নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শক্তিশালী ভাৰতৰ বাবে জনসংখ্যা বিস্ফোৰণ নিয়ন্ত্ৰণ কঠোৰ আইন: প্রধান মন্ত্ৰীলৈ ফোন আইমী বৰুৱাৰ

নিয়মীয়া বাৰ্তা ২৩ ডিচেম্বৰঃ  আজি ইং ২২/১২/২০২০ তাৰিখ বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত পুৱা ১০ বজাত জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ পূৰ্বোত্তৰ ক্ষেত্ৰই, অসম প্ৰান্তৰ কাৰ্য্যকৰ্তাৰ সহযোগত,এক সংবাদ মেলৰ যোগেৰে সাধাৰণ ৰাইজক আহ্বান জনাই, অহা ২৭/১২/২০২০ তাৰিখ ৰবিবাৰৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ “মন কী বাত” কাৰ্যক্ৰমৰ ট’ল ফ্ৰী নম্বৰ ১৮০০১১৭৮০০ত ফোন কৰি ভাৰত চৰকাৰক বৰ্ধিত জনসংখ্যা ৰোধ কৰাৰ হেতু দেশত এখন কঠোৰ আইন প্ৰণয়ন কৰিবলৈ অনৰোধ জনায়।

সংবাদ মেল পৰিচালনা কৰে সংস্থাৰ অসম প্ৰান্তৰ উপাধ্যক্ষা তথা বিশিষ্ট সমাজকৰ্মী শ্ৰীমতী জাহ্নৱী গোস্বামীয়ে। অসমৰ বিখ্যাত অভিনেত্ৰী শ্ৰীমতী আইমী বৰুৱাই ফাউণ্ডেচনৰ দ্বাৰা চলাই থকা এই অভিযানত গুৱাহাটী প্ৰেছ ক্লাৱত মুখ্য অতিথি ৰূপে উপস্থিত থাকি প্ৰধানমন্ত্ৰীৰ মন কি বাত লৈ ফোন কৰি শক্তিশালী ভাৰত ৰাষ্ট্ৰ গঠনৰ বাবে জনসংখ্যা বিস্ফোৰণ ৰোধ কৰিবলৈ অতি শীঘ্ৰে জনসংখ্যা বিস্ফোৰণ নিয়ন্ত্ৰণ কঠোৰ আইন প্ৰণয়ন কৰিবলৈ আহ্বান জনায় আৰু জনসংখ্যা সমাধান ফাউণ্ডেচনৰ এনে চেষ্টাক শলাগ লয়। একেখন মঞ্চৰ পৰা এই আইনলৈ সমৰ্থন জনায় কালাপাহাৰ ক’ভিড হস্পিতেলৰ অতিৰিক্ত অধীক্ষক ডাঃ ৰক্তিম তামুলীয়ে।লগতে তেখেতে বৰ্ধিত জনসংখ্যাই সমাজত কিদৰে প্ৰভাৱ পেলাইছে তাৰ আতঁ ধৰি চিকিৎসা জনিত প্ৰতিৰোধী ব্যৱস্থা সম্পৰ্কে বাখ্যা আগবঢ়ায় ।সংবাদ মেলত জনসংখ্যা সমাধান ফাউণ্ডেচনৰ অসম প্ৰান্তৰ সংগঠন মন্ত্ৰী শ্ৰীমতী ঈপ্সিতা বৰুৱাই ইতিমধ্যে জনসংখ্যা সমাধান ফাউণ্ডেচনৰ চিচিয়েল মিডিয়াৰ কাৰ্যকর্তা সকলে মন কী বাতৰ বাবে ইতিমধ্যে এক বিশেষ প্রচাৰ ব্যৱস্থা লোৱাৰ বিষয়ে ব্যাখ্যা কৰি অসমৰ সকলোলোককে এই অভিযানত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰৰ প্ৰতি নিজৰ দায়িত্ব পালনৰ আহ্বান জনায় । তেওঁ সংবাদ মাধ্যমক জনাই যে ইচ্ছুক ব্যক্তিয়ে জনসংখ্যা নিয়ন্ত্ৰণ সমৰ্থন কৰি উক্ত ফোন নম্বৰলৈ ২৪/১২/২০২০ তাৰিখৰ ভিতৰতহে যোগাযোগ কৰিব পাৰে। তাৰ পাছত এই ফোন লাইন বন্ধ হৈ যাব।সমগ্ৰ অসমতে বিভিন্ন জিলাত এই সজাগতা অভিযান ফাউণ্ডেচনৰ উদ্যোগত চলি আছে বুলি ফাউণ্ডেচনৰ এক প্ৰেছ বিবৃত্তিত উল্লেখ কৰে। একে অনুস্থানতে উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰৰ প্ৰচাৰ সচিব প্ৰসেনজিত দেৱে জনসংখ্যা সমাধান ফাউণ্ডেচনৰ ৱেবচাইট www.jsfnortheastindia.org পৰা চলাই থকা গণ-স্বাক্ষৰ অভিযানৰ বিষয়ে উল্লেখ কৰি গুৱাহাটী প্ৰেছ ক্লাৱত সকলোৰে পৰা এখন জনসংখ্যা বিস্ফোৰণ কঠোৰ নিয়ন্ত্ৰণ আইন প্ৰণয়ন কৰিবলৈ স্বাক্ষৰ সংগ্ৰহ কৰে । স্বাক্ষৰ অভিযানত জনসংখ্যা সমাধান ফাউণ্ডেচনৰ অসম প্ৰান্তৰ সাধাৰণ সম্পাদক অনিৰ্বাণ গোস্বামী, যুৱ শক্তিৰ অধ্যক্ষ লাকী গগৈ, সংগঠন মন্ত্ৰী ত্ৰিনয়ন কোচ উপস্থিত থাকি সহায় কৰে আৰু
জনসংখ্যা সমাধান ফাউণ্ডেচনৰ ৰাষ্ট্ৰীয় মুখ্য সংৰক্ষক তথা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক ডঃ ইন্দ্ৰেশ কুমাৰ, ৰাষ্ট্ৰীয় অধ্যক্ষ অনিল চৌধুৰীৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰৰ অধ্যক্ষ শৈলেন্দ্ৰ পাণ্ডে ৰ প্ৰতি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে।

You might also like