নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিষাক্ত সাম্প্রদায়িক ভাষণেৰে ভোটৰ অংক

ধুবুৰীৰ সভাত বিজেপিৰ বিৰুদ্ধে আক্রমণাত্মক মন্তব্য ইউডিএফ মুৰব্বীৰ

নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ  বিষাক্ত সাম্প্রদায়িক মন্তব্যৰে অসমত জুই জ্বলোৱাৰ ভয়ংকৰ অভিসন্ধিত লিপ্ত হৈছে সাংসদ তথা এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমল৷ ছলে–বলে–কৌশলে দিছপুৰৰ গাদী দখলৰ স্বার্থত বিষাক্ত সাম্প্রদায়িক মন্তব্যৰে অসমত বিভেদৰ বীজ সিঁচি দিবলৈ ষড়যন্ত্রত লিপ্ত হৈছে আজমল৷ একপ্রকাৰ সংখ্যালঘু সম্প্রদায়ৰ মন–মগজু বিষাক্ত কৰি ভোট আদায়ৰ চেষ্টাৰে এটাৰ পাছত আন এটা সম্প্রদায়িক মন্তব্যৰে বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰিছে এ আই ইউ ডি এফৰ সভাপতিজনে৷ শাসনাধিষ্ঠিত বিজেপিক আক্রমণৰ নামত সংখ্যালঘু লোকসকলৰ মাজত একপ্রকাৰ ভয়–ভাবুকিৰ পৰিৱেশ সৃষ্টিৰে ভোটযুদ্ধ পাৰ হৈ যোৱাৰ ব্লুপ্রিণ্ট ৰচনাত নামি পৰিছে এইজন তথাকথিত সংখ্যালঘু নেতা৷ কংগ্রেছ আৰু বাঁওপন্থী দলসমূহৰ সৈতে আনুষ্ঠানিক মহাজোঁটবন্ধনৰ এদিন পাছতে ধুবুৰীৰ গৌৰীপুৰৰ ডুমুৰদহৰৰ এখন দলীয় সভাত আজমলে কৰা মন্তব্যই ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্র প্রতিক্রিয়া৷ আজি অনুষ্ঠিত সভাখনত ভাষণ প্রদান কৰি এ আই ইউ ডি এফৰ সভাপতিজনে বিজেপি পুনৰ শাসনলৈ আহিলে মছজিদ ভাঙি পেলাব বুলি মন্তব্য কৰি সংখ্যালঘু লোকসকলক উচটনি দিয়ে৷ জৰা–ফুঁকা ৰাজনীতিৰে সংখ্যালঘু লোকৰ মন জয় কৰিবলৈ চেষ্টা কৰি অহা আজমলে কয়– ‘বিজেপি কাৰ শত্রু কওকচোন? বিজেপি আমাৰ শত্রু, দেশৰ শত্রু, ভাৰতৰ শত্রু, মহিলাসকলৰ শত্রু, মছজিদৰ শত্রু, দাড়িৰ শত্রু, তালাকৰ শত্রু, বাবৰি মছজিদৰ শত্রু৷ এই দলটোক আপোনালোকে ভোট দিব নেকি? এইবাৰ আপোনালোক অধিক সতর্ক হওক৷ যদিহে আপোনালোক সতর্ক নহয়, তেনেহ’লে পুনৰ অসমত বিজেপি চৰকাৰ হ’লে আপোনালোকে বোর্খা পিন্ধি বাহিৰলৈ ওলাব নোৱাৰিব৷ মুখত দাড়ি ৰাখি বাহিৰলৈ ওলাব নোৱাৰিব৷ মূৰত টুপি পিন্ধিব নোৱাৰিব৷ মছজিদত আজান দিব নোৱাৰিব৷ এই স্থানত আমি থাকিব পাৰিম নেকি?’ ইপিনে ইয়াতকৈও এখোপ আগলৈ গৈ মৌলানা বদৰুদ্দিন আজমলে সংখ্যালঘু লোকসকলক উত্তেজিত কৰাৰ ষড়যন্ত্রৰে এইদৰেও কয় যে অসমত বিভিন্ন মছজিদ বিজেপিৰ লক্ষ্য হৈ আছে৷ ভাৰতবর্ষত বিজেপিয়ে ৩,৫০০ মছজিদ তালিকাভুক্ত কৰিছে৷ কেন্দ্রত পুনৰ বিজেপি চৰকাৰ আহিলে এই মছজিদসমূহ ভাঙি দিব৷ মোদী চৰকাৰে তিনি তালাক প্রথা শেষ কৰিলে৷ বাবৰি মছজিদ ভাঙি মন্দিৰ বনালে৷

