নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাৱৈত বাইকৰ খুন্দাত শিশুৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২৬ মেঃ তিনিচুকীয়াৰ মাৰ্ঘেৰিটা মহকুমাৰ পাৱৈ ৰেল ষ্টেচনৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথত আজি দুপৰীয়া ভাগত হোৱা এক পথ দুৰ্ঘটনাত এটি শিশু থিতাতে নিহত হয়। জব্বৰ খান নামৰ বাইক আৰোহী জনে মাৰ্ঘেৰিটা দিশৰ পৰা ডিগবৈ অভিমূখে গৈ থকা অৱস্থাত পাৱৈ ৰেল ষ্টেছনৰ সমীপত এ এচ ২৩ এ এফ ৬৫৭১ নম্বৰৰ তীব্ৰবেগী বাইকখনে পাৱৈ চাহ বাগিছাৰ নাগাপাৰ অঞ্চলৰ ৰাজ ওৰাং নামৰ শিশুটিক খুন্দা মৰাত থিতাতে নিহত হয়। ঘটনাস্থলীত ডিগবৈ আৰক্ষী উপস্থিত হৈ মৃত শিশুটিক উদ্ধাৰ কৰাৰ লগতে উদণ্ড বাইক চালকজনক আটক কৰিছে। লগতে দুৰ্ঘটনাত পতিত বাইকখনো জব্দ কৰিছে আৰক্ষীয়ে। সমগ্ৰ ঘটনাই অঞ্চলটোত শোকৰ ছাঁ‌ পেলাইছে।

প্ৰেৰক মানস প্ৰতিম গগৈ

You might also like