সুশাসনৰ বাবে বিধানসভা নির্বাচনত বিজেপিয়ে লাভ কৰিছে বিপুল সঁহাৰিঃ মুখ্যমন্ত্রী
নির্বাচনৰ ফলাফলক লৈ আত্মবিশ্বাসী বিজেপি
নিয়মীয়া বাৰ্তা ৯ এপ্ৰিলঃ তিনিটা পর্যায়ত সম্পন্ন হোৱা ৰাজ্যৰ বিধানসভা নির্বাচনৰ ফলাফলক লৈ চলি থকা সমীকৰণৰ মাজতে আজি বিজেপি নেতৃত্বৰ স্পষ্ট দাবী– পুনৰ চৰকাৰ গঠন কৰিম আমি৷ নির্বাচনৰ ফলাফলক লৈ যথেষ্ট আত্মবিশ্বাসী হৈ থকা ৰাজ্যিক বিজেপিৰ নেতৃত্বই ২০১৬ চনৰ নির্বাচনতকৈ এইবাৰ ফলাফল যথেষ্ট উন্নত হ’ব বুলি মন্তব্য কৰিলে৷ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কার্যালয়ত আজি এখন সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই কয় যে ২ মে’ৰ পাছত এইখন চৰকাৰেই পুনৰ ৰাজ্যৰ উন্নয়নৰ বাবে কাম আৰম্ভ কৰিব৷ বিজেপিয়ে নির্বাচনত যি ১০টা প্রতিশ্রুতি প্রদান কৰিছিল, সেই প্রতিশ্রুতি কার্যকৰী কৰাৰ বাবে প্রথম কেবিনেট বৈঠকতে সিদ্ধান্ত গ্রহণ কৰা হ’ব৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে সমাপ্ত হোৱা নির্বাচন শান্তিপূর্ণভাৱে হৈ যোৱাৰ বাবে ৰাজ্যবাসীৰ লগতে নির্বাচনৰ লগত জড়িত প্রতিটো সংস্থাকে অশেষ ধন্যবাদ জ্ঞাপন কৰে৷
মুখ্যমন্ত্রীয়ে কয়– বিজেপি চৰকাৰৰ সুশাসন ব্যৱস্থাৰ বাবেই অসমৰ ৰাইজে মর্যাদা সহকাৰে জীয়াই থকাৰ অধিকাৰ লাভ কৰিছে, সেয়েহে নির্বাচনত ৰাইজে বিজেপিলৈ বিপুল সঁহাৰি দিছে৷ তেওঁ কয়– গণতন্ত্রৰ ভেটি শক্তিশালী কৰাৰ বাবে অসমৰ ৰাইজ যে আগ্রহী, এইবাৰ নির্বাচনত সেই কথা প্রতিপন্ন হৈছে৷ এইবাৰ নির্বাচনত প্রধানমন্ত্রী নৰেন্দ্র মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ লগতে কেন্দ্রীয় নেতৃবৃন্দই আগবঢ়োৱা সহায়–সহযোগিতাই ৰাজ্যিক বিজেপিৰ প্রতিগৰাকী কার্যকর্তাক উৎসাহিত কৰিছে৷ ইয়াৰ বাবে প্রতিগৰাকী কেন্দ্রীয় নেতৃত্বলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ যোৱা পাঁচ বছৰে ঐক্যবদ্ধভাৱে কাম কৰি বিজেপি চৰকাৰখনে মূল্যবোধৰ ভেটি গঢ়ি তোলাত সফলতা লাভ কৰিছে৷ বিজেপিয়ে অসমত ভাষা, সংস্কৃতি, ঐতিহ্য ৰক্ষাৰ বাবে চেষ্টাৰ ত্রুটি নকৰে৷
