ৰাজ্য তথা দেশ কপোৱা অভি-নীল হত্যাকাণ্ডৰ আজি চূড়ান্ত শুনানি সম্পন্ন হয়। বিগত ৫ ফেব্ৰুৱাৰীৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ এই গোচৰৰ গুচৰীয়া পক্ষৰ তিনিদিনীয়া যুক্তি তৰ্কৰ পিছত আজি নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত পুনৰ চূড়ান্ত শুনানি অনুষ্ঠিত হয়।
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা বিজন মহাজনে আজি আদালতত গুচৰীয়া পক্ষৰ হৈ সবল যুক্তি প্ৰদৰ্শন কৰে। গুচৰীয়া পক্ষৰ হৈ যুক্তি প্ৰদৰ্শন কৰাৰ পিছত সংবাদ মাধ্যমৰ আগত জেষ্ঠ অধিবক্তাগৰাকীয়ে কয় যে এই হত্যাকাণ্ডৰ গোচৰ পৰিসমাপ্তিৰ দিশে ধাৱমান হৈছে।
গোচৰটোৰ ৰায়দানৰ ক্ষেত্ৰত হোৱা পলমৰ বিষয়ে সোধা প্ৰশ্নৰ উত্তৰত জেষ্ঠ অধিবক্তাগৰাকীয়ে কয় যে মধ্যম পন্থা লোৱা ভাল। শীঘ্ৰে এই গোচৰৰ ৰায়দান হোৱাৰ সম্ভাৱনা আছে বুলি তেওঁ মন্তব্য কৰে।
উল্লেখ যে এই জঘন্য ঘটনাৰ ৪৫জন অভিযুক্তৰ ভিতৰত ১২জন আছিল চাক্ষুষ সাক্ষী। ইয়াৰে পাঁচজনে ঘটনাৰ সত্যতা স্বীকাৰ কৰাৰ বিপৰীতে অন্য সাতজনে সত্যতা স্বীকাৰ নকৰি গোচৰ প্ৰক্ৰিয়া লেহেমীয়া কৰি তুলিছিল। যাৰ পৰিপ্ৰেক্ষিতত আদালতে ক্ৰছ একজামিনেশ্বনৰ নিৰ্দেশো প্ৰদান কৰিছিল।
আদালতে এই গোচৰৰ পুনৰ শুনানিৰ দিন ২৬- ২৭ ফেব্ৰুৱাৰীত ধাৰ্য কৰিছে। বাদী পক্ষৰ চৰকাৰী অধিবক্তা জিয়াউৰ কামাৰে আদালতত যুক্তি প্ৰদৰ্শন কৰে। পুনৰ দুদিনীয়াকৈ হব লগা যুক্তিতৰ্কৰ অন্তত আদালতে বহু প্ৰতিক্ষীত অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায় ঘোষণা কৰাৰ পুৰ্ণ সম্ভাৱনা আছে।
উল্লেখ যে সভ্য সমাজক লজ্জানত কৰি আৰু দেশৰ প্ৰচলিত আইন ব্যৱস্থাক উপহাস কৰি বিগত ২০১৮ চনৰ আঠ জুনত কাৰ্বি আংলং জিলাৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত পানজুৰি গাঁৱত এদল উন্মত্ত লোকে মৰিয়াই মৰিয়াই অতি নৃশংসভাবে হত্যা কৰিছিল গুৱাহাটীৰ দুই প্ৰকৃতিপ্ৰেমী যুৱক নীলোৎপল দাস আৰু অভিজিত নাথক।
অসংখ্য লোকৰ চকুৰ সন্মুখতে সংঘটিত এই হত্যাকাণ্ডই ইতিমধ্যে সাত বছৰ অতিক্ৰম কৰিছে যদিও আজি পৰ্যন্ত ভুক্তভোগীৰ পৰিয়াল ন্যায়ৰ আশাত বন্দী হৈ থাকিব লগা হৈছে। দেশ কঁপাই যোৱা অভি-নীল হত্যাকাণ্ডৰ সন্দৰ্ভত কাৰ্বিআংলং জিলাৰ ডকমকা আৰক্ষী থানাত ৩৩/২০১৮ নম্বৰত এক গোচৰ ৰুজু হৈছিল। এই গোচৰৰ ভিত্তিত ৪৮জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল।
তেওঁলোক বৰ্তমান কাৰাগাৰত আছে। প্ৰথম অৱস্থাত ডিফু আদালতত এই গোচৰৰ প্ৰক্ৰিয়া চলিছিল যদিও অভি-নীলৰ পৰিয়ালৰ লেখ আবেদনৰ ভিত্তিত নগাঁৱৰ জিলা ও সত্ৰ ন্যায়াধীশ আদালতলৈ গোচৰটো স্থানান্তৰিত কৰা হৈছিল।
বৰ্তমান নগাঁও জিলা ও সত্ৰ ন্যায়ধীশৰ আদালতত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে। আজিৰ শুনানিত অভিজিত নাথৰ পিতৃ অজিত নাথ আৰু নীলোৎপল দাসৰ পিতৃ গোপাল চন্দ্ৰ দাসৰ লগতে অভি-নীল স্মৃতি ৰক্ষা সমিতিৰ সদস্যসকল শুনানিত উপস্থিত থাকে। অভি-নীলৰ পিতৃদ্বয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে ন্যায়ালয়ৰ ওপৰত আমাৰ বিশ্বাস আছে। অভিযুক্তসকলে চৰম শাস্তি পাব বুলি আমি আশাবাদী।
বিশেষ বাৰ্তা, নগাঁও, ২৩ ফেব্ৰুৱাৰী