নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউডিএফ–বিপিএফৰ ৭ প্রার্থীৰে চলিছে মিত্রজোঁটৰ দৰ–দাম

কংগ্রেছৰ শীর্ষ নেতাৰ বিস্ফোৰণ

নিয়মীয়া বাৰ্তা ১০ এপ্ৰিলঃ বিধানসভা নির্বাচনৰ পাছতে চৰকাৰ গঠনক লৈ চলি থকা সমীকৰণৰ মাজতে বিৰোধী মহাজোঁটত সৃষ্টি হৈছে হর্ছ ট্রেডিঙৰ শংকা৷ বিজেপি নেতৃত্বাধীন মিত্রজোঁটে কংগ্রেছ এ আই ইউ ডি এফ, বি পি এফৰ জয়ী হোৱা প্রার্থীক মিত্রজোঁটলৈ নিয়াৰ সম্ভাৱনাক লৈ শংকাত ভোগা বিৰোধী নেতৃত্বই নিজ দলৰ প্রার্থীক ৰাজ্যৰ বাহিৰত আবদ্ধ কৰি ৰখাৰ পৰিকল্পনাত নামি পৰিছে৷ ৰাজ্যত চলা এনে হর্ছ ট্রেডিঙৰ আশংকাৰ সময়তে কংগ্রেছৰে এক শীর্ষ নেতাই মহাজোঁটৰ অংশীদাৰ এ আই ইউ ডি এফ আৰু বি পি এফৰ প্রার্থী সন্দর্ভত প্রকাশ কৰিছে বিস্ফোৰক তথ্য৷

উজনি অসমৰ প্রভাৱশালী তথা কংগ্রেছৰ এগৰাকী শীর্ষ নেতাই অভিযোগ কৰা অনুসৰি নির্বাচনৰ পাছতে মিত্রজোঁটৰ সৈতে দৰ–দাম প্রায় স্থিৰ হৈছে এ আই ইউ ডি এফৰ ৪গৰাকী প্রার্থী আৰু বি পি এফৰ ৩গৰাকী প্রার্থীৰ৷ জয়ৰ সম্ভাৱনা থকা এই প্রার্থীকেইগৰাকীৰ সৈতে বিজেপিৰ এজন জ্যেষ্ঠ নেতাই প্রত্যক্ষভাৱে যোগাযোগ কৰি চৰকাৰ গঠনৰ ক্ষেত্রত মিত্রজোঁটক কি ধৰণে সহায় কৰিব লাগিব, তাৰ পৰামর্শ আগবঢ়াইছে৷

উল্লেখ্য যে বিজেপিয়ে হর্ছ ট্রেডিং কৰিব বুলি শংকাত ভোগা কংগ্রেছ, এ আই ইউ ডি এফ আৰু বি পি এফে নিজ দলৰ প্রার্থীক গোপনে বহিঃৰাজ্যৰ বিলাসী হোটেলত আবদ্ধ কৰি ৰখাৰ অভিযান আৰম্ভ কৰাৰ লগতে কংগ্রেছৰ শীর্ষ নেতা এগৰাকীৰ এই অভিযোগে ৰাজ্যৰ ৰাজনীতিত যথেষ্ট খলকনি সৃষ্টি কৰিছে৷ উজনিৰ নেতাজনৰ মতে কংগ্রেছ প্রার্থীক বিজেপিয়ে হর্ছ ট্রেডিঙৰ জৰিয়তে মিত্রজোঁটলৈ নিবলৈ সক্ষম নোহোৱাৰ পাছত এ আই ইউ ডি এফ আৰু বি পি এফৰ প্রার্থীক টার্গেট কৰি লৈছে৷ বিজেপিৰ প্রলোভনত ইতিমধ্যে পতিয়ন গৈছে এই ৭জন প্রার্থী৷

অভিযোগ অনুসৰি বৰাকৰ চাৰিটা সমষ্টিৰ এ আই ইউ ডি এফ প্রার্থীকেইগৰাকীৰ মাজৰে এজনে নিজৰ নিশ্চিত জয়ৰ সম্ভাৱনা দেখি ইতিমধ্যে বিজেপিৰ সৈতে আগতীয়াকৈ যোগাযোগ কৰি দৰ–দাম স্থিৰ কৰিছে৷ বিজেপিৰে এজন শক্তিশালী প্রার্থীক পৰাস্ত কৰাৰ সম্ভাৱনা আছে এইজন এ আই ইউ ডি এফৰ প্রার্থীৰ৷ মহাজোঁটৰ চৰকাৰৰ সম্ভাৱনাৰ পৰিৱর্তে মিত্রজোঁটৰ চৰকাৰ গঠনৰ সম্ভাৱনা উজ্জ্বল হৈ পৰা হেতু এ আই ইউ ডি এফৰ এইজন প্রার্থীয়ে মিত্রজোঁটক সহায় কৰিবলৈ প্রস্তুত হৈছে৷ একেদৰে বি পি এফৰো ৩জন প্রার্থীৰ সৈতে যোগাযোগ হৈছে বিজেপিৰ এগৰাকী সাংসদৰ৷ কেন্দ্রীয় নেতৃত্ব আৰু ৰাজ্যিক নেতৃত্বৰ পৰামর্শ অনুসৰিয়ে সাংসদজনে বি পি এফৰ জয়ৰ সম্ভাৱনা থকা এই তিনিজন প্রার্থীৰ সৈতে যোগাযোগ কৰি সকলো ধৰণৰ দাম–দৰ স্থিৰ কৰি ৰাখিছে৷ কংগ্রেছৰ শীর্ষ নেতাজনে অভিযোগ কৰা অনুসৰি এ আই ইউ ডি এফ আৰু বি পি এফে নিজ দলৰ প্রার্থীক হর্ছ ট্রেডিঙৰ পৰা বচাবলৈ বহিঃৰাজ্যলৈ নিছে যদিও বিজেপিয়ে তেওঁলোকৰ পৰিকল্পনা অনুসৰি সকলো অভিযান সম্পূর্ণ কৰি তুলিছে৷

উল্লেখ্য যে এইবাৰ নির্বাচনত মহাজোঁটে ৭০খনৰো অধিক আসন দখল কৰিব বুলি দাবী কৰি আহিছে৷ আনকি এ আই ইউ ডি এফ আৰু বি পি এফৰ মুৰব্বী ক্রমে বদৰুদ্দিন আজমল–হাগ্রামা মহিলাৰীয়ে এইবাৰ কংগ্রেছৰ নেতৃত্বত মহাজোঁটে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব বুলি দাবী কৰি আহিছে৷ অন্তিম পর্যায়ৰ নির্বাচনৰ পাছৰ দিনটোৰ পৰাই চৰকাৰ গঠনৰ হুংকাৰ দি অহা মহাজোঁটে এতিয়া হর্ছ ট্রেডিঙৰ শংকাত ভুগিব লগা বিষয়টোৱে যথেষ্ট প্রতিক্রিয়া সৃষ্টি কৰিছে৷ সমান্তৰালভাৱে মহাজোঁটৰ অংশীদাৰ এ আই ইউ ডি এফ আৰু বি পি এফৰ ৭জনকৈ প্রার্থীয়ে মিত্রজোঁটৰে যোগাযোগ ৰখা বুলি কংগ্রেছৰ শীর্ষ নেতাই অনা অভিযোগেও ভোটগণনাৰ প্রাক্ক্ষণত ৰাজ্যৰ ৰাজনীতিত প্রতিক্রিয়া সৃষ্টি কৰিছে৷

You might also like