নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

একতাৰ অভাৱে দুর্বল কৰিছে আমাৰ জাতিসত্তা

নিয়মীয়া বাৰ্তা, ৮ নবেম্বৰঃ ‘বর্তমান আমাৰ সমাজত সকলো জাতি–জনগোষ্ঠী ভাগ ভাগ হ’ব ধৰিছে৷ আমাৰ মাজৰ একতাৰ অভাৱৰ বাবেই আমাৰ জাতিসত্তাৰ প্রতি ভাবুকি আহি পৰিছে৷ আমি সকলো জাতি–জনগোষ্ঠী লগ লাগি নথকাৰ বাবেই আমি দুর্বল হৈ পৰিছেছা’৷ এইদৰে মন্তব্য কৰে বিত্ত আৰু স্বাস্থ্য মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আজি নগাঁও জিলাৰ ৰহাৰ ঐতিহাসিক জোঙালবলহু গড মীনপামত প্রায় ১ কোটি টকা ব্যয় সাপেক্ষে (২৭ফুট উচ্চতাৰ) নির্মাণ কৰি উলিওৱা তিৱা জাতিৰ শৌর্য–বীর্যৰ প্রতীক জোঙালবলহুৰ প্রতিমূর্তি উন্মোচন কৰি মন্ত্রীগৰাকীয়ে আৰু কয়, জোঙালবলহুৰ শৌর্য আৰু বীৰত্বৰ কাহিনী নৱপ্রজন্মৰ মাজত এই প্রতিমূর্তিয়ে সজীৱ কৰি ৰাখিব৷ লগতে কিংবদন্তি পুৰুষসকলৰ জৰিয়তে আমাৰ সমাজখনক আগুৱাই লৈ যাব লাগিব বুলিও মন্তব্য কৰে৷ লগতে তেওঁ কয় যে আমাৰ একতাই হ’ল মহামন্ত্র৷ আমাৰ মাজত থকা ইটো জাতি সিটো জাতিৰ মাজৰ সমন্বয় আৰু নিজৰ ভিতৰতে একতাৰ অভাৱে আজি আমাৰ জাতি সত্তাটোক দুর্বল কৰি তুলিছে৷

কিন্তু যিসকলে মিঞা মিউজিয়াম, মিঞা সভ্যতা আৰু মিঞা কবিতাৰ কথা কয়, তেওঁলোকক দেখিব পাকিস্তান, বাংলাদেশ, ভাৰতবর্ষ তথা বৰপেটাৰ চৰলৈকে একেধৰণে একেলগে কথা পাতে, একে কাপোৰ পিন্ধে, একেধৰণে মাত মাতে আৰু একেধৰণে ইজনে সিজনৰ বাবে জঁপিয়াই পৰে৷ আমাৰ জাতি–জনগোষ্ঠীৰ মাজত থকা সমন্বয়ৰ অভাৱে আমাক দুর্বল কৰি তুলিছে৷ আমি জনগোষ্ঠীসকলৰ নেতৃবৃন্দক কওঁ, আমাৰ সমাজখনক কওঁ যে দিছপুৰ আমাৰ দূৰ নহয়, দিল্লী আমাৰ শত্রু নহয়, দিল্লী–দিছপুৰ তেতিয়ালৈকে থাকিব, যেতিয়ালৈকে আমি একত্রিত হৈ থাকিব পাৰোঁ৷ নহ’লে এদিন যেতিয়া দিল্লী–দিছপুৰত মিঞা মিউজিয়াম বহিব, মিঞা স্কুল বহিব, মিঞা কবিতা বহিব, আমি কেতিয়াও জীৱনত ড্রাইবেল বেল্ট আৰু ব্লকৰ কথা চিন্তা আৰু কল্পনা কৰিব নোৱাৰিম৷ এই বাবে ৰাইজক আহ্বান জনাম যে আমাৰ সমাজত বীৰ জোঙালবলহুৱে নিজৰ শৌর্য–বীর্যৰে স্বদেশ প্রেমৰ পৰিচয় দিছিল৷ আজি আমি আধুনিক যুগত আকৌ চুকাফা, লাচিত, জোঙালবলহু, জ্যোতি–বিষ্ণু–ফণী শর্মাৰ দৰে আমাৰ সংস্কৃতি ৰক্ষা কৰিবলৈ প্রস্তুত হ’ব লাগিব৷

