নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিনন্দন আঁচনিঃ ৪,৫০৭ হিতাধিকাৰী ছাত্র–ছাত্রীক ধনৰ অনুমোদন–পত্র প্রদান

নিয়মীয়া বার্তা, ৮ নৱেম্বৰঃ বর্তমানৰ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ২০১৬ চনত শাসনভাৰ লোৱাৰে পৰা বিত্ত তথা শিক্ষা বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ছাত্র–ছাত্রীসকলৰ বাবে বহুসংখ্যক ফলপ্রসূ আঁচনি গ্রহণ কৰিছে৷ বর্তমানলৈকে বিভিন্ন আঁচনিৰ অধীনত ৰাজ্যখনত ৫২ লাখ ছাত্র–ছাত্রী উপকৃত হৈছে৷ –এই মন্তব্য মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ৷

কালি ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ দ্বাৰা আমিনগাঁৱত নুমলী জলাহ পেৰেড গ্রাউণ্ডত আয়োজিত এক অনুষ্ঠানত অভিনন্দন আঁচনিৰ অধীনত শিক্ষা ঋণৰ ৰাজসাহায্যৰ বাবে মঞ্জুৰ কৰা ৪,৫০৭গৰাকী হিতাধিকাৰী শিক্ষার্থীলৈ আনুষ্ঠানিকভাৱে অনুমোদন–পত্র প্রদান কৰি ভাষণত মুখ্যমন্ত্রী সোণোৱালে কয় যে আর্থিক সমস্যাৰ বাবে কোনো ছাত্র–ছাত্রীয়ে যাতে উচ্চ শিক্ষা লাভৰ পৰা বঞ্চিত নহয়, সেই দিশটোৰ প্রতি লক্ষ্য ৰাখিয়ে বর্তমানৰ চৰকাৰখনে অভিনন্দন আঁচনি, বিনামূলীয়া নামভর্তি, বিনামূলীয়া পাঠ্যপুথি, বিনামূলীয়া ইউনিফর্ম, শৈক্ষিক জলপানি, হোষ্টেলত থকা ছাত্র–ছাত্রীসকলৰ বাবে মেচ ডিউজৰ ধন প্রদান আদি পদক্ষেপ লৈছে৷

ছাত্র–ছাত্রীসকলক কঠোৰ পৰিশ্রমেৰে জীৱন গঢ়াৰ কামত আত্মনিয়োগ কৰাৰ বাবে আহ্বান জনাই মুখ্যমন্ত্রী সোণোৱালে কয় যে চৰকাৰ, পিতৃ–মাতৃ তথা শিক্ষক–শিক্ষয়িত্রী, ছাত্র–ছাত্রীসকলক জীৱন গঢ়াৰ যাত্রাত সন্মিলিতভাৱে সহযোগ কৰিলে অসমৰ ছাত্র–ছাত্রীয়ে কেৱল ভাৰতবর্ষৰ বুকুতেই নহয়, বিশ্বৰ বুকুতো জিলিকি উঠিবলৈ সক্ষম হ’ব৷ এই প্রসংগত মুখ্যমন্ত্রীয়ে ভাৰতৰ ভূতপূর্ব ৰাষ্ট্রপতি প্রয়াত ড০ এ পি জে আব্দুল কালাম আৰু অসমৰ মহান মনীষী আনন্দৰাম বৰুৱাই কঠোৰ পৰিশ্রম আৰু অধ্যৱসায়েৰে লাভ কৰা সফলতাৰ বিষয়ে আঙুলিয়াই কয় যে সততা আৰু নিষ্ঠাৰে জীৱনত লোৱা পদক্ষেপৰ বাবেই তেওঁলোকে সফলতাৰ অনন্য নিদর্শন দাঙি ধৰিব পাৰিছিল৷

