নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এসপ্তাহৰ ভিতৰত শিক্ষা সেতুত প্ৰফাইল আপলোড কৰিবলৈ শিক্ষকক আহ্বান শিক্ষামন্ত্ৰীৰ

বাৰ্তা ব্যুৰো, ২৬ মেঃ ৰাজ্যৰ শিক্ষক সমাজক শিক্ষা সেতুত সহযোগ কৰিবলৈ আহ্বান  জনাইছে  শিক্ষামন্ত্ৰী ৰণোজ পেগুই৷ আজি বৰপেটা আবৰ্ত ভৱনত অনুষ্ঠিত এখন সংবাদ মেলত শিক্ষামন্ত্ৰী গৰাকীয়ে কয় যে শিক্ষা সেতুত অসহযোগিতা কৰা মানে শিক্ষা ব্যবস্থাৰ আধুনিকীকৰণত অসহযোগিতা কৰা৷ অসমৰ শিক্ষা ব্যৱস্থাত যি সংস্কাৰৰ প্ৰয়োজন সেই সংস্কাৰৰ অসহযোগিতা কৰা৷ এয়া চৰকাৰ সতে অসহযোগিতা নহয়৷ তেও কয় যে এতিয়ালৈকে এক লাখ দহ হাজাৰ শিক্ষকে শিক্ষা সেতুত নিজৰ প্ৰফাইল আপলোড কৰিছে ৷ যি সকলে  শিক্ষা সেতু পোৰ্টেলত নাম পঞ্জীয়ন নকৰে সেই শিক্ষক সকল চৰকাৰী ব্যৱস্হাৰ পৰা বঞ্চিত হব৷ সংবাদ মেলত শিক্ষামন্ত্ৰী গৰাকীয়ে সাত দিনৰ ভিতৰত শিক্ষক সকলে শিক্ষা সেতুত প্ৰফাইল আপলোড কৰিবলৈ আহ্বান জনায় ৷ ইপিনে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পদক লৈ চৰকাৰ আৰু শিক্ষক সন্মিলনীৰ মাজত সৃষ্টি হোৱা মতানৈক্য সন্দৰ্ভত শিক্ষা মন্ত্ৰী গৰাকীয়ে কয় যে, চৰকাৰৰ সতে সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ লগত আলোচনা চলি আছে ৷ আলোচনা আগবাঢ়ি আছ ৷ ভুকুতে কল নপকে৷ অসম চৰকাৰে অসমৰ শিক্ষাৰ সমস্যা, শিক্ষানুষ্ঠানৰ সমস্যা, শিক্ষক সকলৰ সমস্যা পৰ্যায়ক্ৰমে সমাধান কৰি আহিছে ৷ তেও কয় যে, শিক্ষক সকলে ব্যক্তিগত মোবাইলত ‘ৰিমচ’ এপ ব্যৱহাৰ নকৰো বুলি কোৱা বাবেই টেবলেট যোগান ধৰা হৈছিল। এতিয়া টেবলেটক লৈও অজুহাত উলিয়ালে নহ’ব।  চৰকাৰে দিয়া দায়িত্ব পালন নকৰিলে চাৰ্ভিচ ৰুল  উলংঘা কৰা হব ৷ ইপিনে সংবাদ মেলৰ পুৰ্বে শিক্ষা মন্ত্ৰী গৰাকীয়ে আজি বৰপেটা জিলা পুথিভড়াল প্ৰেক্ষাগৃহত আয়ুস্মান ভাৰত জন আৰোগ্য যোজনা আৰু আয়ুস্মান অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত বৰপেটাত হিতাধিকাৰীৰ মাজত আয়ুস্মান কাৰ্ডৰ আনুষ্ঠানিক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷ আয়ুস্মান কাৰ্ড বিতৰণ শুভাৰম্ভ কৰি এই যোজনাক পৃথিৱীৰ সৰ্ববৃহৎ স্বাস্থ্য বীমা আঁচনি বুলি উল্লেখ কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে ৷ মন্ত্ৰী গৰাকীয়ে, জিলাখনৰ ৮ লাখ ৩৪ হাজাৰ ৪৩১ গৰাকী হিতাধিকাৰীক আয়ুস্মান কাৰ্ড বিতৰণৰ শুভাৰম্ভ কৰে ৷ ভাষণ প্ৰসংগত মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ামতে, বৰপেটা জিলাত মুঠ ১১,৭২,২৬৭গৰাকী হিতাধিকাৰীৰ ভিতৰত মুঠ ৮,৩২,৪৩১গৰাকীয়েহে ই-কে ৱাই চি দাখিল কৰিছে ৷ মন্ত্ৰী গৰাকীয়ে বাকী থকা হিতাধিকাৰীসকলকো অতি সোনকালে ই- কে ৱাই চি দাখিল কৰিবলৈ আহ্বান জনাই ই- কে ৱাই চি   দাখিল নকৰা লোকসকলে চিকিৎসাৰ সময়ত এই যোজনাৰ পৰা লাভ কৰিবলগীয়া চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হব বুলিও উল্লেখ কৰে ৷ আয়ুস্মান জন আৰোগ্য যোজনাক পৃথিৱীৰ সৰ্ববৃহৎ স্বাস্থ্য বীমা আঁচনি বুলি উল্লেখ কৰি এই আচনিৰ অধীনত দেশৰ ১৩৫০খন হস্পিটালত ৫ লাখ টকা পৰ্যন্ত চিকিৎসাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হব বুলিও তেও উল্লেখ কৰে ৷ আজিৰ এই উদ্বোধনী অনুষ্ঠানত  বৰপেটা জিলাৰ উপায়ুক্ত আয়ুষ গৰ্গ আই,  অতিৰিক্ত উপায়ুক্ত গীতাশ্ৰী লাচিত, সহকাৰী আয়ুক্ত পৰীক্ষিত থৌদাম, ময়ুৰাক্ষী দত্ত, জুৰি কলিতা, সমাজকৰ্মী অনিল দাস, স্বাস্থ্য বিভাগৰ  যুটীয়া সঞ্চালক পুলিন চন্দ্ৰ শৰ্মাকে প্ৰমুখ্যে কৰি স্বাস্হ‍্য বিভাগৰ বিষয়া কৰ্মচাৰী সকল আৰু বৰপেটা জিলাৰ বিভিন্ন বিধান সভা সমষ্টি সমুহৰ পৰা অহা প্ৰায় আঠশৰো অধিক হিতাধিকাৰী উপস্থিত থাকে। অনুষ্ঠানত ছয় গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে আয়ুস্মান কাৰ্ড প্ৰদান কৰাৰ লগতে ই- কে ৱাই চি কাৰ্ড বনোৱাৰ ক্ষেত্ৰত প্ৰশংসনীয় পদক্ষেপ আগবঢ়োৱা স্বাস্হ‍্য বিভাগৰ তিনিজন মাল্টি পাৰপাচ ৱৰ্কাৰক প্ৰশংসা পত্ৰ প্ৰদান কৰা হয় ৷

প্ৰেৰক নৱজিত বায়ন

You might also like