দখলত থকা সমষ্টি এৰাধৰা কৰিবলৈ সাজু অগপ–বিজেপিঃ ৫–১০ আসনত বন্ধুত্বপূর্ণ প্রতিদ্বন্দ্বিতা
নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ বিধানসভা নির্বাচনৰ দিন ঘোষণাৰ প্রাক্ক্ষণত কংগ্রেছৰ মহাজোঁটবন্ধনক লৈ সৃষ্টি হোৱা অনিশ্চয়তাৰ বিপৰীতে মিত্রজোঁট অগপ, বিজেপি, ইউ পি পি এলৰ আসন বুজাবুজি প্রায় চূড়ান্ত হোৱাৰ পথত৷ বিশেষকৈ অগপ–বিজেপিৰ আসন ভাগ–বাটোৱাৰা অহা মার্চ মাহৰ আৰম্ভণিতে সম্পন্ন হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ ইতিমধ্যে আসন বুজাবুজিৰ বিষয়টোৰ সন্দর্ভত ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই স্পষ্ট স্থিতি প্রকাশ কৰাৰ পিছত অগপ আৰু বিজেপিৰ শীর্ষ নেতৃত্বৰ মাজত অনুষ্ঠিত হৈ গৈছে কেইবালানিও বৈঠক৷ এই বৈঠকতে উভয় দলে আসন বুজাবুজিৰ ক্ষেত্রত প্রায় ঐকমত্যত উপনীত হৈছে৷
অগপৰ এক শীর্ষসূত্রই প্রকাশ কৰা অনুসৰি আগন্তুক নির্বাচনত আঞ্চলিক দলটোৱে ৪০খন আসনৰ এখন তালিকা ইতিমধ্যে বিজেপিৰ ওচৰত দাখিল কৰিছে৷ উক্ত তালিকাত অগপৰ দখলত থকা ১৪টা সমষ্টিৰ লগতে ২০১৬ চনৰ নির্বাচনত দলটোৱে প্রত্যাহ্বান জনোৱা আন ২২টা সমষ্টিৰ লগতে অগপই জয়ী হোৱাৰ সম্ভাৱনা থকা আন ৪টা সমষ্টিও উল্লেখ কৰা হৈছে৷ এতিয়া সমগ্র বিষয়টো বিজেপিৰ ৰাষ্ট্রীয় আৰু ৰাজ্যিক নেতৃত্বৰ সৈতে আলোচনাৰ পিছত চূড়ান্ত হ’ব৷ উল্লেখ্য যে অসম বিধানসভাৰ নির্বাচনৰ দিন চলিত মাহতে ঘোষণা কৰাৰ পূর্ণ সম্ভাৱনা আছে৷ নির্বাচনৰ দিন ঘোষণাৰ বাবে ইতিমধ্যে নির্বাচন আয়োগৰ এটা দলেও অসমৰ বিভিন্ন সমষ্টি ভ্রমণ কৰি প্রস্তুতিৰ বুজ লৈছে৷ এনে অৱস্থাত ফেব্রুৱাৰী মাহত নির্বাচনৰ দিন ঘোষণা হ’লে মার্চ মাহৰ আৰম্ভণিতে কংগ্রেছ–বিজেপিৰ আসন বুজাবুজি চূড়ান্ত হ’ব৷ আসন বুজাবুজিৰ ক্ষেত্রত বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ লগত অগপৰ নেতৃত্বৰ কেইবালানিও অনানুষ্ঠানিক আলোচনাও ইতিমধ্যে সম্পন্ন হৈছে৷
আনকি শেহতীয়াকৈ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতেও অগপৰ সভাপতি অতুল বৰা আৰু কার্যকৰী সভাপতি কেশৱ মহন্তৰো কেইবালানিও বৈঠক সম্পন্ন হৈছে৷ অগপৰ সূত্রই প্রকাশ কৰা অনুসৰি আসন বুজাবুজিৰ ক্ষেত্রত মুখ্য বিষয়টো হৈছে– উভয় দলৰ দখলত থকা সমষ্টি কিদৰে এৰা–ধৰা কৰা হ’ব৷ এইক্ষেত্রত অগপই যিদৰে ত্যাগ স্বীকাৰ কৰিবলৈ সাজু, তেনেদৰে বিজেপিয়েও দখলত থকা সমষ্টি এৰি দিবলৈ সাজু থাকিব লাগিব৷ ২০১৬ চনৰ নির্বাচনতো উভয় দলে সমষ্টি এৰাধৰাৰ মাজেৰে জয়ী হ’বলৈ সক্ষম হৈছিল৷
