ শীঘ্রেই আমি প্রতিমাহে অধিক হাৰত ভেকচিনৰ যোগানৰ বাবে আন্তঃগাঁথনি উন্নত কৰিছোঁ৷’ নিশ্চিতভাৱে এয়া উৎসাহজনক বার্তা, স্মর্তব্য যে, অক্সফ’ড ইউনিভাৰছিটী আৰু এষ্ট্রাজেনেকাৰ গৱেষণাই ইতিবাচক অগ্রগতি লাভ কৰাৰ পিছতে যোৱা বছৰ ছেৰাম ইণ্ডিয়াই ভাৰতত তেওঁলোকৰ ভেকচিন এ জেড ডি–১২২২ৰ পৰীক্ষাৰ বাবে চুক্তি কৰিছিল৷ বিশ্বৰ অগ্রণী ভেকচিন প্রস্তুতকাৰক প্রতিষ্ঠানটোক এ জেড ডি ১২২২ প্রস্তুত কৰাৰো স্বত্ব প্রদান কৰা হয় আৰু ইয়াৰ ভাৰতীয় সংস্কৰণৰ নামকৰণ কৰা হয় ক’ভিশ্বিল্ড হিচাপে৷ অক্সফ’ড–এষ্ট্রাজেনেকাৰ এই ভেকচিন প্রস্তুত কৰা হৈছে চিম্পাজীৰ সাধাৰণ পানী লগা জ্বৰৰ এটা দুর্বল ভাইৰাছ সংস্কৰণৰ পৰা৷ ডি চি জি আয়ে ইয়াৰ কার্যকাৰিতা ৭০.৪২ শতাংশ বুলি নিশ্চিত কৰাৰ লগতে এই ভেকচিন ১১০ শতাংশ নিৰাপদ বুলি ঘোৰণা কৰিছে৷ লক্ষণীয় যে মডার্না আৰু ফাইজাৰৰ ভেকচিনৰ কার্যকাৰিতা ৯০ শতাংশৰ ওপৰত বুলি আমেৰিকা আৰু ব্রিটেইনৰ ড্রাগছ নিয়ন্ত্রকে ঘোষণা কৰিছে যদিও ক’ভিশ্বিল্ডৰ ক্ষেত্রত এটা প্রধান সুবিধা হ’ল– ইয়াক ২ ডিগ্রী আৰু ৮ ডিগ্রী চেণ্টিগ্রেডৰ ভিতৰত দীর্ঘদিনৰ বাবে নিৰাপদে মজুত কৰিব পাৰি, যিটো ফাইজাৰ আৰু আন প্রতিষ্ঠানৰ ভেকচিনৰ ক্ষেত্রত সম্ভৱ নহয়৷ পৰৱর্তী সময়ত ভাৰতে ৰাছিয়াৰ স্পুটনিক–ভিৰ লগতে মডার্না, ফাইজাৰ, কেডিলা, ন’ভাভেক্স আদিৰো ভেকচিন আমদানি কৰাৰ সম্ভাৱনা আছে যদিও প্রথম পর্যায়ত ভাৰতত ক’ভিশ্বিল্ড প্রদান কৰাৰ সম্ভাৱনাই বেছি৷ ইতিমধ্যে যোৱা ৩০ ডিচেম্বৰত ব্রিটেইনৰ ড্রাগছ নিয়ন্ত্রকে এই ভেকচিনক অনুমোদন প্রদান কৰিছে আৰু ইয়াৰ প্রয়োগ আৰম্ভ কৰা হৈছে৷ ইয়াৰ বিপৰীতে ভাৰত বায়’টেকৰ ক’ভাক্সিনৰ সদ্যহতে জৰুৰীকালীন পৰিস্থিতিৰ বাবে মজুত ৰখাৰ পৰামর্শ দিছে ডি চি জি আয়ে৷ ইয়াৰ কাৰণ হ’ল– ক’ভাক্সিনৰ তৃতীয় পর্যায়ৰ পৰীক্ষা এতিয়াও সম্পূর্ণ হোৱা নাই আৰু ইয়াৰ কার্যকাৰিতা সন্দর্ভত কোনো ধৰণৰ তথ্য আহৰণ কৰাটো এই পর্যন্ত সম্ভৱ হোৱা নাই৷
জুলাই–আগষ্টৰ ভিতৰত
৩ কোটি ভাৰতীয়ক ভেকচিন
