নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দহ মাহৰ পাছত ৰাজ্যত আৰম্ভ হ’ল প্রাথমিক বিদ্যালয়ৰ পাঠদান

শ্রেণীকোঠাত কঠোৰভাৱে পালন ক’ভিড প্রট’কল

নিয়মীয়া বাৰ্তা ২ জানুৱাৰীঃ ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে বিগত ১০ মাহ ধৰি বন্ধ হৈ থকা ৰাজ্যৰ প্রাথমিক বিদ্যালয়সমূহৰ পাঠদান আজিৰে পৰা পুনৰ আৰম্ভ হৈছে৷ এই সন্দর্ভত ৰাজ্য চৰকাৰে নির্দেশনা জাৰি কৰাৰ পাছতে বিদ্যালয়সমূহত আৰম্ভ হৈছে পাঠদান৷ অৱশ্যে আজিৰ পৰা বিদ্যালয়সমূহ পুনৰ খুলিলেও পাঠদানৰ সময়ত মানি চলিব লাগিব ক’ভিড প্রট’কল৷ ইতিমধ্যে ৰাজ্য চৰকাৰে জাৰি কৰা নির্দিষ্ট মান তথা প্রচালন প্রক্রিয়া অনুসৰি সামাজিক দূৰত্ব মানি আজি আৰম্ভ হৈছে প্রথম শ্রেণীৰ পৰা পঞ্চম শ্রেণীলৈ পাঠদান৷ নৱবর্ষৰ প্রথম দিনটোতেই ১০ মাহৰ অন্তত শিক্ষার্থীসকল বিদ্যালয়লৈ আহিবলৈ পাই আনন্দিত হৈ পৰা পৰিলক্ষিত হয়৷ ৰাজ্য চৰকাৰে বান্ধি দিয়া নিয়ম অনুসৰি আজি চতুর্থ শ্রেণী আৰু পঞ্চম শ্রেণীৰ পাঠদান হয়৷ প্রথম, দ্বিতীয় আৰু তৃতীয় শ্রেণীৰ পাঠদান সপ্তাহটোৰ তিনি দিন অনুষ্ঠিত কৰিবলৈ নির্দেশনা দিয়া হৈছে৷ মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে এই তিনিটা শ্রেণীৰ পাঠদান অনুষ্ঠিত হ’ব৷ আনহাতে, সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে অনুষ্ঠিত হ’ব চতুর্থ আৰু পঞ্চম শ্রেণীৰ পাঠদান৷ আজি পুৱা ৯ বজাৰ পৰা দিনৰ ১.৪৫ বজালৈ পাঠদান কৰা হয়৷ ইয়াৰ মাজতে দিনৰ ১২.১৫ বজাৰ পৰা ১২.৪৫ বজালৈ দুপৰীয়াৰ আহাৰ বিতৰণ কৰা হয়৷ উল্লেখ্য যে ক’ভিডৰ সংক্রমণ হ্রাস পোৱাৰ পাছতে উচ্চ প্রাথমিক বিদ্যালয়, উচ্চতৰ মাধ্যমিক আৰু মহাবিদ্যালয়–বিশ্বব্ শ্রেণী পর্যায়ক্রমে আৰম্ভ কৰা হৈছিল৷ নির্দিষ্ট নীতি–নিয়মৰ মাজেৰে এই শিক্ষানুষ্ঠানসমূহত পাঠদান অব্যাহত আছে৷ কিন্তু পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি ৰাজ্যৰ প্রাথমিক বিদ্যালয়সমূহ পুনৰ খুলিবলৈ চৰকাৰে অনুমতি প্রদান কৰা নাছিল৷ ইয়াৰ মাজতে ক্রমান্বয়ে ক’ৰোনাৰ সংক্রমণ যথেষ্ট হ্রাস পোৱাৰ প্রতি লক্ষ্য ৰাখি ১ জানুৱাৰীৰ পৰা প্রাথমিক বিদ্যালয়সমূহ খুলিবলৈ অনুমতি প্রদান কৰা হয়৷ সেই অনুসৰিয়েই আজিৰ পৰা ৰাজ্যজুৰি প্রাথমিক বিদ্যালয়সমূহত পাঠদান আৰম্ভ হৈছে৷ পাঠদানৰ পূর্বে বিদ্যালয়সমূহৰ শ্রেণীকোঠা আৰু চৌহদ ছেনিটাইজ আৰু পৰিষ্কাৰ–পৰিচ্ছন্ন কৰা হয়৷ ইপিনে প্রাথমিক বিদ্যালয়সমূহ আৰম্ভ হ’লেও সকলো শিক্ষার্থীৰ উপস্থিতি বাধ্যতামূলক নহয়৷ অভিভাৱকৰ সন্মতিতহে শিক্ষার্থীসকলে বিদ্যালয়ত নিয়মীয়া পাঠ গ্রহণ কৰিব পাৰিব৷ আজি অভিভাৱকৰ সন্মতি–পত্র লৈ অহা শিক্ষার্থীসকলক বিদ্যালয়লৈ আহিবলৈ অনুমতি প্রদান কৰা হয়৷ প্রয়োজন সাপেক্ষে অনলাইন পাঠদান অব্যাহত ৰাখিবলৈও নির্দেশ দিছে ৰাজ্য চৰকাৰে৷

