নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব’হাগ বিহুৰ পূর্বেই হ’ব বিধানসভাৰ নির্বাচন

মুখ্য নির্বাচন আয়ুক্ত আৰোৰাই দিলে ইংগিত

নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ কাউণ্টডাউন আৰম্ভ কৰি অহা ব’হাগ বিহুৰ পূর্বেই অসমত বিধানসভা নির্বাচন অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে নির্বাচন আয়োগ৷ ৰাজ্যত চলি থকা চর্চা তথা ৰাজনৈতিক কুচকাৱাজৰ মাজতে বুধবাৰে বিহুৰ পূর্বে নির্বাচন অনুষ্ঠিত কৰাৰ এই ইংগিত দিলে দেশৰ মুখ্য নির্বাচন আয়ুক্ত সুনীল আৰোৰাই৷ গুৱাহাটীত  এখন সংবাদ মেলত মুখ্য নির্বাচন আয়ুক্তগৰাকীয়ে কয়– ব’হাগ বিহুৰ পূর্বেই নির্বাচন অনুষ্ঠিত কৰাৰ বাবে ৰাজনৈতিক দলসমূহে দিয়া প্রস্তাৱক আয়োগে গুৰুত্ব সহকাৰে গ্রহণ কৰিছে৷ দেশৰ বিভিন্ন পৰম্পৰাগত অনুষ্ঠানৰ প্রতি সদায় শ্রদ্ধাশীল আয়োগ৷

উল্লেখ্য যে ৰাজ্যত ব’হাগ বিহুৰ পূর্বে অসমত নির্বাচন অনুষ্ঠিত কৰাৰ বাবে  অনুষ্ঠিত বৈঠকত উপস্থিত থকা প্রায়কেইটা মুখ্য ৰাজনৈতিক দলে প্রস্তাৱ দাঙি ধৰিছিল৷ মুখ্য নির্বাচন আয়ুক্তগৰাকীয়ে আজি ৰাজনৈতিক দলসমূহৰ এই প্রস্তাৱৰ কথা উল্লেখ কৰি এই সন্দর্ভত আয়োগে সকলো দিশ পর্যালোচনা কৰিব বুলি উল্লেখ কৰে৷ মহানগৰীৰ ৰেডিছন ব্লু হোটেলত অনুষ্ঠিত সংবাদ মেলখনত মুখ্য আয়ুক্তগৰাকীয়ে যোৱা তিনি দিনত ৰাজ্যৰ প্রশাসন, ৰাজনৈতিক দল, জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতেও কেইবাখনো বৈঠক সন্দর্ভত বিস্তৃত তথ্য প্রকাশ কৰি কয়– ক’ভিড প্রট’কলৰ মাজতে অসমত অনুষ্ঠিত হ’ব লগা নির্বাচন সন্দর্ভত ৰাজ্যখনৰ প্রশাসনিক বিষয়াসকলে যথেষ্ট ইতিবাচক দিশ দাঙি ধৰিছে৷

