নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছ–ইউডিএফৰ মিত্রতাই ক্ষতি নকৰে বিজেপিৰ

আমিনগাঁৱত নৱৰূপত স্বয়ম আঁচনিৰ শুভাৰম্ভ মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাই একো ক্ষতি নকৰে বিজেপিক৷ পৃথিৱীৰ হাজাৰ শক্তি একত্রিত হ’লেও মন জয় কৰিব নোৱাৰে অসমৰ ৰাইজৰ৷ অসমৰ সর্বস্তৰৰ ৰাইজে বিজেপি মিত্রজেজাটৰ চৰকাৰ হোৱাটো মনে–প্রাণে কামনা কৰিছে৷ সেয়ে এতিয়া কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাই তিলমানো ক্ষতি কৰিব নোৱাৰে বিজেপি চৰকাৰক৷ –বুধবাৰে কামৰূপ জিলাৰ আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বার্মা ক্ষেত্রত অনুষ্ঠিত স্বয়ম আঁচনিৰ শুভাৰম্ভণি কৰি এই মন্তব্য মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ৷ লগতে মুখ্যমন্ত্রীগৰাকীয়ে বদৰুদ্দিন আজমলে বিজেপি চৰকাৰে ৰাজ্যৰ মছজিদ ভাঙি পেলাব বুলি কৰা মন্তব্যৰ প্রতিক্রিয়া প্রকাশ কৰি কয় যে বিজেপি চৰকাৰৰ দিনতে বেছি সুৰক্ষিত হৈ আছে অসমৰ জনসাধাৰণ৷ নৱৰূপত স্বয়ম শীর্ষক স্বামী বিবেকানন্দ যুৱ সবলীকৰণ যোজনা আঁচনিৰ শুভ উদ্বোধন কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে প্রতিযোগিতাৰ পৃথিৱীত অসমৰ যুৱক–যুৱতীসকলে প্রমাণ কৰিব লাগিব অসমৰ যুৱক–যুৱতী ভাৰতৰ সর্বশ্রেষ্ঠ যুৱক–যুৱতী৷ বুধবাৰে কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ বাবে আনুষ্ঠানিকভাৱে স্বয়ম আঁচনি উদ্বোধন কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে অসমৰ শিক্ষিত যুৱক–যুৱতীৰে গঠিত আত্মসহায়ক গোটসমূহে চৰকাৰে হাতত লোৱা এই স্বয়ম আঁচনিৰ জৰিয়তে প্রতিগৰাকী গোটৰ সদস্যই ৫০ হাজাৰকৈ ধন লাভ কৰিব৷ এক হাজাৰ কোটি টকা ব্যয় গ্রহণ কৰা স্বয়ম আঁচনিৰ জৰিয়তে ২ লাখ ৫০ হাজাৰ যুৱশক্তিয়ে বর্তমান সুবিধা লাভ কৰিব যদিও এই আঁচনি শীঘ্রে আৰু অধিক হিতাধিকাৰীলৈ সম্প্রসাৰণ হ’ব বুলিও মুখ্যমন্ত্রীগৰাকীয়ে ঘোষণা কৰে৷ উক্ত অনুষ্ঠানতে হিতাধিকাৰী আত্মসহায়ক গোটসমূহলৈ আনুষ্ঠিকভাৱে অনুমোদন–পত্র প্রদান কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে অসমৰ যুৱক–যুৱতীসকলে অধিক পৰিশ্রমেৰে অসমৰ দক্ষিণ–পূব এছিয়াৰ সর্বশ্রেষ্ঠ ৰাজ্য হিচাপে গঢ় দিব লাগিব বুলিও মত প্রকাশ কৰে৷ স্বয়ম আঁচনিৰ যোগেদি আত্মাসহায়ক গোটসমূহে নিজে স্বাৱলম্বী হৈ সমাজক অর্থনৈতিক সচ্ছলতাৰ দিশে ধাৱমান কৰাৰ আহ্বান জনাই মুখ্যমন্ত্রীগৰাকীয়ে প্রতিগৰাকী সদস্যই ৫০ হাজাৰ টকাৰে ৫০ লাখ টকা উপার্জন কৰিব লাগিব বুলিও মত প্রকাশ কৰে৷

