নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাকৰিৰ নিযুক্তিপত্ৰ লৈ কৰা নহল যোগদান : দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে ছিপাঝাৰৰ উজ্জ্বলৰ

নিয়মীয়া বাৰ্তা, ২৬ মে : এটা পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি ছিপাঝাৰ বৰদৌলগুৰিত আজি সন্ধিয়া সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাটোত নিহত হয় এগৰাকী যূৱক। এখন তীব্ৰ বেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় বাইক আৰোহী উজ্বল নাথ। উল্লেখযোগ্য যে অসম চৰকাৰৰ  তৃতীয় বৰ্গৰ পদত কালি নিযুক্তি লাভ কৰিছিল  যুৱকজনে। নিহত যুৱকজন বৰদৌলগুৰি ককাইতোলাৰ উজ্বল নাথ (২৬)। মঙলদৈৰ পৰা এজন বন্ধুৰ সৈতে সন্ধিয়া  ঘৰ অভিমুখে আহিছিল যুৱকজন। বৰদৌলগুৰি চকত বিপৰীত মুখী ট্ৰাকৰ খুন্দাত ঠিতাতে মৃত্যু হয় যুৱকজনৰ।  সন্ধিয়া নিজ বাসগৃহৰ কাষতে সংঘটিত হয় এই দূৰ্ঘটনা। বাইক আৰোহী আনজন যুৱক সামান্য আহত হয।ঘটনাৰ পিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে।আনকি ক্ষুদ্ধ ৰাইজে অৱৰোধ কৰে ৰাখিছে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ। ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষী আৰু প্ৰশাসনৰ লোককো ৰাইজে থকা সৰকা কৰে। বিশেষকৈ জনবহুল অঞ্চলটোত উপযুক্ত ট্ৰেফিকৰ অভাৱৰ বাবেই এই শোকাবহ ঘটনাটি সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ। উল্লেখযোগ্য ১৫নং ৰাষ্ট্ৰীয় ঘাইপথটো ফৰলেনৰ বাবে ৰাইজে দাবী জনাই অহাৰ পিছতো প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই সংঘটিত হৈ আহিছে দূৰ্ঘটনা্। ইফালে অমায়িক স্বভাৱৰ আৰু মেধা সম্পন্ন যূৱক উজ্বল নাথৰ মৃত্যুত শোকাকুল পৰিবেশৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটিত। লক্ষণীয় যে পিতৃ মাতৃয়ে অশেষ কষ্টৰ মাজেদি  একমাত্ৰ পুত্ৰ সন্তান উজ্বল নাথৰ শিক্ষা দীক্ষাৰ দায়িত্ব লৈ আহিছিল।
প্ৰেৰক ৰণজিত কুমাৰ নাথ
You might also like