নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘শীঘ্রে অসমলৈ স্থানান্তৰ কৰক প্রশাসনিক কার্যালয়’– টাটা টীক ভাবুকি আলফাৰ

নিয়মীয়া বাৰ্তা ৯ এপ্ৰিলঃ গোপনে চলিছে টাটা টীৰ এক অসমবিৰোধী চক্রান্ত৷ বিগত ১৪ বছৰ ধৰি অসমত চাহ ব্যৱসায় কৰি অহা এমালগেমেটেড প্লেণ্টেচন প্রাইভেট লিমিটেড আৰু টাটা কনজিউমাৰ প্রডাক্টছ লিমিটেডৰ কর্প’ৰেট কার্যালয় গুৱাহাটীৰ পৰা কলকাতালৈ স্থানান্তৰ কৰাৰ সকলো প্রস্তুতি ইতিমধ্যে সম্পূর্ণ হৈছে৷ এই লক্ষ্যৰেই কোম্পানী দুটাত কর্মৰত সকলো শীর্ষ বিষয়াক অহা ৩০ এপ্রিলৰ ভিতৰত কলকাতাত যোগদান কৰিবলৈ কোৱা হৈছে৷ উল্লেখ্য যে টাটা টীৰ মুঠ ২৫খন চাহ বাগিচাৰ ভিতৰত ২১খন অসমত থকাৰ বিপৰীতে ৪খন আছে পশ্চিমবংগত৷ সেই বাবেই অসমবাসীৰ বহু দাবী–আপত্তিৰ ফলত টাটা টীৰ কর্প’ৰেট কার্যালয় গুৱাহাটীত স্থাপন কৰা হৈছিল৷

কিন্তু শেহতীয়াকৈ টাটা টীৰ ঊর্ধ্বতন কর্তৃপক্ষই গোপনে কেতবোৰ অসমবিৰোধী সিদ্ধান্ত ল’বলৈ ধৰে৷ বিশেষকৈ বিক্রম সিং গৌড় নামৰ ব্যক্তিগৰাকীয়ে কোম্পানীটোৰ পৰিচালন সঞ্চালকৰ দায়িত্ব গ্রহণ কৰাৰ পাছৰে পৰা অসমবিৰোধী সিদ্ধান্তসমূহ কার্যকৰী কৰাৰ প্রক্রিয়া আৰম্ভ হয়৷ প্রথমতে টাটা টীয়ে থলুৱা যুৱক–যুৱতীসকলৰ্ নিযুক্তি প্রক্রিয়া সম্পূর্ণৰূপে বন্ধ কৰি দিয়ে৷ দ্বিতীয়তে কোম্পানীটোৱে চাহ বাগিচাৰ ভূমি বিক্রীৰ প্রক্রিয়াও আৰম্ভ কৰে৷ ৰাজ্যত নির্বাচনী ধামখুমীয়া অব্যাহত থকাৰ মাজতে টাটা টীয়ে গোপনে অসমবিৰোধী কাম–কাজ আগবঢ়াই নিয়ে আৰু শেহতীয়াকৈ কর্প’ৰেট কার্যালয় স্থানান্তৰ কৰাৰ প্রস্তুতিও সম্পূর্ণ কৰে৷ ইয়াৰ ফলত অসমৰ চাহ উদ্যোগত যে বিৰূপ প্রভাৱ পৰিব, সেয়া নিশ্চিত৷

টাটা টীৰ কর্প’ৰেট কার্যালয় অসমৰ পৰা স্থানান্তৰ হ’লে এহাতে অসমত থকা চাহ নিলাম কেন্দ্রটো অচল হৈ পৰিব, আনহাতে কলকাতাত নিযুক্তি–পত্র লৈ অসমত যোগদান কৰিবলৈ অহা বহিঃৰাজ্যৰ কর্মচাৰীৰ সংখ্যা বৃদ্ধি পাব৷ টাটা টীৰ এই অসমবিৰোধী সিদ্ধান্তৰ তীব্র বিৰোধিতা কৰিছে সদৌ অসম ছাত্র সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই৷

শুকুৰবাৰে আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে প্রতিক্রিয়া প্রকাশ কৰি কয় যে টাটা টীৰ এনে কার্য কোনোপধ্যে মানি ল’ব নোৱাৰি৷ অসম আন্দোলন আৰু বহু দাবীৰ পাছত চাহ কোম্পানীৰ কার্যালয় অসমত স্থাপন কৰা হৈছিল৷ এতিয়া স্থানীয় যুৱক–যুৱতীক বঞ্চিত কৰি নিযুক্তিকে ধৰি সকলো কাম–কাজ কলকাতাৰ পৰা চলিব৷ এয়া সহ্য কৰা নহ’ব৷ টাটা টী তীব্র প্রত্যাহ্বানৰ বাবে সাজু হওক৷

ইপিনে, আলফা (স্বাধীন)–এ এমালগেমেটেড প্লেণ্টেচন প্রাইভেট লিমিটেডৰ সকলো প্রশাসনিক কার্যালয় অসমলৈ স্থানান্তৰ কৰাৰ বাবে কোম্পানীটোক সকীয়নি দিছে৷ এক বিবৃতিত নিষিদ্ধঘোষিত উগ্রপন্থী সংগঠনটোৰ প্রচাৰ বিভাগৰ সদস্য ৰুৰেল অসমে কয় যে চাহ কোম্পানীটোৱে অসমৰ নিবনুৱা যুৱক–যুৱতীসকলক্ বঞ্চিত কৰি বহিঃৰাজ্যৰ লোকক নিযুক্তি দিয়াটো আলফা (স্বাধীন)–এ উদ্বিগ্ণতাৰে লক্ষ্য কৰি আহিছে৷ কোম্পানীটোৱে ব্যৱসায় চলাই অহা অঞ্চলটোৰ প্রতি নিজৰ দায়িত্বও পালন কৰা নাই৷ এনে প্রেক্ষাপটত অসমৰ সম্পদেৰে চহকী হোৱা কোম্পানীটোৱে অসমৰ জনসাধাৰণক বঞ্চিত কৰা কার্য কেতিয়াও মানি ল’ব পৰা নাযায়৷ সেয়ে এমালগেমেটেড প্লেণ্টেচনৰ সকলো প্রশাসনিক কার্যালয় শীঘ্রে অসমত স্থাপন কৰিবলৈ আৰু কেৱল থলুৱা যুৱক–যুৱতীক কোম্পানীটোত নিযুক্তি দিবলৈ আলফা (স্বাধীন)–এ কঠোৰ সকীয়নি দিছে৷ অন্যথা টাটা টীৰ শীর্ষ বিষয়াৰ অসমত প্রৱেশ নিষিদ্ধ কৰা আৰু টাটা টীৰ বাগিচাসমূহ বন্ধ কৰি দিয়াৰ ভাবুকি দিছে উগ্রপন্থী সংগঠনটোৱে৷

অৱশ্যে আলফা (স্বাধীন)ৰ ভাবুকিৰ লগত টাটা টীৰ কর্প’ৰেট কার্যালয় স্থানান্তৰৰ কোনো সম্পর্ক নাই৷ আজি উগ্রপন্থী সংগঠনটোৱে সকীয়নি দিছে যদিও ইয়াৰ বহু আগতেই গুৱাহাটীস্থিত কর্প’ৰেট কার্যালয় স্থানান্তৰ কৰাৰ প্রক্রিয়া আৰম্ভ হৈছে৷

You might also like