ইফালে সংবাদ মেল সম্বোধন কৰি মন্ত্রী তথা ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই কয়– বিৰোধী দলসমূহে দাবী কৰি অহাৰ বিপৰীতে অহা ২ মে’ত অসমৰ ৰাইজে এক বিপৰীত প্রতিচ্ছবি এইবাৰ দেখা পাব৷ এইবাৰ বিজেপিয়ে অভিলেখসংখ্যক আসন দখল কৰি পুনৰ শাসনলৈ উভতি আহিব৷ ২০১৬ চনত ৰাইজৰ যিমান সমর্থন আছিল, ২০২১ চনত তাতকৈ বহু বেছি সমর্থন আমি ৰাইজৰ মাজত দেখা পাইছোঁ৷ আটাইতকৈ ডাঙৰ কথাটো এই যে এইবাৰ নির্বাচনত বহু প’লিং বুথত কংগ্রেছে এজেণ্ট দিব পৰা নাছিল, বহিবলৈ প’লিং বুথত কংগ্রেছৰ মানুহ নাছিল৷ কংগ্রেছৰ এখনো বৃহৎ সভা আমি দেখিবলৈ পোৱা নাছিলোঁ৷ বিৰোধী এইবাৰ সম্পূর্ণভাৱে নিশকটীয়া আছিল৷ একপ্রকাৰ ক’বলৈ গ’লে কংগ্রেছে তেওঁলোকৰ সমস্ত শক্তি তথা সাংগঠনিক শক্তি এজন ব্যক্তিৰ ওপৰত এৰি দিছিল৷ কংগ্রেছৰ নেতৃত্বই নিজে দলক আগুৱাই নিয়াৰ পৰিৱর্তে এজন ব্যক্তিৰ ওপৰত এৰি দিছিল৷ একমাত্র কংগ্রেছেই নহয়, চি পি এম, চি পি আই আদি কৰি সকলো বিৰোধী ৰাজনৈতিক দলে এজন ব্যক্তিৰ ওপৰতে নির্ভৰশীল হৈছিল৷ ফলত নির্বাচনত এফালে থাকিল অসমৰ ৰাইজ আৰু আনফালে বদৰুদ্দিন আজমল৷ আমি নিশ্চিত যে এইবাৰ অভিলেখসংখ্যক আসনত মিত্রজোঁটে জয়লাভ কৰিবলৈ সক্ষম হ’ব৷ পুনৰ ২ মে’ৰ পৰাই এই চৰকাৰখনে কাম–কাজ আগুৱাই নিব৷
বহু লোকে শেহতীয়াকৈ প্রশ্ণ উত্থাপন কৰিছে যে মাইক্র’ ফাইনেঞ্চৰ ঋণসমূহ চৰকাৰে ওভতাই দিব নে নাই৷ বিজেপিয়ে নির্বাচনত যি ১০টা প্রতিশ্রুতি দিছে, সেই প্রতিশ্রুতি সম্পূর্ণৰূপে পালন কৰা হ’ব৷ অৰুণোদয় আঁচনিৰ জৰিয়তে সকলোকে সামৰি লোৱা, বন্ধন বেংকৰ ঋণৰ পৰা আই–মাতৃসকলক উদ্ধাৰ কৰা এই সকলো প্রতিশ্রুতি পালন কৰা হ’ব৷ ইতিমধ্যে বিত্ত বিভাগক কিমানসংখ্যক ঋণ আছে, ৫০ হাজাৰ বা এক লাখ টকাৰ লোন লোৱা লোক কিমান আছে, এই সকলো বিষয় বিস্তৃতভাৱে পৰীক্ষা কৰাৰ বাবে নির্দেশ দিয়া হৈছে৷ আমি যাতে এটা ভাল সিদ্ধান্ত প্রথমখন কেবিনেট বৈঠকতে ল’ব পাৰোঁ, তাৰ বাবে ইতিমধ্যে কার্যপন্থা প্রস্তুত কৰা হৈছে৷
সংবাদ মেলত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কয়– ডিষ্টিংচনসহ নির্বাচনী পৰীক্ষাত উত্তীর্ণ হ’ম৷ বিজেপিয়ে ৮৬খনতকৈও অধিক আসন লাভ কৰিবলৈ সক্ষম হ’ব৷ এইবাৰ নির্বাচনত বিজেপি আৰু মিত্রজোঁটক বিপুল সঁহাৰি আগবঢ়োৱাৰ বাবে অসমৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে সভাপতিগৰাকীয়ে৷ তেওঁ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা, দলৰ কার্যকর্তা আৰু পৃষ্ঠাপ্রমুখসকলকো বিশেষ ধন্যবাদ জ্ঞাপন কৰে৷