নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাগ্দেৱীৰ বন্দনাৰে মুখৰিত সমগ্র ৰাজ্য

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ ক’ভিডসৃষ্ট জটিল পৰিস্থিতিৰ পিছত ৰাজ্যত এইবাৰ ব্যতিক্রমী ৰূপত অনুষ্ঠিত হ’ল বিদ্যাৰ অধিষ্ঠাত্রী দেৱী সৰস্বতী পূজা৷ ৰাজ্যৰ প্রতিখন শিক্ষানুষ্ঠানত মঙলবাৰে সৰস্বতী দেৱীক বেদীত প্রতিষ্ঠা কৰাৰ পিছতে পূজাৰীসকলে শংখ, ঘণ্টা, মংগলধ্বনি আৰু মন্ত্রোচ্চাৰণেৰে পূজা আৰম্ভ কৰে৷

প্রতিটো মণ্ডপত বৈদিক নিয়ম মতে পূজাৰীয়ে পূজা আৰম্ভ কৰাৰ লগে লগে শিক্ষানুষ্ঠানসমূহ বাগদেৱীৰ বন্দনাৰে মুখৰ হৈ পৰে৷

উল্লেখ্য যে বৈদিক নিয়ম মতে, মাঘ মাহৰ শুল্কা পঞ্চমী তিথিত বিধিসন্মতভাৱে সৰস্বতী পূজা উদ্যাপন কৰা হয়৷ সেই অনুসৰি মঙলবাৰেও ৰাজ্যৰ প্রতিখন শিক্ষানুষ্ঠানত বৈদিক নিয়ম অনুসৰি শিক্ষার্থীসকলে বাগদেৱীৰ আৰাধনা কৰি শৈক্ষিক দিশত আগবাঢ়ি যোৱাৰ বাবে আশিস বিচাৰে৷ উল্লেখ্য যে সৰস্বতী পূজা অহাৰ লগে লগে ছাত্র–ছাত্রীসকলৰ মন–প্রাণ উদ্বেলিত কৰি তোলে৷ সৰস্বতী পূজাৰ দিনটোত নিজকে আকর্ষণীয় ৰূপত সজাবলৈ কিশোৰীৰ পৰা যুৱতীসকলৰ মাজত অঘোষিত প্রতিযোগিতা চলে৷ পূজাৰ প্রাক্ক্ষণত বিউটী পার্লাৰসমূহত এইবাৰো যথেষ্ট ভিৰ হয়৷ ব্যাপক উছাহ–উদ্দীপনাৰ মাজেৰে শিক্ষার্থীসকলে কালি সৰস্বতী পূজা উদযাপন কৰা পৰিলক্ষিত হয়৷

উল্লেখ্য যে শেহতীয়াকৈ ক’ভিডৰ সংক্রমণ হ্রাস পোৱাৰ বাবে উৎসৱ–পার্বণৰ ক্ষেত্রতো যথেষ্ট শিথিলতা প্রদান কৰা হৈছে৷ সেয়েহে শিক্ষক তথা শিক্ষার্থীসকলে উখল–মাখল পৰিৱেশত বাগদেৱীক আৰাধনা কৰে৷ ইফালে, পূজা মণ্ডপ আৰু তোৰণসমূহো এইবাৰ ব্যতিক্রমী আৰু আকর্ষণীয় ৰূপত সজাই তোলা দেখা যায়৷ কোনো শিক্ষানুষ্ঠানত ক’ৰোনা ভাইৰাছৰ আর্হিত পূজা মণ্ডপ সজাই তোলাৰ লগতে কোনো শিক্ষানুষ্ঠানত নির্মাণ কৰে ছেল্ফি জ’ন৷

You might also like