উল্লেখ্য যে মঙলবাৰে কংগ্রেছ, চি পি আই, চি পি আই (এম), চি পি আই (এম এল) আৰু সাংসদ অজিত ভূঞা নেতৃত্বাধীন আঞ্চলিক গণ মর্চাৰ সৈতে মহাজোঁটবন্ধন কৰিছিল এ আই ইউ ডি এফে৷ নিখিল ভাৰত কংগ্রেছ কমিটীৰ কেইবাজনো শীর্ষ নেতাৰ উপস্থিতিত গুৱাহাটীস্থিত এখন হোটেলত এই মহাজোঁটবন্ধনৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছিল৷ ইয়াৰ পাছতে বুধবাৰে ধুবুৰীৰ গৌৰীপুৰত আজমলে সম্বোধন কৰে নির্বাচনী সভা৷ নির্বাচনৰ দিন চমু চাপি অহাৰ সময়তে বদৰুদ্দিন আজমলে সংখ্যালঘু অঞ্চলত এইদৰে সাম্প্রদায়িক বিষবাষ্প বিয়পাবলৈ কৰা চেষ্টাই ৰাজ্যজুৰি ব্যাপক প্রতিক্রিয়া সৃষ্টি কৰিছে৷ বিগত চাৰে চাৰিটা বছৰত কোনো ধৰণৰ সাম্প্রদায়িক সংঘর্ষ নোহোৱা অসমত আজমলৰ এনে উচটনিমূলক মন্তব্যই নির্বাচনৰ প্রাক্ক্ষণত অপ্রীতিকৰ পৰিস্থিতি সৃষ্টি কৰিব বুলি বহুজনে আশংকা প্রকাশ কৰিছে৷ বিজেপি শাসনলৈ আহিলে মছজিদ ভাঙি পেলাব, মুছলমানসকলে কি খাব সেয়া নির্দিষ্ট কৰি দিব, বোর্খা পিন্ধিব নোৱাৰিব, দাড়ি ৰাখিব নোৱাৰিব আদিৰ দৰে আজমলৰ মন্তব্যই জাতি–জনগোষ্ঠীসমূহ মাজত বিভেদ সৃষ্টি কৰিব বুলিও আশংকা কৰা হৈছে৷ শেহতীয়াকৈ বদৰুদ্দিন আজমল নেতৃত্বাধীন আজমল ফাউণ্ডেচনে সন্ত্রাসবাদী সংগঠনৰে জড়িত বিদেশী সংস্থাৰ পৰা পুঁজি লাভ কৰে বুলি গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে এইদৰে সংখ্যালঘু অঞ্চলসমূহত দলীয় সভা অনুষ্ঠিত কৰি আজমল ক্ষমতা কুক্ষিগত কৰাৰ ভয়ংকৰ ষড়যন্ত্রত লিপ্ত হৈছে বুলিও চর্চা লাভ কৰিছে৷

ক্ষমতাৰ স্বার্থত প্রদেশ কংগ্রেছ, বাঁওপন্থী দলৰ লগতে সাংসদ তথা বিশিষ্ট বুদ্ধিজীৱী অজিত কুমাৰ ভূঞা নেতৃত্বাধীন আঞ্চলিক গণ মর্চাই আজমলৰ বোকোচাত উঠি নির্বাচনী বৈতৰণী পাৰ হোৱাৰ স্বপ্ণই এতিয়া অত্যুৎসাহী কৰি তুলিছে এ আই ইউ ডি এফৰ মুৰব্বীজনক৷ কংগ্রেছৰ ভোটবেংকেৰে আগন্তুক নির্বাচনত অধিক আসন জয়েৰে বিগ ব্রাদাৰৰ ভূমিকা ল’ব বিচৰা আজমলে সেয়েহে আৰম্ভ কৰিছে সাম্প্রদায়িক বীজ সিঁচাৰ কাম৷ যিকোনো প্রকাৰে সংখ্যালঘু সম্প্রদায়ৰ ভোট হস্তগত কৰিবলৈ এটাৰ পাছত আন এটা সাম্প্রদায়িক মন্তব্য কৰিবলৈ আৰম্ভ কৰিছে নেতাজনে৷ সভাখনত আজমলে সংখ্যালঘু লোকসকলক উত্তেজিত কৰি তোলাৰ বাবে এইদৰেও কয়– ‘আপোনাৰ ঘৰত কি মাংস খাব, সেয়া বিজেপিয়ে লিখি দিব নেকি? আৰু আপোনালোকে মানিব নেকি? আমাৰ কোৰান–হাদিছত যি মাংসৰ কথা উল্লেখ আছে, আমি সেইবোৰ খাম৷ কোনোবাই ভাল পাওক বা বেয়া পাওক৷ এইখন দেশত থাকিবলৈ বিজেপিক আমি হুজুৰ বুলি মানিম নে আল্লাৰ হুকুম মানি চলিম৷’ এইবাৰ বিজেপিয়ে গৌৰীপুৰ, গোলকগঞ্জ, লাহৰীঘাট, বিলাসীপাৰা (পূব), বিলাসীপাৰা (পশ্চিম) আৰু যমুনামুখ সমষ্টিক টার্গেট কৰিছে বুলিও উল্লেখ কৰে আজমলে৷ ইয়াৰ লগে লগে আগন্তুক সময়তো নির্বাচনী লাভালাভৰ বাবে আজমলে ইয়াতকৈও ভয়াৱহ মন্তব্যৰে সাম্প্রদায়িকতাৰ বিষবাষ্প সিঁচি দিবলৈ চেষ্টা কৰিব বুলি ৰাজনৈতিক মহলত চর্চা হৈছে৷ গৌৰীপুৰত অনুষ্ঠিত সভাখনত বিধায়ক নিজানুৰ ৰহমান, নজৰুল হক, চাহাবুদ্দিন শ্বেখৰ লগতে আন আন নেতা–কর্মীও উপস্থিত থাকে৷

You might also like