নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজস্থানৰ বিলাসী ৰিজ’টত বাহৰ ইউডিএফৰ ২১ প্রার্থীৰ

কংগ্রেছৰ আতিথ্যত বিলাসী ৰিজ’টত ‘সুৰক্ষিত আজমলৰ প্রার্থী’

নিয়মীয়া বাৰ্তা  ১০ এপ্ৰিলঃ অসমৰ ৰাজনীতিত নাভূত–নাশ্রুত ঘটনাৰ সংযোজন ঘটাই নির্বাচনী ফলাফল ঘোষণালৈ ২২ দিন বাকী থকা অৱস্থাতে শুকুৰবাৰে কংগ্রেছ মহাজোঁটৰ ২১জন প্রার্থীক ৰাজস্থানৰ জয়পুৰলৈ প্রেৰণ কৰা ঘটনাই ৰাজ্যৰ ৰাজনীতিত ধুমুহা সৃষ্টি কৰিছে৷ কার্যতঃ নিজ প্রার্থীৰ ওপৰতে বিশ্বাস আৰু আস্থাহীনতাৰ সৃষ্টি কৰি নিখিল ভাৰত কংগ্রেছ কমিটীৰ শীর্ষ নেতৃত্বৰ নির্দেশতে এ আই ইউ ডি এফৰ ২১জনকৈ প্রার্থীক আজি ৰাজস্থানৰ ৰাজধানী চহৰখনলৈ প্রেৰণ কৰা বুলি জানিব পৰা গৈছে৷ এইক্ষেত্রত অসম কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙে সমগ্র বিষয়টো তদাৰক কৰা বুলি প্রকাশ৷

জানিব পৰা মতে, আজি দুই বজাত ইণ্ডিগ’ৰ ৬ই ৯৩৯৭ বিমানযোগে সদ্যসমাপ্ত বিধানসভা নির্বাচনত এ আই ইউ ডি এফৰ টিকটত প্রতিদ্বন্দ্বিতা আগবঢ়োৱা ২১জন প্রার্থী ক্রমে ছোহানা ৰহমান, আছমা খাতুন, ছামচুল হুদা, হাফিজ বছিৰ আহমেদ, মীনাক্ষি ৰহমান, ৰেজা মহম্মদ, আব্দুল্লা আমিন, নিজানুৰ ৰহমান, ফণীধৰ তালুকদাৰ, ৰাজীৱ আহমেদ, বিধায়ক আমিনুল ইছলাম, ৰফিকুল ইছলাম, সুজামুদ্দিন লস্কৰ, নিজামুদ্দিন চৌধুৰী, নজৰুল হক, আমিনুল ইছলাম, আশ্রাফুল হুছেইন, কৰিমুদ্দিন বৰভূঞা, নুৰুল হুদা, জাকিৰ হুছেইন লস্কৰ আৰু পৃথিৱী ৰাজ সাথে৷ জয়পুৰৰ পঞ্চতাৰকা ৰিজ’ট ফেয়াৰ মণ্টত এই প্রার্থীসকলক মহাজোঁটৰ বিগ ব্রাদাৰ কংগ্রেছৰ ‘সুৰক্ষা’ত ৰখা বুলি জানিব পৰা গৈছে৷

ইতিমধ্যে এ আই ইউ ডি এফৰ কেইজনমান বর্তমানৰ বিধায়ক আৰু প্রার্থী কংগ্রেছ নেতা জিতেন্দ্র সিঙৰ বাসভৱনত উপস্থিত হোৱাৰ এখন ফটোও ৰাজ্যৰ নিউজ চেনেলত সম্প্রচাৰিত হোৱাৰ লগতে সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে৷ আনহাতে, ৰাজস্থানৰ কংগ্রেছ নেতা ৰফিক খানে সংবাদ মাধ্যমৰ আগত এই সমগ্র বিষয়টো স্বীকাৰ কৰাৰ লগতে হর্ছ ট্রেডিঙৰ আশংকাতে সুৰক্ষিত স্থানত এই প্রার্থীসকলক ৰখা হ’ব বুলি জানিবলৈ দিছে৷ বিশেষ সূত্রৰ পৰা জানিব পৰা মতে, ওলমা বিধানসভাৰ আশংকা প্রকাশ কৰিয়ে কংগ্রেছ নেতৃত্বই মহাজোঁটৰ প্রার্থী যাতে কিনা–বেচা নহয়, তাৰ প্রতি লক্ষ্য ৰাখি এনেধৰণৰ অভূতপূর্ব ব্যৱস্থা গ্রহণ কৰিছে৷ ইতিমধ্যে ৰাজ্যৰ কংগ্রেছৰ প্রার্থীসকলকো অহা ২৪ ঘণ্টাৰ ভিতৰত গুৱাহাটীত একত্রিত কৰি জয়পুৰলৈ অনাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে৷ ৰাজস্থানত কংগ্রেছ নেতৃত্বাধীন চৰকাৰ শাসনত থকা বাবেই মহাজোঁটৰ প্রার্থীক লৈ এনে আজব ৰাজনীতি আৰম্ভ কৰা বুলি অনুমান কৰা হৈছে৷ মহাজোঁটৰ অন্যতম অংশীদাৰ বি পি এফৰ প্রার্থীসকলকো কোকৰাঝাৰত একত্রিত কৰি একে প্রক্রিয়াৰে জয়পুৰলৈ অনাৰ প্রস্তুতি সম্পূর্ণ কৰা বুলি কংগ্রেছৰ এক শীর্ষ সূত্রই জানিবলৈ দিছে৷

