নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মই যিমানখিনি ভাল কাম কৰিলোঁ সেয়া বিজেপিক দি যাম

আৱেগিক ড০ হিমন্ত বিশ্ব শর্মাই ক’লে

নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ ৰাজনীতিত ব্যক্তিগত বুলি কোনো কথা নাই৷ ৰাজনীতিত মানুহৰ মাজলৈ যোৱাৰ সৌভাগ্য কোনেও এৰিব নোখোজে৷ –এই মন্তব্য ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ একাধিক জনকল্যাণমূলক আঁচনিৰে দুখীয়া ৰাইজক উপকৃত কৰাৰ লক্ষ্য বান্ধি লোৱাৰ পাছতো ৰাজ্য চৰকাৰখনে বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত কিয় ৰাইজৰ ওচৰত ব্যাপক প্রচাৰ চলাবলৈ যাবলগীয়া হৈছে? চৰকাৰখনক লৈ উত্থাপিত এনে প্রশ্ণৰ প্রসংগত বুধবাৰে আৱেগিক হৈ মন্ত্রী শর্মাৰ মন্তব্য– ৰাজনীতিত মানুহৰ মাজলৈ যোৱাৰ সৌভাগ্য কোনে এৰিব? লাউ সদায় পাতৰ তলত৷ শচীন তেণ্ডুলকাৰে যেনেকৈ প্রতিখন মেচতে ৰানৰ বাবে ক্ষুধাতুৰ, আমিও ৰাজনীতিত কিমান মানুহক লগ কৰিব পাৰোঁ, সেই লক্ষ্যত থাকোঁ৷ কেতিয়াবা চাইকেল চলাই, কেতিয়াবা কাৰোবাৰ পাকঘৰত, কাৰোবাৰ গোসাঁইঘৰত, কাৰোবাক মছজিদত, কাৰোবাক গির্জাত গৈ লগ কৰিবলৈ চেষ্টা কৰোঁ৷ যিমানেই মানুহ লগ কৰিব পাৰোঁ, সিমানেই জীৱনৰ সার্থকতা পাওঁ৷ সেয়েহে ৰাজনীতিত ব্যক্তিগত বুলি একো নাই৷ মই বিজেপিৰ, বিজেপি মোৰ, বিজেপি সর্বানন্দ সোণোৱালৰ, প্রধানমন্ত্রী নৰেন্দ্র মোদী বিজেপিৰ, আমাৰ ব্যক্তিগত পৰিচয় নাই৷ যদি মই নির্দলীয়ভাৱে ৰাজনীতি কৰিলোঁহেঁতেন, তেন্তে মোৰ পৰিচয় থাকিলহেঁতেন৷ পাঁচ বছৰত আমি যিমান ভাল কাম কৰিলোঁ, সেয়া বিজেপিক দি যাম আৰু বেয়া কামসমূহ নিজৰ লগত ৰাখিম৷ যিদৰে পূজাৰীয়ে উপবাসে থাকি যযমানক সকলো পুণ্য দি থৈ যায়, সেইদৰে আমি ভাল কামসমূহ বিজেপিক দি থৈ যাম৷

ইফালে বুধবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা আন এক বার্তালাপত বংগ মূলীয় মুছলমানৰ প্রসংগত মন্ত্রীগৰাকীৰ স্পষ্ট মন্তব্য– বিজেপিক বংগ মূলীয় মুছলমানৰ ভোট নালাগে৷ মই তথাকথিত মিঞাৰ ভোটেৰে বিধায়ক হ’ব নোখোজোঁ৷ উল্লেখ্য যে আগন্তুক নির্বাচনত বিজেপিয়ে ধর্মীয় মেৰুকৰণ কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে বিৰোধী দলসমূহে৷ এনে প্রসংগতে আজি মন্ত্রীগৰাকীয়ে কয়– মিঞা শব্দটোৱে দেশৰ আন প্রান্তত অন্য অর্থ প্রকাশ কৰিলেও অসমত মিঞা সেইসকল লোকক বুজায়, যিসকল বাংলাদেশৰ পৰা অসমলৈ আহিছে৷ আমি অসমৰ খিলঞ্জীয়া মুছলমানৰ বিৰোধী নহয়৷ যিসকল মুছলমানে শ্রীমন্ত শংকৰদেৱ, মাধৱদেৱৰ আদর্শ–সংস্কৃতিক অনুকৰণ কৰে, যিসকলে অসমত জন্মগ্রহণ কৰি অসমৰ সংস্কৃতি গ্রহণ কৰে, সেইসকল মুছলমান আমাৰ আদৰণীয়৷ কিন্তু যিসকল মুছলমান অসমৰ বাহিৰৰ পৰা আহিছে, যিসকলে আমাৰ অস্তিত্বক প্রত্যাহ্বান জনাব খোজে, সেইসকলৰ ভোট আমাক নালাগে৷ কোনোবা নেতাই বা ৰাজনৈতিক দলে তেওঁলোকৰ ভোট ল’লে ল’ব পাৰে, সেয়া তেওঁলোকৰ কথা৷ কিন্তু আমাক তথাকথিত মিঞাৰ ভোট নালাগে৷ যিসকলে নিজকে মিঞা মুছলমান বুলি পৰিচয় দিব খোজে, তেওঁলোকে আমাক ভোট দিব নালাগে৷ ইফালে কংগ্রেছে নামনিত বিজেপিয়ে শূন্যখন আসন লাভ কৰিব বুলি কৰা মন্তব্যৰো প্রতিক্রিয়া প্রকাশ কৰি ড০ শর্মাই কয়– কংগ্রেছে ৰাজনৈতিক অংক নাজানে৷ যাৰ বাবে এইধৰণৰ কথা কয়৷ কংগ্রেছ দলে অসমখনক নামনি, উজনি, মধ্য অসম এইধৰণে ভাগ কৰিব বিচাৰে৷ কিন্তু বিজেপিয়ে সমগ্র অসমৰ কথা কয়৷ আজি নলবাৰী, পাটাছাৰকুছি এই সমষ্টিবোৰত কোন জয়ী হৈছে, এই সমষ্টিবোৰ নামনি অসম নে অসমত? সেয়া কংগ্রেছে ভালকৈ বুজা উচিত৷

You might also like