নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণ আফ্রিকাৰে টি–২০ত হার্দিকক বিশ্রাম; ভাৰতীয় দলত শ্বাহবাজ, শ্রেয়াছ আয়াৰ

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰ: ভ্রমণকাৰী দল দক্ষিণ আফ্রিকাৰ বিপক্ষে খেলিবলগীয়া আসন্ন তিনিখনীয়া টি–২০ মেচৰ শৃংখলাটোত বংগৰ অলৰাউণ্ডাৰ শ্বাহবাজ আহমেদ আৰু মিডল অর্ডাৰ বেটাৰ শ্রেয়াছ আয়াৰক ভাৰতীয় দলটোত অন্তর্ভুক্ত কৰা হৈছে৷ ইফালে, ক’ৰোনাত আক্রান্ত হৈ সম্পূর্ণ সুস্থ হৈ নুঠাৰ বাবে তাৰকা পেচ বলাৰ মহম্মদ ছামিক ২৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া টি–২০ শৃংখলাটোত বাদ দিয়া হৈছে৷ শৃংখলাটোত তাৰকা অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়াক বিশ্রাম দিয়া হৈছে আৰু তেওঁৰ স্থানত শ্বাহবাজ আহমেদক অন্তর্ভুক্ত কৰা হৈছে৷ ইফালে, পিঠিৰ আঘাতৰ পৰা সম্পূর্ণৰূপে আৰোগ্য লাভ নকৰাৰ বাবে দীপক হুদায়ো শৃংখলাটোত অংশ ল’ব নোৱাৰিব৷ হুদাৰ স্থানত শ্রেয়াছ আয়াৰক ভাৰতীয় দলটোত অন্তর্ভুক্ত কৰা হয় বুলি ব’ৰ্ডৰ এক বিবৃতিত  এই কথা সদৰী৷

You might also like