অসমৰ নৱপ্রজন্মৰ স্বার্থ সুৰক্ষিতকৰণৰ বাবে বর্তমানৰ চৰকাৰে ৰাজ্যখনত নতুনকৈ ৮খন চিকিৎসা মহাবিদ্যালয় নির্মাণ, ৯খন অভিযান্ত্রিক মহাবিদ্যালয় নির্মাণ, ৩২খন পলিটেকনিক, মঙলদৈত স্কীল ইউনিভার্ছিটী, মাজুলীত সাংস্কৃতিক বিশ্ববিদ্যালয়, চাবুৱাত শ্রীশ্রীঅনিৰুদ্ধ দেৱ ক্রীড়া বিশ্ববিদ্যালয়, চাংসাৰিত সর্বভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান, গোগামুখত ভাৰতীয় কৃষি গৱেষণা কেন্দ্র প্রতিষ্ঠান, যোৰহাটত নেচনেল ইনষ্টিটিউট অৱ ডিজাইন স্থাপনৰ বলিষ্ঠ পদক্ষেপ গ্রহণ কৰিছে৷ মুখ্যমন্ত্রীয়ে ছাত্র–ছাত্রীসকলক আছিয়ান আৰু বি বি এন দেশসমূহৰ ৮০ কোটি জনসাধাৰণৰ মাজত প্রভুত্ব বিস্তাৰ কৰাৰ বাবে নিজৰ দক্ষতা–যোগ্যতা–বুদ্ধ্ উপযুক্ত মানৱ সম্পদ হিচাপে পৰিগণিত হোৱাৰ বাবে অহোপুৰুষার্থ কৰিবলৈ আহ্বান জনায়৷

তেওঁ ছাত্র–ছাত্রীসকলক অতি কমেও ১২ ঘণ্টাকৈ কঠোৰ অধ্যয়নত ব্রতী হৈ জ্ঞান অন্বেষণৰ যাত্রাত সবলভাৱে আগুৱাই যোৱাৰ লগতে ক’ভিড প্রট’কল সম্পূর্ণভাৱে মানি চলি নিজৰ স্বাস্থ্য অটুট ৰখাৰ আহ্বান জনায়৷ ইপিনে অনুষ্ঠানত বিত্ত, স্বাস্থ্য, শিক্ষা বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ভাষণত কয় যে বর্তমানৰ ৰাজ্য চৰকাৰখনে বিগত চাৰে চাৰি বছৰত শিক্ষা জগতত এক অর্থৱহ আৰু ইতিবাচক পৰিৱর্তন অনাৰ দিশত নিষ্ঠা সহকাৰে প্রয়াস চলাইছে৷

বিনামূলীয়া নামভর্তি, বিনামূলীয়া পাঠ্যপুথি যোগানৰ দৰে লোৱা পদক্ষেপৰ ফলত বহু দুখীয়া পৰিয়ালৰ ছাত্র–ছাত্রীয়ে নিজৰ শৈক্ষিক প্রত্যাশা পূৰণ কৰিবলৈ সক্ষম হৈছে৷ এই বছৰত স্নাতকোত্তৰ আৰু স্নাতক শ্রেণীৰ ছাত্র–ছাত্রীসকলক পাঠ্যপুথি ক্রয়ৰ বাবে তেওঁলোকৰ বেংক একাউণ্টলৈ ক্রমে ২ হাজাৰ আৰু ১,৫০০ টকা হস্তান্তৰ কৰাৰ বাবে চৰকাৰে পদক্ষেপ লৈ আছে৷ তদুপৰি বিগত বর্ষত আৰম্ভ কৰা ছাত্রাৱাস আৰু ছাত্রী নিৱাসত থকা ছাত্র–ছাত্রীলৈ মেচ ডিউজ প্রদানৰ ধন বর্তমানৰ ৭৫০ টকাৰ পৰা এহেজাৰ টকালৈ বৃদ্ধি কৰাৰ বাবে চৰকাৰে পদক্ষেপ লৈ আছে৷

ক’ভিড–১৯ৰ জটিল সময়তো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ দুমাহৰ ভিতৰত লেপ্টপ ক্রয়ৰ বাবে মেধাৱী ছাত্র–ছাত্রীসকললৈ প্রত্যক্ষ হস্তান্তৰৰ জৰিয়তে ২০ হাজাৰ টকাকৈ আগবঢ়োৱাৰ বিষয়ে উল্লেখ কৰি মন্ত্রী ড০ শর্মাই কয় যে এই বছৰৰ ডিচেম্বৰ মাহত উচ্চতৰ মাধ্যমিকত প্রথম বিভাগ লাভ কৰা ছাত্রীসকললৈ একোখনকৈ স্কুটী প্রদান কৰা হ’ব৷ বর্তমানৰ চৰকাৰৰ কার্যকালত উচ্চ শিক্ষাৰ বহুতো প্রতিষ্ঠান গঢ়ি উঠাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ২০০৬ চনত ৰাজ্যখনত মাত্র ৩৫০খন চিকিৎসা বিজ্ঞানৰ আসন আছিল৷

