Accident Breaking : ৰাষ্ট্ৰীয় পথত পথ দুৰ্ঘটনাত নিহত তবলা বাদক
Accident Breaking : ৰহাৰ নিকটৱৰ্তী ডিমৌত ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাত নিহত এজন। চলন্ত টমটমত তীব্ৰবেগী বলেৰ’ পিকআপ বাহনে খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো। অতি গুৰুতৰভাৱে আহত টমটম চালক বুপ্তি ডেকা (৫০)ৰ নগাঁও অসামৰিক চিকিৎসালয়ত মৃত্যু হয়।
কালি সোমবাৰে সন্ধিয়া সংঘটিত হৈছিল দুৰ্ঘটনাটো। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে বলেৰ’ পিকআপ বাহনখনে।
ইফালে নিহত বুপ্তি ডেকা এজন সনিপুণ তবলা বাদক আছিল। সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতেও ওতপ্ৰোত জড়িত আছিল ডেকা। দুৰ্ঘটনাত আহত হয় অন্য তিনিগৰাকী যাত্ৰী।
Niyomiya Barta Desk, 19 August