ইতিমধ্যে ক’ৰোনাৰ প্রভাৱৰ মাজতেই বিহাৰত অনুষ্ঠিত হৈ যোৱা বিধানসভা নির্বাচনৰ জৰিয়তে এইক্ষেত্রত আয়োগে যথেষ্ট অভিজ্ঞতা লাভ কৰিছে৷ অসমৰ মুখ্য সচিব, গৃহ সচিব, আৰক্ষী সঞ্চালকপ্রধান, স্বাস্থ্য বিভাগৰ প্রধান সচিবৰ লগতে বিভিন্ন প্রশাসনিক বিষয়াসকলৰ সৈতে আলোচনা কৰি অসমত স্বচ্ছ, নিকা আৰু সুৰক্ষিত নির্বাচন অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে আয়োগ৷ মন কৰিবলগীয়া যে তিনিদিনীয়া কার্যসূচীৰে গুৱাহাটীত উপস্থিত হোৱা মুখ্য নির্বাচন আয়ুক্ত আৰু দুয়োজন নির্বাচন আয়ুক্তই যোৱাকেইদিনত কেইবাখনো বৈঠক অনুষ্ঠিত কৰি নির্বাচন সন্দর্ভত বিভিন্ন দিশ পর্যালোচনা কৰে৷ আজি এই বৈঠকসমূহৰ বিভিন্ন দিশ উল্লেখ কৰি মুখ্য নির্বাচন আয়ুক্ত সুনীল আৰোৰাই জানিবলৈ দিয়ে যে ক’ভিড প্রট’কলৰ লগতে এইবাৰ নির্বাচনত প্রত্যক্ষ হ’ব বহুকেইটা নতুন পদক্ষেপ৷ এইবাৰৰ নির্বাচনত আয়োগে অসমত ভোটকেন্দ্র বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ মুখ্য নির্বাচন আয়ুক্তগৰাকীয়ে প্রকাশ কৰা মতে, যিবোৰ ভোটগ্রহণ কেন্দ্রত ১৫শ বা তাতকৈ অধিক ভোটদাতা আছে, সেই কেন্দ্রসমূহত ভোটাৰৰ সংখ্যা এহাজাৰলৈ হ্রাস কৰি নতুন ভোটগ্রহণ কেন্দ্রত অতিৰিক্ত ভোটাৰক সংযোগ কৰা হ’ব৷ ক’ভিডকেন্দ্রিক পৰিৱেশৰ বাবে এইবাৰ বয়োজ্যেষ্ঠ লোক, বিশেষভাৱে সক্ষম লোকৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে৷ বিশেষকৈ ক’ভিড পজিটিভ লোকৰ বাবে এইবাৰ পোষ্টেল বেলটৰ ব্যৱস্থা কৰা হ’ব৷ এইক্ষেত্রত বি এল অ’সকলে ঘৰে ঘৰে গৈ এনে লোকসকলক চিনাক্ত কৰি পোষ্টেল বেলটৰ যোগান ধৰিব৷ ভোটদানৰ বাবে প্রতিগৰাকী ভোটাৰে পৰিচয়–পত্র দেখুওৱাটো পূর্বৰ দৰে এইবাৰো প্রয়োজনীয় হ’ব৷ ইয়াৰ বাবে আয়োগে ১১খন নথিক অনুমোদন দিছে৷ সেই অনুসৰি আধাৰ কার্ড, পান কার্ড, ড্রাইভিং লাইচেন্স, কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ ফটো থকা পৰিচয়–পত্র, পাছপ’ট, ফটো থকা বেংকৰ পাছবুক আদি পৰিচয়–পত্র হিচাপে ব্যৱহাৰ কৰিব পাৰিব৷

ক’ভিড প্রট’কলৰ কথা উল্লেখ কৰি মুখ্য আয়ুক্তগৰাকীয়ে কয়– মনোনয়ন দাখিলৰ সময়ত এইবাৰ প্রার্থীৰ সৈতে মাত্র দুজন লোকহে উপস্থিত থাকিব পাৰিব৷ ৰাজনৈতিক দলসমূহে ৰেলী উলিয়াব পাৰিব যদিও এইক্ষেত্রত সকলো দিশ তদাৰক কৰিব জিলা উপায়ুক্ত আৰু স্বাস্থ্য বিভাগে৷ জিলা নির্বাচনী বিষয়াই চিনাক্ত কৰি দিয়া খেলপথাৰত ক’ভিড প্রট’কল মানি ৰাজহুৱা সভা অনুষ্ঠিত কৰিব পাৰিব৷ নির্বাচনৰ সময়ত হোৱা অবাধ ধনৰ সৰবৰাহৰ দিশটোৰ প্রতি এইবাৰ আয়োগে সর্বাধিক গুৰুত্ব দিব বুলি আজি স্পষ্ট কৰি দিয়ে মুখ্য নির্বাচন আয়ুক্তগৰাকীয়ে৷ এই সন্দর্ভত সুনীল আৰোৰাই কয়– আয়োগে বান্ধি দিয়া ধন ব্যয়ৰ নীতি যাতে সকলো ৰাজনৈতিক দলে অনুকৰণ কৰে, তাৰ প্রতি বিশেষ গুৰুত্ব দিয়া হৈছে৷ কোনো কাৰণতে ৰাজনৈতিক দলৰ অবাধ ধন ব্যয় তথা চৰকাৰী যন্ত্রক ব্যৱহাৰ কৰাটো আয়োগে সহজভাৱে গ্রহণ নকৰে৷ ৰাজনৈতিক দল তথা প্রার্থী নির্বাচনৰ সময়ত ব্যয় কৰিব লগা ধনৰ লেনদেনৰ ওপৰত চকু ৰখাৰ বাবে এইবাৰ নিয়োগ কৰা হ’ব বিশেষ অবজাৰভাৰ৷ নির্বাচনী ব্যয় পর্যবেক্ষকৰ লগতে এইবাৰ বিশেষ পর্যবেক্ষকে নজৰ দিব সকলো প্রকাৰৰ ধনৰ লেনদেনৰ ওপৰত৷ ইতিমধ্যে ভাৰতীয় ষ্টেট বেংক আৰু আয়কৰ বিভাগৰ সৈতে এই বিষয়সমূহক লৈ আয়োগ কেইবালানিও আলোচনাত মিলিত হৈছে৷ মন কৰিবলগীয়া যে ব’হাগ বিহু আৰু চি বি এছ ই পৰীক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ ইতিমধ্যে চি বি এছ ইৰ পৰীক্ষাক লৈ আয়োগৰ বিষয়াই কেইবাখনো বৈঠক অনুষ্ঠিত কৰি সকলো দিশ সূক্ষ্মভাৱে পর্যবেক্ষণ কৰিছে৷ ৰাজ্যৰ আইন–শৃংখলা পৰিস্থিতি বর্তমান নিয়ন্ত্রণাধীন বুলি উল্লেখ কৰি মুখ্য নির্বাচন আয়ুক্ত সুনীল আৰোৰাই কয় যে আয়োগে ইতিমধ্যে নিৰাপত্তাৰ দিশটো সন্দর্ভত অসম আৰক্ষী, অর্ধসামৰিক বাহিনী আৰু অন্যান্য চোৰাংচোৱা সংস্থাৰ সৈতে বৈঠকত মিলিত হৈছে৷ এই বৈঠকত বর্তমান ৰাজ্যৰ শান্তিপূর্ণ পৰিৱেশৰ কথা উল্লেখ কৰিছে সুৰক্ষা সংস্থাসমূহে৷ আয়োগে এই সকলো দিশ পর্যালোচনা কৰি নিৰাপত্তাৰ ব্যৱস্থা গ্রহণ কৰিব৷