বর্তমান সেই আসনৰ সংখ্যা এহেজাৰখনলৈ বৃদ্ধি হৈছে৷ তদুপৰি বর্তমানৰ চৰকাৰৰ কার্যকালত বিভিন্ন আঁচনিৰ হিতাধিকাৰীসকললৈ বেংক একাউণ্টৰ জৰিয়তে প্রত্যক্ষভাৱে আঁচনিৰ ধন প্রদানৰ দিশত এক যুগান্তকাৰী পৰিৱর্তন সূচনা হৈছে বুলি তেওঁ কয়৷ মন্ত্রী ড০ শর্মাই লগতে অহা ২২ নৱেম্বৰত ৰাজ্যখনৰ ২২ লাখ পৰিয়াল উপকৃত হ’ব পৰাকৈ অৰুণোদয় আঁচনিখনৰ শুভাৰম্ভ কৰা হ’ব বুলিও প্রকাশ কৰে৷ সেইদৰে লকডাউনৰ সময়ছোৱাত অসমৰ বাহিৰত থকা লোকসকলৰ সকাহৰ বাবে ২ হাজাৰ টকাকৈ দুটা কিস্তিৰ সাহায্য তেওঁলোকৰ বেংক একাউণ্টলৈ প্রত্যক্ষভাৱে প্রদান কৰাৰ বিষয়ে উল্লেখ কৰি কয় যে পুনৰ ২ হাজাৰ টকাৰ তৃতীয় কিস্তিৰ ধন ৰাজ্য চৰকাৰে প্রদানৰ বাবে সিদ্ধান্ত লৈছে৷

মন্ত্রী ড০ শর্মাই ভাষণত এই বছৰৰ পৰা অভিনন্দন আঁচনিখন নিয়মীয়া আঁচনিলৈ ৰূপান্তৰ হ’ব বুলি প্রকাশ কৰে৷ উল্লেখ্য যে এই আঁচনিৰ অধীনত শৈক্ষিক ঋণ গ্রহণ কৰা শিক্ষার্থীসকললৈ ৫০ হাজাৰ টকা পর্যন্ত এককালীন ৰাজসাহায্য প্রদানৰ ব্যৱস্থা লোৱা হৈছে৷ ২০১৯ বর্ষৰ ডিচেম্বৰ পর্যন্ত ১,৫৪৫গৰাকী শিক্ষার্থীয়ে এই ৰাজসাহায্য লাভ কৰিছে৷  ৪,৫০৭গৰাকী শিক্ষার্থীলৈ এই ৰাজসাহায্যৰ পুঁজি তেওঁলোকৰ বেংক একাউণ্টলৈ প্রত্যক্ষভাৱে হস্তান্তৰ কৰা হয়৷ এই আঁচনিখনৰ অধীনত এতিয়ালৈ মুঠ ৬,০৫২গৰাকী শৈক্ষিক ঋণ লাভ কৰা শিক্ষার্থীও উপকৃত হৈছে৷ কালি সেই প্রক্রিয়াৰ জৰিয়তে মুঠ ২২ কোটি টকা শিক্ষার্থীসকলৰ ঋণ একাউণ্টলৈ হস্তান্তৰিত হ’ব৷

কালিৰ উক্ত অনুষ্ঠানত বিত্ত, স্বাস্থ্য বিভাগৰ প্রধান সচিব সমীৰ কুমাৰ সিন্হাই আদৰণী ভাষণ প্রদান কৰে৷ ভাৰতীয় ষ্টেট বেংকৰ উত্তৰ–পূবৰ মুখ্য মহাপ্রবন্ধক আৰ এছ ৰমেশেও আঁচনিখনৰ বিষয়বস্তু আলোকপাত কৰি বক্তব্য প্রদান কৰে৷ অনুষ্ঠানত হাজো বিধানসভা সমষ্টিৰ বিধায়িকা সুমন হৰিপ্রিয়া, কৰ বিভাগৰ আয়ুক্ত অনুৰাগ গোৱেল, কামৰূপৰ উপায়ুক্ত কৈলাস কার্তিক, ভাৰতীয় ষ্টেট বেংকৰ মহাপ্রবন্ধক সুৰঞ্জনা দত্তও উপস্থিত থাকে৷

You might also like