নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফেব্রুৱাৰীত দাম কমিব পেট্র’ল–ডিজেলৰ

মূল্যবৃদ্ধিত ভাৰাক্রান্ত ৰাজ্যবাসীলৈ বিত্তমন্ত্রীৰ সকাহ

নিয়মীয়া বাৰ্তা ২ জানুৱাৰীঃ  নৱবর্ষৰ প্রথম দিনটোতে ৰাজ্যবাসীলৈ এটা ভাল খবৰ৷ অহা ফেব্রুৱাৰী মাহৰ পৰা পেট্র’ল, ডিজেল আৰু সুৰাৰ ওপৰত আৰোপ কৰা অতিৰিক্ত কৰ প্রত্যাহাৰ কৰা হ’ব৷ আজি এই ঘোষণা কৰে ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা তথা লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত মন্ত্রী ড০ শর্মাই কয় যে ফেব্রুৱাৰী মাহত দাখিল কৰিবলগীয়া লেখানুদানত অতিৰিক্ত কৰসমূহ প্রত্যাহাৰৰ প্রস্তাৱ ৰখা হ’ব৷ সেইদিনৰ পৰা ততালিকে বলৱৎ হোৱাকৈ সকলো অতিৰিক্ত কৰ বাতিল কৰা হ’ব৷ উল্লেখ্য যে ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে বলৱৎ কৰা লকডাউনৰ সময়ছোৱাত সমগ্র দেশৰ লগতে অসমতো অর্থনীতি স্থবিৰ হৈ পৰিছিল৷ যাৰ বাবে ৰাজকোষতো বিৰূপ প্রভাৱ পৰে৷ ৰাজহৰ হাৰ অভাৱনীয় ৰূপত হ্রাস পাবলৈ ধৰে৷ এনে পৰিস্থিতিত ৰাজ্যৰ প্রশাসন, অর্থনীতিৰ গতি স্বাভাৱিক কৰি ৰখাৰ স্বার্থত ৰাজ্য চৰকাৰে পেট্র’ল, ডিজেল আৰু সুৰাৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ সেই অনুসৰি বিগত এপ্রিল মাহৰ ২২ তাৰিখৰ মাজনিশাৰ পৰা বলৱৎ হোৱাকৈ পেট্র’লৰ ওপৰত প্রায় ৬ টকা আৰু ডিজেলৰ ওপৰত প্রায় ৫ টকাৰ অতিৰিক্ত কৰ আৰোপ কৰা হয়৷ একেদৰে মে’ মাহত সুৰাৰ দামো ২৫ শতাংশলৈ বৃদ্ধি কৰা হয়৷ শেহতীয়াকৈ ৰাজ্যৰ ক’ভিড পৰিস্থিতি নিয়ন্ত্রণলৈ আহিছে৷ সংক্রমণৰ হাৰ ০.৫ শতাংশৰ তললৈ হ্রাস পাইছে৷ যাৰ বাবে ক’ভিড পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰে আৰোপ কৰা অতিৰিক্ত কৰসমূহ ফেব্রুৱাৰী মাহৰ পৰা প্রত্যাহাৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ ইয়াৰ লগে লগে নতুন বছৰৰ দ্বিতীয়টো মাহৰ পৰা পেট্র’ল, ডিজেল আৰু সুৰাৰ দাম হ্রাস পোৱাটো নিশ্চিত হৈছে৷

মূল্যবৃদ্ধিয়ে জুৰুলা কৰা ৰাজ্যবাসীৰ বাবে এয়া নিশ্চয় এক সকাহৰ খবৰ৷ মন্ত্রী ড০ শর্মাই লগতে ঘোষণা কৰে যে অহা ফেব্রুৱাৰী–মার্চ মাহৰ ভিতৰত অসমৰ চিকিৎসক আৰু নার্ছসকলে ক’ৰোনাৰ ভেকচিন লাভ কৰিব৷ অসমত ইতিমধ্যে ভেকচিন প্রদানৰ প্রস্তুতি আৰম্ভ হৈছে৷ কেন্দ্রীয় চৰকাৰে এই প্রস্তুতি পর্ব নিৰীক্ষণ কৰি আছে৷ ইফালে এষ্ট্রাজেনেকা ভেকচিনৰ উৎপাদন ভাৰততো হৈছে আৰু আৰু ভেকচিনৰ জৰুৰী প্রয়োগত কেন্দ্রীয় চৰকাৰে অনুমোদন জনাইছে৷ সেয়ে ফেব্রুৱাৰী–মার্চ মাহৰ ভিতৰত চিকিৎসক আৰু নার্ছসকলে প্রথম পর্যায়ত ভেকচিন লাভ কৰাৰ সম্ভাৱনা আছে৷ অসম চৰকাৰে ৮০ হাজাৰ কোটিৰ ঋণ লোৱা বুলি বিৰোধীয়ে উত্থাপন কৰা অভিযোগ নস্যাৎ কৰি ড০ শর্মাই কয় যে ৰাজ্য এখনৰ জিডিপিৰ ৩ শতাংশ ঋণ লোৱাৰ বাবে কেন্দ্রীয় চৰকাৰে অনুমতি প্রদান কৰে৷ অসমৰ জিডিপি যিমানেই আগবাঢ়িব, ঋণৰ পৰিমাণো সিমানেই বাঢ়িব৷ অসমৰ বর্তমান জিডিপি হ’ল ৩ লাখ ৩৮ হাজাৰ কোটি৷ সেই অনুপাতে ৰাজ্যখনে ঋণ লাভ কৰিব৷ কেন্দ্রীয় চৰকাৰে নির্ধাৰণ কৰি দিয়া সীমাতকৈ অসমে কম পৰিমাণৰ ঋণহে লৈছে বুলি উল্লেখ কৰি মন্ত্রীগৰাকীয়ে কয় যে এই বিষয়ে বিধানসভাত সবিশেষ জনোৱা হৈছে৷ কিন্তু বিধানসভাত বিৰোধীয়ে একো ক’ব নোৱাৰিলে৷ বিধানসভাৰ মজিয়াত বিৰোধীয়ে আপত্তি কৰিলে ৰিজার্ভ বেংক অৱ ইণ্ডিয়া আৰু ভাৰত চৰকাৰৰ নিয়মাৱলীও দেখুৱালেহেঁতেন৷ বিধানসভাত নিশ্চুপ হৈ থাকি বাহিৰত অভিযোগ উত্থাপন কৰি থাকিলে বিতর্ক একপক্ষীয় হয় বুলি ড০ শর্মাই মন্তব্য কৰে৷

You might also like