নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বর্ষাপাৰাৰ টি–২০ মেচক লৈ প্রস্তুতি তুংগত: প্রতিকূল বতৰৰ বাবে সাজু এচিএ

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰ: বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত ভাৰত আৰু শ্রীলংকাৰ মাজৰ পৰিত্যক্ত অন্তিমখন টি–২০ মেচৰ অবাঞ্ছিত স্মৃতি এতিয়াও সজীৱ হৈ আছে ক্রিকেট অনুৰাগীৰ মনত৷ ২০২০ৰ জানুৱাৰীত আয়োজিত সেই মেচখন অন্তিম মুহূর্তত বৰষুণৰ বাবে পৰিত্যক্ত হৈছিল৷ বিষাদ মনেৰে উভতি যাবলগীয়া হৈছে ষ্টেডিয়ামপূর্ণ হাজাৰ হাজাৰ দর্শক৷ এইবাৰ অহা ২ অক্টোবৰত ভাৰত আৰু দক্ষিণ আফ্রিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া আন্তর্জাতিক মেচখনৰ সময়ত উদ্ভৱ হ’ব পৰা প্রতিকূল বতৰত মেচখন সুকলমে অনুষ্ঠিত কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছে অসম ক্রিকেট সন্থাই৷

বতৰ বিজ্ঞানীয়ে সদৰী কৰা অনুসৰি অহা ২ অক্টোবৰত আকাশ ফৰকাল থাকিব যদিও আহিব পৰা সম্ভাব্য পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ যাৱতীয় প্রচেষ্টা হাতত লৈছে সন্থাই৷ সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই সংবাদ মাধ্যমক জানিবলৈ দিয়ামতে পিট্চ ঢাকি ৰখাৰ বাবে আমেৰিকাৰ পৰা দুখন অত্যন্ত কম ওজনৰ আৰু উন্নত মানৰ পিট্চ ক’ভাৰ আমদানি কৰা হৈছে৷ শইকীয়াই লগতে কয় যে এই আমদানিকৃত পাতল ক’ভাৰৰ মাজেৰে পিট্চত পানী সোমাব নোৱাৰে আৰু পিট্চ সেমেকাই তুলিব নোৱাৰে৷ তদুপৰি ইতিমধ্যে গ্রাউণ্ডৰ বাবে সাজু কৰি ৰখা হৈছে ২০খন অন্য ক’ভাৰ৷ তেওঁ জানিবলৈ দিয়া অনুসৰি যোৱা ১৬ ছেপ্ঢেম্বৰত বি চি চি আইৰ মুখ্য কিউৰেটৰক ষ্টেডিয়ামৰ পিট্চকে ধৰি সমগ্র খেলপথাৰখন হস্তান্তৰ কৰা হৈছে৷

উল্লেখ্য যে ইতিমধ্যে দুটা পর্যায়ত মুকলি কৰি দিয়া প্রায় ২০ হাজাৰ টিকট বিক্রী হৈছে৷ প্রায় ৩৯ হাজাৰ আসনবিশিষ্ট ষ্টেডিয়ামখনৰ ৮ হাজাৰ আসন বিভিন্ন এজেঞ্চী, ৰাজ্যিক কমিটী, স্পনছৰ আৰু অন্য আমন্ত্রিত অতিথিৰ বাবে সংৰক্ষিত কৰা হৈছে৷ মেচখন অনুষ্ঠিত হোৱাৰ সময়ত দুর্গা পূজাৰ সপ্তমী আৰু গান্ধীজয়ন্তীৰ বাবে দর্শকক নিয়ন্ত্রণ কৰিবলৈ যান–বাহন নিয়ন্ত্রণ আৰক্ষীয়ে বিশেষ ব্যৱস্থা গ্রহণ কৰিছে৷ ইতিমধ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশ মর্মে জিলা প্রশাসন আৰু আৰক্ষী প্রশাসনৰ লগতে অন্য সংশ্লিষ্ট বিভাগৰ সৈতে আয়োজক সন্থাটোৱে তিনিবাৰকৈ বৈঠকত মিলিত হৈছে৷

You might also like