উল্লেখ্য যে প্রাথমিক বিদ্যালয়সমূহৰ লগতে আন কেতবোৰ গুৰুত্বপূর্ণ নির্দেশনা আজিৰে পৰা কার্যকৰী হৈছে৷ সেই অনুসৰি উচ্চ প্রাথমিক, উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত নিয়মীয়াভাৱে সকলো কর্মদিনত পাঠদান চলি থাকিব৷ এই বিদ্যালয়সমূহতো অভিভাৱকৰ সন্মতি সাপেক্ষে আহিব পাৰিব শিক্ষার্থীসকল৷ আজি বিদ্যালয়লৈ অহা শিক্ষার্থীসকলে মাস্ক পৰিধান কৰি অহা পৰিলক্ষিত হয়৷ একে সময়তে বিদ্যালয়ত প্রৱেশৰ পূর্বে শিক্ষার্থীসকলৰ তাপমাত্রা থার্মো স্কেনাৰৰ জৰিয়তে পৰীক্ষা কৰা হয়৷ উল্লেখ্য যে অসম চৰকাৰৰ শিক্ষা বিভাগে জাৰি কৰা নির্দিষ্ট মান তথা প্রচালন প্রক্রিয়া অনুসৰি বিদ্যালয় খোলাৰ পূর্বে শিক্ষক–শিক্ষয়িত্রী, অনাশিক্ষক–কর্মচাৰী, মধ্যাহ্ণ ভোজনৰ ৰান্ধনী–সহায়িকাসক ক’ভিড টেষ্ট কৰিবলৈ নির্দেশ দিছিল৷ একেদৰে তেওঁলোকে পুনৰ ৩০ দিনৰ মূৰত ক’ভিড পৰীক্ষা কৰোৱাটো বাধ্যতামূলক৷ ক’ভিডৰ সজাগতাৰ বাবে প্রতি দেওবাৰে শিক্ষা প্রতিষ্ঠানৰ মুৰব্বী, গাঁওবুঢ়া, অভিভাৱক, বেচৰকাৰী সংস্থাৰ মাজত সভা অনুষ্ঠিত কৰিব লাগিব৷ যদি কোনো শিক্ষার্থী অথবা শিক্ষক–শিক্ষয়িত্রী ক’ভিড পজিটিভ হয়, তেন্তে জিলা প্রশাসন আৰু বিদ্যালয় পৰিচালনা সমিতিৰ যুটীয়া সহযোগত সকলো ছাত্র–ছাত্রী আৰু শিক্ষক–শিক্ষয়িত্রী ক’ভিড পৰীক্ষা কৰাটো বাধ্যতামূলক৷ স্কুলবাছসমূহত এক তৃতীয়াংশ শিক্ষার্থীহে কঢ়িয়াব পাৰিব৷ প্রতিদিনে এই বাছসমূহ দুবাৰকৈ ছেনিটাইজ কৰাটো বাধ্যতামূলক৷ বিদ্যালয় খোলাৰ পাছত পৰিস্থিতি নিৰীক্ষণৰ বাবে জিলা উপায়ুক্ত, সভাপতি আৰু সংশ্লিষ্ট বিভাগসমূহৰ মুৰব্বীসকলক সদস্য হিচাপে লৈ জিলা পর্যায়ত টাস্ক ফ’চ গঠন কৰিব ৰাজ্য চৰকাৰে৷

You might also like