অসমৰ সমগ্র সভ্যতাটো আহোম, কছাৰী, তিৱা, বৰাহী ৰাভা আদিৰ পৰা আৰম্ভ কৰি জ্যোতি–বিষ্ণু–ফণী শর্মালৈকে আমি যিটো সংস্কৃতিৰ লগত জডিত আছেছা, আজি এই সংস্কৃতি মধ্য আৰু নামনি অসমত ক্রমাৎ বিলুপ্ত হোৱাৰ দিশত আগবাঢ়িছে৷ এইক্ষেত্রত যদিহে আমি বামুণ, কলিতা, বডো, তিৱা, ৰাভা, দেউৰী আদি ভাগত বিভক্ত হওঁ, তেতিয়া একতাৰ অভাৱে আমাক দুর্বল কৰি তুলিব৷ একতাৰ মহামন্ত্রেৰে আমি পুনৰ বান্ধ খাব নোৱাৰিলে অসমীয়া জাতিৰ বাবে অতি বিপজ্জনকবুলিও মন্তব্য কৰে৷ তিৱা সাহিত্য সভাৰ সভাপতি লালসিং মাদাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত মন্ত্রীগৰাকীয়ে নতুন শিক্ষানীতি প্রণয়নৰ জৰিয়তে জনজাতীয় ভাষা–সংস্কৃতিৰ সংৰক্ষণৰ ক্ষেত্রত অধিক পৰিমাণে লাভৱান হ’ব বুলিও মন্তব্য কৰে৷ নতুন শিক্ষানীতি প্রণয়নৰ বাবে চৰকাৰে ইতিমধ্যেই বিশেষজ্ঞ কমিটীৰ জৰিয়তে কাম–কাজ আগবঢ়াই আছে আৰু শীঘ্রে ইয়াৰ ৰূপৰেখা প্রকাশ পাব বুলিও মন্তব্য কৰে৷

লগতে এই শিক্ষা নীতি প্রণয়ন হোৱাৰ লগে লগে ৰাজ্যখনত ৪৩ হাজাৰ বিভিন্ন জনগোষ্ঠীয় ভাষাৰ শিক্ষক নিযুক্তি দিয়া হ’ব বুলিও মন্তব্য কৰে৷ অনুষ্ঠানত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্রমা আৰু জলসম্পদ বিভাগৰ মন্ত্রী কেশৱ মহন্তই অসম চৰকাৰে অসমৰ ঐতিহাসিক কীর্তিচিহ্ণ আৰু ঐতিহ্যসমূহ সংৰক্ষণৰ বাবে অসম বিধানসভাত এখন আইন গ্রহণ কৰা বুলি কৈ জোঙাল বলহুৰ প্রতিমূর্তিটো মীন বিভাগ আৰু প্রত্নতত্ত্ব বিভাগৰ জৰিয়তে চোৱা–চিতা কৰা হ’ব বুলি মন্তব্য কৰে আৰু পৰৱর্তী সময়ত অঞ্চলটো পর্যটন ক্ষেত্রলৈ উন্নীত কৰা হ’ব বুলিও কয়৷ সভাত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, নগৰ উন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্রী পীয়ূষ হাজৰিকা, কার্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী তুলিৰাম ৰংহাং, তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী পৱন মান্তা, ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাস, চহৰী ৰজা সুৰেন কোঁৱৰ, ভাস্কর্য শিল্পী বীৰেন সিংহ, প্রত্নতত্ত্ব বিভাগৰ সঞ্চালিকা প্রীতিৰেখা কুলিৰ লগতে যথেষ্টসংখ্যক লোক উপস্থিত থাকে৷

You might also like