ইফালে দুর্গম অঞ্চলত থকা ভোটকেন্দ্রত নিৰাপত্তা বাহিনীৰ অতিৰিক্ত লোক মোতায়েন কৰাৰ বাবে ৰাজনৈতিক দলসমূহে দিয়া প্রস্তাৱ আয়োগে গুৰুত্ব সহকাৰে বিবেচনা কৰিব বুলিও মুখ্য নির্বাচন আয়ুক্তগৰাকীয়ে আজি উল্লেখ কৰে৷ মন কৰিবলগীয়া যে ৰাজ্যৰ নির্বাচনী পৰিস্থিতি সন্দর্ভত নির্বাচন আয়োগে মুখ্য সচিব, আৰক্ষী সঞ্চালকপ্রধান তথা অন্যান্য প্রশাসনিক বিষয়াসকলৰ সৈতে আজি পুৱাৰ ভাগত আন এক গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত কৰিছিল৷ আয়োগে এইবাৰ ছ’চিয়েল মিডিয়াৰ ওপৰতো নজৰ ৰখাৰ ব্যৱস্থা কৰিব বুলি আজি উল্লেখ কৰে৷ ইফালে এন আৰ চিত নাম নথকাসকলে ভোটদান কৰিব পাৰিব নে নাই, তাক লৈ উত্থাপিত এক প্রশ্ণ সন্দর্ভত আয়ুক্তগৰাকীয়ে কয়– ইতিমধ্যে কেন্দ্রীয় গৃহ মন্ত্রালয়ে ২০১৯ চনতে এন আৰ চিত নাম নথকাসকলক লৈ স্পষ্ট কৰি দিছে যে নাগৰিকপঞ্জীত নাম থকা–নথকাক লৈ ভোটদানত কোনো সমস্যা সৃষ্টি নহয়৷ নির্বাচনৰ বাবে আয়োগে এটা টীম হিচাপে কাম কৰিব বুলি মন্তব্য কৰি মুখ্য নির্বাচন আয়ুক্ত সুনীল আৰোৰাই নতুনকৈ ভোটদানৰ অধিকাৰ লাভ কৰাসকলৰ বাবে ভোটাৰ পৰিচয়–পত্র প্রদানৰ বিষয়টোত গুৰুত্ব প্রদান কৰিব বুলি আজি স্পষ্ট কৰে৷

You might also like