নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূমিস্খলনৰ পিছত হাফলং-শিলচৰ পথেৰে যোগাযোগ আৰম্ভ

নিয়মীয়া বাৰ্তা, ৩ মেʼ : ডিমা হাছাও জিলাৰ বিভিন্ন প্ৰান্তত যোৱা বুধবাৰৰ পৰা অব্যাহত থকা মুষলধাৰ বৰষুণ, ভূমিস্খলন তথা ধুমুহা সম্প্ৰতি শাম কটাৰ ফলত জিলাখনলৈ স্বাভাৱিক জীৱন যাত্ৰা ঘূৰি আহিছে। উক্ত প্ৰাকৃতিক দুৰ্যোগৰ ফলত ৰেল চলাচল তথা বৰ্হিঃৰাজ্যৰ পৰা জিলাখনলৈ সৰবৰাহ কৰা অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা বাহন চলাচলত বাধা আহি পৰিছিল। জিলাখনলৈ বিস্তৃত ৰাষ্ট্ৰীয় ঘাই পথৰ বহু স্থানত ভূমিস্খলন তথা পাহাৰৰ পৰা পানীৰ ঢল হৈ অহাৰ ফলত ঠায়ে ঠায়ে বহু গধুৰ আৰু লঘু যান বাহন আৱদ্ধ হৈ পৰিছিল। ইয়াৰ লগতে আন্তঃজিলা পৰিবহণ ব্যৱস্থাও প্ৰশাসনে বন্ধ কৰি দিছিল। কিন্ত লাহে লাহে পৰিস্থিতি স্বাভাৱিক হোৱাৰ ফলত শুকুৰবাৰৰ পৰা যান বাহন চলাচল নিয়মীয়া হৈছে। উল্লেখযোগ্য যে হাফলং-শিলচৰ সংযোগী পথটোৱে পুনৰ মান বাহন চলাচল আৰম্ভ কৰা হৈছে। অৱশ্যে গধুৰ বাহন চলাচল কৰাৰ ক্ষেত্ৰত কিছু নীতি নিৰ্দেশনা আৰোপ কৰা হৈছে। ইফালে উক্ত প্ৰাকৃতিক দুৰ্যোগৰ ফলত পাহাৰীয়া জিলা খনৰ দুৰ্গম অঞ্চলৰ বহুকেইটা পৰিয়াল ক্ষতিগ্ৰস্ত হয়। ডিমা হাছাও স্বায়ত্বশাসিত পৰিষদে ক্ষতিগ্ৰস্ত পৰিয়ালৰ পুনৰ সংস্থাপন কৰাৰ বাবে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে।

প্ৰেৰক হেমন্ত কুমাৰ নাথ

You might also like