ইতিমধ্যে স্পষ্ট কৰা হৈছে যে ভাৰতত প্রথম পর্যায়ত স্বাস্থ্যকর্মীকে ধৰি ৩ কোটি ক’ভিড যোদ্ধাক গণ টিকাকৰণ অভিযানত সামৰি লোৱা হ’ব৷ ইতিমধ্যে প্রায় ১ কোটি স্বাস্থ্যকর্মী আৰু ২ কোটি ফ্রণ্টলাইন ক’ভিড যোদ্ধাৰ তথ্য সংগ্রহৰ প্রক্রিয়া আৰম্ভ কৰা হৈছে৷ ক’ল্ড চেইনৰ উপৰি এই বৃহৎ অভিযানত অন্যান্য সা–সুবিধাৰ প্রয়োজন হ’ব৷ স্বাস্থ্যকর্মী আৰু এই অভিযানত জড়িত আন স্বেচ্ছাসেৱকে নিঃস্বার্থভাৱে সেৱা আগবঢ়াবলৈ আগবাঢ়ি আহিছে৷ সেয়ে জুলাই–আগষ্টৰ ভিতৰত প্রথম পর্যায়ৰ ভেকচিন প্রদান প্রক্রিয়া সম্পূর্ণ কৰাটো সম্ভৱ হ’ব বুলি আশা কৰা হৈছে৷ ভাৰতৰ সর্ববৃহৎ ছীৰিঞ্জ উৎপাদক হিন্দুস্তান ছীৰিঞ্জেছ এণ্ড মেডিকেল ডিভাইচেছৰ পৰিচালন সঞ্চালক ৰাজীৱ নাথে কয় যে দেশৰ ১৩০ কোটি নাগৰিকৰ ৬০–৭০ শতাংশ লোকক যদি চলিত বর্ষত টিকাকৰণৰ লক্ষ্য স্থিৰ কৰা হয়, তেন্তে ১.৮ বিলিয়ন বিভিন্ন প্রকাৰৰ ছীৰিঞ্জৰ প্রয়োজন হ’ব৷ হিন্দুস্তান ছীৰিঞ্জেছে বছৰি অকলে ৭০০ নিযুত ছীৰিঞ্জ প্রস্তুত কৰিব পাৰে৷ ইতিমধ্যে দেশৰ বিভিন্ন ছীৰিঞ্জ প্রস্তুতকাৰক প্রতিষ্ঠানৰে চৰকাৰে আলোচনা অব্যাহত ৰাখিছে৷ ইপিনে, পৰৱর্তী সময়ত যদি অন্য প্রতিষ্ঠানৰ ভেকচিন আমদানি কৰা হয়, তেন্তে ক’ল্ড চেইনৰ সুবিধাতো সংশোধন–সংবর্ধন ঘটাবলগীয়া হ’ব পাৰে৷
কিমান হ’ব ভেকচিনৰ মূল্য?
প্রথম পর্যায়ৰ দৰে পৰৱর্তী পর্যায়সমূহতো ভেকচিন বিনামূলীয়াকৈ প্রদান কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে৷ একাংশ সূত্রই প্রকাশ কৰা অনুসৰি ছেৰাম ইণ্ডিয়াৰ সৈতে মূল্য নির্ধাৰণৰ প্রক্রিয়া চূড়ান্ত নোহোৱাৰ ফলতে ভাৰতত গণ টিকাকৰণ অভিযান বিলম্বিত হৈছে৷ অৱশ্যে পুনাৱালাই দেওবাৰে নিশ্চিত কৰে যে স্বাস্থ্য বিভাগে প্রতি ড’জত ২০০ টকা মূল্যত ১০০ নিযুত ড’জ ক’ভিশ্বিল্ড ভেকচিন ক্রয় কৰাৰ মৌখিক প্রস্তাৱ দিছে৷ প্রথম পর্যায়ত যিহেতু অতি কমেও ৬০০ নিযুত ড’জৰ প্রয়োজন হ’ব, সেয়ে চৰকাৰে যে ছেৰাম ইণ্ডিয়াক মূল্য হ্রাস কৰিবলৈ অধিক হেঁচা দিব, সেই কথা সহজে অনুমান কৰিব পাৰি৷ তদুপৰি অন্যান্য প্রতিষ্ঠানৰ সৈতেও ভেকচিন যোগানৰ বাবে চৰকাৰে যোগাযোগ অব্যাহত ৰাখিছে৷ সূত্রসমূহৰ মতে ক’ভাক্সিনৰ দাম ক’ভিশ্বিল্ডৰ তুলনাত যথেষ্ট কম হ’ব৷ সেয়ে ক’ভাক্সিনৰ পৰীক্ষণ প্রক্রিয়া সম্পূর্ণ হোৱালৈ চৰকাৰে অপেক্ষা কৰিব৷ প্রথম পর্যায়ত প্রয়োজন