সূত্রটোৱে ইয়াকো কয় যে বিজেপিয়ে ইতিমধ্যে অগপৰ দখলত থকা নাহৰকটীয়া, দেৰগাঁও, তেজপুৰ, পাটাছাৰকুছি, কমলপুৰ আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ দাবী তুলিছে৷ একেদৰে অগপয়ো বিজেপিৰ দখলত থকা হাজো, পলাশবাৰী, বিশ্বনাথ, বটদ্রৱা, ৰহা আৰু সৰুপথাৰ সমষ্টিকেইটাৰ দাবী তুলিছে৷ এইক্ষেত্রত বিজেপিয়ে বিচৰা সমষ্টিত শাসকীয় দলটোৰ জয়ৰ সম্ভাৱনা কিমান অথবা অগপই বিচৰা সমষ্টিত আঞ্চলিক দলটোৰ জয়ৰ সম্ভাৱনা কিমান, সেয়া সমীক্ষা তথা পর্যালোচনাৰ অন্ততহে স্পষ্ট হ’ব৷ হয়তো অগপৰ দখলত থকা ৬টা সমষ্টি এৰি দিয়াৰ বিপৰীতে বিজেপিয়ে ৩টা সমষ্টি এৰি দিব পাৰে৷ একেদৰে বিজেপিয়ে ৬টা সমষ্টি এৰি দিয়াৰ বিপৰীতে অগপই তিনিটা সমষ্টি এৰি আসন বুজাবুজি কৰিব পাৰে৷ এই সকলো চূড়ান্ত হ’ব মার্চ মাহত হ’ব লগা আনুষ্ঠানিক বার্তালাপত৷ অৱশ্যে অগপই নিজৰ দখলত থকা সমষ্টিত এইবাৰ প্রার্থী প্রক্ষেপ কৰাৰ বাবে সকলোধৰণৰ প্রস্তুতি চলাই আছে৷
উভয় দলৰে মূল কথা হ’ল– ভোট বিভাজনৰ সুযোগ যাতে কংগ্রেছে ল’ব নোৱাৰে৷ অগপৰ এনে দাবীৰ বিপৰীতে কিন্তু বিজেপিয়ে অগপক ৰহা, বটদ্রৱা, হাজো আৰু বিশ্বনাথ এৰি দিয়াৰ বাবেহে মনস্থ কৰিছে৷ আনকি বটদ্রৱা এৰি দিয়াৰ বিপৰীতে বিজেপিয়ে অগপৰ পৰা বঢ়মপুৰ সমষ্টিৰ দাবী তোলাৰো সম্ভাৱনা আছে৷ বিজেপিৰ দলীয় সূত্রই প্রকাশ কৰা অনুসৰি সংখ্যালঘু ভোট মিত্রজোঁটৰ পক্ষত ৰখাৰ লক্ষ্যৰে বিজেপিৰ দখলত থকা সমষ্টি অগপক এৰি দিয়াৰ চিন্তা–চর্চা কৰা হৈছে৷ তেনে অৱস্থাত সংখ্যালঘু অধ্যুষিত কেইবাটাও সমষ্টি অগপক দিয়াৰ বিপৰীতে বিজেপিয়ে অগপৰ জয়ৰ সম্ভাৱনা কম থকা সমষ্টিত প্রার্থী প্রক্ষেপ কৰিব৷ উল্লেখ্য যে দুয়ো দলৰ মাজত আসন বুজাবুজিক লৈ এতিয়াও চূড়ান্ত সিদ্ধান্ত হোৱা নাই যদিও ৫–১০টা সমষ্টিত বন্ধুত্বপূর্ণ প্রতিদ্বন্দ্বিতাৰ বাবেও দুয়ো দল সাজু হৈছে৷ বিগত নির্বাচনতো কেইবাটাও সমষ্টিত অগপ–বিজেপিৰ বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতাৰে কংগ্রেছ–এআইইউডিএফক্ প্রতিহত কৰিবলৈ সক্ষম হৈছিল৷ একেই প্রক্রিয়াৰে এইবাৰো অগপ–বিজেপিৰ মাজত মধ্য অসম আৰু নামনি অসমৰ কেইবাটাও সমষ্টিত বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে৷