অনুষ্ঠানত ভাষণ প্রদান কৰি বিত্ত, স্বাস্থ্য, লোকনির্মাণ ইত্যাদি বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজিৰ দিনটোক অতি আনন্দৰ দিন বুলি অভিহিত কৰে৷ ভাষণ প্রসংগত মন্ত্রীগৰাকীয়ে কয় যে ২০২০–২১ৰ বার্ষিক বাজেটত ৰাজ্য চৰকাৰখনে কেইবাখনো জনকল্যাণকামী আঁচনিৰ ঘোষণা কৰিছিল৷ তাৰ ভিতৰত স্বয়ম আঁচনিখনো এক অন্যতম বুলি তেওঁ কয়৷ আজি এই আঁচনিখনৰ শুভাৰম্ভৰ জৰিয়তে বর্তমানৰ ৰাজ্য চৰকাৰখনে বাজেটত উল্লিখিত ঘোষণাৰ বাস্তৱ ৰূপ প্রদান কৰিলে বুলি কয়৷ ভাষণ প্রসংগত মন্ত্রীগৰাকীয়ে বাজেটত উল্লেখ কৰা ধৰণে অৰুণোদয়, অৰুন্ধতী, ৫২ লাখ পৰিয়ালৰ প্রত্যেকলৈ ৩৫ কেজিকৈ বিনামূলীয়া চাউল যোগান, উচ্চ শিক্ষাৰ বাবে ঋণ গ্রহণ কৰা ছাত্র–ছাত্রীক ‘অভিনন্দন’ আঁচনিৰে ৫০ হাজাৰ টকাৰ সাহায্য প্রদান, শিক্ষক নিযুক্তি ইত্যাদি সফলতাৰে সম্পন্ন কৰিছে বুলিও কয়৷ ক’ভিড–১৯ৰ সময়তো বর্তমানৰ ৰাজ্য চৰকাৰখনে গুৱাহাটীৰ মালিগাঁৱত উৰণীয়া সেতু, ছুপাৰ মার্কেটৰ উৰণীয়া সেতু, গণেশগুৰি উৰণীয়া সেতু ইত্যাদিৰ দৰে বিভিন্ন উন্নয়নী কাম জনসাধাৰণৰ স্বার্থত ক্ষিপ্রতাৰে সম্পন্ন কৰাৰ পদক্ষেপ লৈছে বুলি তেওঁ কয়৷ ভাষণ প্রসংগত মন্ত্রীগৰাকীয়ে স্বয়ম আঁচনিখনৰ জৰিয়তে ১০জনীয়া অথবা ৫জনীয়া আত্মসহায়ক গোটৰ সদস্যসকলে প্রত্যেকে ৫০ হাজাৰ টকাকৈ লাভ কৰিবলৈ সক্ষম হ’ব বুলি কয়৷ প্রথম অৱস্থাত প্রতিগৰাকী হিতাধিকাৰীয়ে ৩০ হাজাৰ টকা লাভ কৰাৰ উপৰি তিনিদিনীয়া প্রশিক্ষণৰ অন্তত আৰু ২০ হাজাৰ টকাকৈ অর্থাৎ মুঠ ৫০ হাজাৰ টকাৰ আর্থিক অনুদান লাভ কৰিব বুলি তেওঁ কয়৷ আজি কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ হিতাধিকাৰীসকলে এই ধন লাভ কৰাৰ উপৰি অহা ২১ আৰু ২২ জানুৱাৰীত বিভিন্ন জিলাৰ হিতাধিকাৰীসকলে এই ধন লাভ কৰিব৷

ধেমাজি আৰু শিৱসাগৰ জিলাত অহা ২৭ জানুৱাৰীত আৰু মাজুলী জিলাত মুখ্যমন্ত্রীয়ে এই ধনৰাশিৰ চেক পৰৱর্তী সময়ত প্রদান কৰিব বুলি তেওঁ কয়৷ মন্ত্রীগৰাকীয়ে এই ধনৰ উচিত প্রয়োগেৰে যুৱক–যুৱতীসকলক্ তেওঁলোকৰ সপোন বাস্তৱায়িত কৰাৰ বাবেও আহ্বান জনায়৷ আঁচনিৰ ধন সদ্ব্যৱহাৰ কৰিলে পৰৱর্তী পর্যায়ত চৰকাৰে আৰু অধিক সহায় কৰিব বুলিও তেওঁ কয়৷ এই আঁচনিৰ দ্বাৰা লাভান্বিত গোটসমূহক স্থানীয় এলেকাৰ চৰকাৰী বিভিন্ন কামত নিয়োজিত কৰাৰ বাবে পঞ্জীয়ন কৰা হ’ব বুলিও তেওঁ কয়৷ এই আঁচনিৰ অধীনত বর্তমান ১ হাজাৰ কোটি টকা ব্যয় কৰা হ’ব যদিও এয়া এক আৰম্ভণি বুলিহে মন্ত্রীগৰাকীয়ে কয়৷ ভৱিষ্যতে আৰু অধিক এনেধৰণৰ পদক্ষেপ লৈ যাব বুলি তেওঁ কয়৷ বিত্ত বিভাগৰ প্রধান সচিব সমীৰ কুমাৰ সিনহাই আদৰণী ভাষণ প্রদান কৰা আজিৰ এই অনুষ্ঠানত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্য, জলসিঞ্চন বিভাগৰ ৰাজ্যিক স্বতন্ত্র মন্ত্রী ভবেশ কলিতা, পলাশবাৰী সমষ্টিৰ বিধায়ক প্রণৱ কলিতা, হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্রিয়া, প্রাক্তন সাংসদ বৈজয়ন্ত জয় পাণ্ডা, বিত্ত বিভাগৰ আয়ুক্ত সচিব শ্যাম জগন্নাথনকে ধৰি বহুসংখ্যক গণ্য–মান্য ব্যক্তিৰ লগতে আঁচনিখনৰ হিতাধিকাৰীসকল উপস্থিত থাকে৷

You might also like