হোৱা ৬০০ নিযুত ড’জ ভেকচিন যদি চৰকাৰে ছেৰাম ইণ্ডিয়াৰ পৰা ক্রয় কৰে, তেন্তে কেৱল ভেকচিনৰ নামতেই ১২০০ কোটি টকা খৰচ হ’ব৷ সেয়ে সদ্যহতে ১০০ নিযুত ড’জহে ছেৰাম ইণ্ডিয়াৰ পৰা চৰকাৰে ক্রয় কৰিব আৰু পৰিস্থিতি অনুযায়ী পৰৱর্তী সময়ত সিদ্ধান্ত ল’ব৷ গণ টিকাকৰণত চৰকাৰে কিমান বিশাল পৰিমাণৰ ধন ব্যয় কৰিব লাগিব সেয়া সহজে অনুমেয়৷ অৱশ্যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে পুঁজিক লৈ চিন্তিত হোৱাৰ কাৰণ নাই বুলি সকলোকে আশ্বাস দিছে৷ ইপিনে, বেচৰকাৰীভাৱেও বৃহৎসংখ্যক লোকে ভেকচিন লোৱাৰ সুবিধা পৰৱর্তী সময়ত লাভ কৰিব৷ তেওঁলোকৰ ক্ষেত্রত ক’ভিশ্বিল্ডৰ দুটা ড’জ বজাৰ মূল্যত ক্রয় কৰিবলৈ প্রায় ২০০০ টকাৰ প্রয়োজন হ’ব৷ লক্ষণীয় যে ব্রিটেইন, চীন, আমেৰিকা আদি দেশে ভেকচিনৰ মূল্যক লৈ বিবাদ দীঘলীয়া কৰাৰ পৰিৱর্তে যথাসম্ভৱ শীঘ্রে গণ টিকাকৰণ অভিযান আৰম্ভ কৰাত গুৰুত্ব দিছে৷ কিন্তু ১৩০ কোটি জনসংখ্যাৰ দেশ ভাৰতত দৰিদ্রতাৰ উচ্চ হাৰৰ বাবে কেন্দ্রীয় চৰকাৰে যথাসম্ভৱ কম মূল্যত ভেকচিন ক্রয়ৰ চেষ্টা চলাইছে৷ সেয়া হ’লেও মূল্যক লৈ গোটেই প্রক্রিয়াটো দীঘলীয়া কৰিলে হিতে বিপৰীত হোৱাৰ আশংকা নুই কৰিব নোৱাৰি৷ কিয়নো, আমেৰিকাৰ পিছতে ভাৰত হ’ল ক’ভিড–১৯ৰ দ্বাৰা ক্ষতিগ্রস্ত দ্বিতীয়খন দেশ৷ লক্ষণীয় যে ছেৰাম ইণ্ডিয়াই ডিচেম্বৰৰ ভিতৰত ১০০ নিযুত ড’জ ক’ভিশ্বিল্ড মজুত কৰাৰ লক্ষ্য লৈছিল৷ কিন্তু ভেকচিনৰ মূল্যক লৈ আলোচনা দীঘলীয়া হোৱাৰ পৰিপ্রেক্ষিতত তেওঁলোকে উৎপাদন বন্ধ কৰি দিয়ে৷ লক্ষণীয় যে অক্সফ’ড–এষ্ট্রাজেনেকাৰ সৈতে হোৱা চুক্তি মতে আনৰ পুনাৱালাৰ প্রতিষ্ঠানটোৱে অতি কমেও ১ বিলিয়ন ড’জ ক’ভিশ্বিল্ড প্রস্তুত কৰিব পাৰিব৷ ভাৰত চৰকাৰে যদি ক’ভিশ্বিল্ডৰ সলনি কম দামত অন্য ভেকচিন ক্রয় কৰাৰ সিদ্ধান্ত লয়, তেন্তে ছেৰাম ইণ্ডিয়াই ৰপ্তানিৰ বাবে চৰকাৰৰ অনুমতি বিচৰাটো নিশ্চিত৷ কোনো সন্দেহ নাই যে ভেকচিন প্রস্তুতকাৰক প্রতিষ্ঠানসমূহে অনাগত দিনত নিজৰ নিজৰ ভেকচিনক লৈ লবী তীব্রতৰ কৰি তুলিব৷ দেওবাৰে এক সাক্ষাৎকাৰত আনৰ পুনাৱালাই কৰা এটা মন্তব্যৰ পৰাই এই কথা স্পষ্ট হৈছে৷ তেওঁ কয়– ‘ভাৰতৰ প্রথমটো ক’ভিড–১৯ ভেকচিন হ’ল ক’ভিশ্বিল্ড সম্পূর্ণ নিৰাপদ, কার্যকৰী আৰু নির্ভৰযোগ্য৷ আন কেইটামান ভেকচিনো নিৰাপদ বুলি কোৱা হৈছে৷ কিন্তু সেইবোৰ পানীৰ নিচিনাকৈহে নিৰাপদ৷ কাৰণ সেইবোৰৰ কার্যকাৰিতাৰ কোনো তথ্য নাই৷