অৱশ্যে জয়পুৰৰ বিলাসী ৰিজ’টলৈ মহাজোঁটৰ অংশীদাৰ বাঁওপন্থী দল চি পি আই (এম)ৰ দুজন, চি পি আই আৰু চি পি আই (এম এল)ৰ এজনকৈ প্রার্থী নাযায় বুলি জানিব পৰা গৈছে৷ এই সন্দর্ভত চি পি আই (এম)ৰ পলিট ব্যুৰ’ সদস্য মহম্মদ ছেলিমে কয় যে চি পি আই (এম)–এ নীতিগত ৰাজনীতিত বিশ্বাস কৰে আৰু কেতিয়াও বিবেক বিক্রী নকৰে৷ সেয়ে মূল্যবোধৰ ৰাজনীতিত বিশ্বাসী কোনো প্রার্থীকে হর্ছ ট্রেডিঙৰ আশংকাত বিলাসী হোটেলত ৰাখি নথয় বুলি বাঁওপন্থী নেতাজনে সদৰী কৰে৷ ইয়াৰ বিপৰীতে আঞ্চলিক গণ মর্চাৰ একমাত্র প্রার্থীজনকো জয়পুৰলৈ প্রেৰণ কৰা হ’ব বুলি জানিব পৰা গৈছে৷

উল্লেখ্য যে নির্বাচনৰ পাছতেই মহাজোঁটে চৰকাৰ গঠন কৰিব বুলি সদম্ভে ঘোষণা কৰা কংগ্রেছ আৰু এ আই ইউ ডি এফৰ নেতৃত্ব হর্ছ ট্রেডিঙৰ আশংকাত ইমানেই ত্রস্তমান হৈ পৰিছে যে আজমলৰ এই ২১জন প্রার্থীৰ আজি পুৰণি ম’বাইল নম্বৰসমূহ বন্ধ কৰি দিয়া হৈছে৷ ইয়াৰ বিপৰীতে তেওঁলোকৰ হাতত দিয়া হৈছে একোটাকৈ নতুন নম্বৰ৷ আনহাতে, এ আই ইউ ডি এফৰ একাংশ প্রার্থীক প্রয়োজন সাপেক্ষে জয়পুৰৰ পৰা ডুবাইলৈও প্রেৰণ কৰা হ’ব বুলি জানিব পৰা গৈছে৷ ৰাজস্থান কংগ্রেছৰ আতিথ্যত সুৰক্ষিত আজমলৰ প্রার্থীসকল ইমানেই স্পর্শকাতৰ বুলি বিবেচিত হৈছে যে ডুবাইলৈ প্রেৰণ কৰা বহু প্রার্থী নির্বাচনৰ ফলাফল ঘোষণাৰ পাছতো ঘূৰাই অনাৰ সম্ভাৱনা অতিকে ক্ষীণ বুলি জানিব পৰা গৈছে৷ নির্বাচনৰ ফলাফল ঘোষণালৈ ২২ দিন বাকী থকা অৱস্থাতে ৰাজ্যৰ ৰাজনীতিত হঠাৎ উদ্ভৱ হোৱা এনে পৰিস্থিতিয়ে এতিয়া ব্যাপক প্রতিক্রিয়া সৃষ্টি কৰিছে৷

You might also like