সমদ্র দেশত যুদ্ধকালীন প্রস্তুতি
ভাৰতৰ সফল নির্বাচনী প্রক্রিয়া ক’ভিড–১৯ৰ গণ টিকাকৰণ অভিযানত অৱলম্বন কৰা হ’ব৷ চৰকাৰে এই কথা নিশ্চিত কৰিছে৷ ভোটাৰ তালিকাৰ জৰিয়তে টিকাকৰণ কৰিবলগীয়া ব্যক্তিৰ বয়স আৰু আন তথ্য সংগ্রহ কৰা হ’ব৷ ভোট কেন্দ্রৰ দৰেই জিলা প্রশাসনে ভেকচিন প্রদান কেন্দ্রৰ স্থান চিনাক্ত কৰিব৷ প্রতিটো কেন্দ্রত নিয়োজিত হ’ব ৫জনকৈ ভেকচিন বিষয়া আৰু তেওঁলোকে ভেকচিন ল’বলগীয়া ব্যক্তিৰ পৰিচয় নিশ্চিত কৰাৰ লগতে ভেকচিন লোৱা প্রতিজন ব্যক্তিক নিৰীক্ষণত ৰাখিব৷ আৰম্ভণিতে প্রতিটো কেন্দ্রত কমেও ১০০জন ব্যক্তিক ভেকচিন প্রদানৰ লক্ষ্য লোৱা হৈছে৷ পর্যায়ক্রমে এই সংখ্যা ২০০জনলৈ বৃদ্ধি কৰা হ’ব৷ দেশৰ ৭০০ৰো অধিক জিলাৰ প্রশাসনে ভেকচিন কেন্দ্রসমূহৰ স্থান চিনাক্ত কৰি সকলো সা–সুবিধা উপলব্ধ কৰিব৷ উল্লেখ্য যে যিহেতু ৪ সপ্তাহ বা ৬ সপ্তাহৰ অন্তৰত দ্বিতীয়টো ড’জ লোৱা প্রয়োজন হয়, সেয়ে দুবাৰকৈ ভেকচিন কেন্দ্র স্থাপন কৰাটো জৰুৰী হ’ব৷ চৰকাৰী তথ্য মতে, এই পর্যন্ত সমগ্র দেশত প্রায় ১.১৫ লাখ স্বাস্থ্যকর্মীক প্রশিক্ষণ দিয়া হৈছে৷ প্রথম পর্যায়ত স্বাস্থ্যকর্মী আৰু ফ্রণ্টলাইন ক’ভিড যোদ্ধাক ভেকচিন প্রদানৰ পিছত ৫০ বছৰৰ ঊর্ধ্বৰ ব্যক্তিক দুটা বয়স গ্রুপত ভাগ কৰি এই অভিযানত সামৰি লোৱা হ’ব৷ ঘাতক ৰোগত আক্রান্তসকলক এই পর্যায়ত অগ্রাধিকাৰ দিয়া হ’ব৷ আনহাতে, ৫০ৰ পৰা ৬০ বছৰ আৰু ৬০ৰ ঊর্ধ্বৰ এই দুটা গ্রুপত ভেকচিন গ্রহণকাৰীক ভাগ কৰা হ’ব৷ লক্ষণীয় যে ক’ভিড ভেকচিন ইণ্টেলিজেন্স নেটৱর্ক (ক’–ৱিন) শীর্ষক এপৰ জৰিয়তে পঞ্জীয়ন কৰাসকলেহে ভেকচিন গ্রহণৰ সুবিধা পাব৷ পৰৱর্তী সময়ত তেওঁলোকক ভেকচিন প্রদান কেন্দ্রৰ স্থান, সময় আদি এছ এম এছযোগে জনোৱা হ’ব৷ ইতিমধ্যে ক’–ৱিনত ৭৫ লাখ স্বাস্থ্যকর্মীৰ তথ্য আপলোড কৰাও হৈছে৷ অৱশ্যে আন নাগৰিকৰ বাবে ক’–ৱিন শীর্ষক এই ডিজিটেল মঞ্চ এতিয়াও মুকলি কৰা হোৱা নাই৷

You might also like