নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এআইইউডিএফ কংগ্রেছ–ৰাইজৰ দল–কর্মচাৰী পৰিষদৰ শুভেচ্ছা

নিয়মীয়া বাৰ্তা ১০ মেঃ অসমৰ নতুন মুখ্যমন্ত্রী হিচাপে ড০ হিমন্ত বিশ্ব শর্মাই কাইলৈ শপত গ্রহণ কৰিব৷ শাসক দল বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ লগতে বিৰোধী দল কংগ্রেছ, এআইইউডিএফ, ৰাইজৰ দল, সদৌ অসম কর্মচাৰী পৰিষদ আদিকে ধৰি বিভিন্ন অনুষ্ঠান–সংস্থাই ড০ শর্মাক অভিনন্দন জনাইছে৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই টুইটাৰযোগে ড০ শর্মাক পৰৱর্তী মুখ্যমন্ত্রী হিচাপে নির্বাচিত হোৱাত অভিনন্দন জ্ঞাপন কৰি কয় যে অসমক দেশৰ ভিতৰতে আটাইতকৈ উন্নত ৰাজ্য হিচাপে গঢ়াটোৱেই হৈছে আমাৰ একমাত্র লক্ষ্য৷ সেইদৰে প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্র অপূর্ব কুমাৰ ভট্টাচার্যই ড০ শর্মাক শুভেচ্ছা জ্ঞাপন কৰি কয় যে অনাগত দিনত ৰাজ্যখনৰ সকলো উন্নয়নমূলক কামত যোগাত্মক সহযোগিতা অব্যাহত থাকিব৷ তদুপৰি ক’ভিড মহামাৰীসৃষ্ট পৰিস্থিতিৰ মোকাবিলা কৰাৰ লগতে জনসাধাৰণক জীৱন আৰু জীৱিকা সুৰক্ষিত ৰাখিবলৈ গ্রহণ কৰা প্রতিটো পদক্ষেপকে কংগ্রেছ দলৰ লগতে মহাজোঁটৰ অংশীদাৰ সকলো দলৰে সমর্থন অব্যাহত থাকিব৷

ইপিনে, এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে ড০ শর্মাক অভিনন্দন জ্ঞাপন কৰি কয় যে বিভিন্ন সময়ত বিভিন্ন সভাত তেওঁ মুখ্যমন্ত্রী পদৰ প্রার্থী হিচাপে ড০ হিমন্ত বিশ্ব শর্মা এজন দক্ষ ব্যক্তি বুলি কৈ আহিছে৷ আজি সেই কথা বাস্তৱত পৰিণত হ’ল৷ ড০ শর্মাই অভিজ্ঞতা আৰু পাৰদর্শিতাৰ জৰিয়তে অসমৰ আজি জটিল পৰিস্থিতি মোকাবিলা কৰিবলৈ সক্ষম হ’ব বুলি আশা প্রকাশ কৰাৰ লগতে অনাগত দিনত তেওঁৰ কার্যকালৰ সফলতা কামনা কৰে৷ সেইদৰে ৰাইজৰ দলে নতুন মুখ্যমন্ত্রী ড০ শর্মাক শুভেচ্ছা জ্ঞাপন কৰি এক বিবৃতিত কয় যে মুখ্যমন্ত্রী হিচাপে ড০ শর্মাই অসমৰ সকলো জাতি–জনগোষ্ঠী–ধর্মা লোকৰ স্বার্থত সাংবিধানিক দায়বদ্ধতাৰে কাম কৰি যাব৷ দলটোৰ কেন্দ্রীয় সাধাৰণ সম্পাদক গিৰিশংকৰ গোস্বামীয়ে বিবৃতিটোত কয় যে নির্বাচনী প্রচাৰৰ সময়ত ড০ শর্মাই ৰাইজক দিয়া প্রতিশ্রুতিসমূহ পালন কৰি নিজকে সৎ, দায়বদ্ধ আৰু দক্ষ মুখ্যমন্ত্রী হিচাপে প্রতিষ্ঠা কৰিবলৈও আহ্বান জনায়৷ ড০ শর্মাৰ কার্যদক্ষতাৰ প্রতি অসমৰ ৰাইজৰ আস্থা আছে বুলিও উল্লেখ কৰে৷

একেদৰে ড০ শর্মাক অভিনন্দন জ্ঞাপন কৰিছে অসম জাতীয় পৰিষদে৷ দলৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক বার্তাত কয় যে বর্তমানৰ জটিল সময়ত মুখ্যমন্ত্রী হিচাপে দায়িত্ব লাভ কৰি ড০ শর্মাই নিঃসন্দেহে প্রত্যাহ্বানৰ মোকাবিলা কৰিব লাগিব৷ এনে জটিল পৰিস্থিতিত জাতীয় পৰিষদে এটা যোগাত্মক বিৰোধী দল হিচাপে প্রয়োজনীয় সহযোগিতা আগবঢ়াব৷ তদুপৰি অনাগত দিনত জাতীয় স্বার্থ জড়িত বিষয়ত যাতে নতুন চৰকাৰখনে আপোচ নকৰে, তাৰ বাবে নতুন মুখ্যমন্ত্রীগৰাকী সচেষ্ট হৈ থাকিব লাগিব বুলি আশা ব্যক্ত কৰাৰ লগতে ড০ শর্মাৰ সুস্বাস্থ্য আৰু অধিক কার্যদক্ষতাও কামনা কৰে৷

ইফালে সদ্যসমাপ্ত বিধানসভা নির্বাচনত বিজেপি নেতৃত্বাধীন মিত্রজোঁটে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত আজি বিজেপি, অগপ আৰু ইউপিপিএলৰ নৱনির্বাচিত বিধায়কসকলৰ সমর্থনত ৰাজ্যখনত পৰৱর্তী চৰকাৰ গঠনৰ বাবে অসমৰ উন্নয়নৰ যাত্রাৰ মহান কাণ্ডাৰী, বলিষ্ঠ ৰাজনীতিক ড০ হিমন্ত বিশ্ব শর্মা, বিধায়িনী দলৰ নেতা নির্বাচিত কৰাত সদৌ অসম কর্মচাৰী পৰিষদে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে৷ এক বিবৃতিত পৰিষদৰ সভাপতি প্রদীপ দত্ত আৰু সম্পাদকপ্রধান মৃণাল দাসে কয় যে সুদীর্ঘ বছৰ ৰাজ্য চৰকাৰৰ বহুকেইটা গুৰুত্বপূর্ণ বিভাগত মন্ত্রিত্বৰ দায়িত্বত থাকি দক্ষতা আৰু অতি নিপুণভাৱে ৰাইজৰ সেৱাত আত্মোৎসর্গ কৰা ড০ শর্মাই মুখ্যমন্ত্রীৰ দায়িত্ব গ্রহণ কৰি উন্নয়নৰ গতি ত্বৰান্বিত কৰিব বুলি দৃঢ়বিশ্বাস৷ সেইদৰে সদৌ অসম দেৱালয় সংঘৰ সভাপতি সুৰেশ চন্দ্র ভট্টাচার্য আৰু প্রধান সম্পাদক কৈলাস শর্মাই অসমৰ নৱনির্বাচিত মুখ্যমন্ত্রী ড০ শর্মালৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছে৷

একেদৰে নামনি অসম উন্নয়ন পৰিষদৰ তথা আন্তর্জাতিক বিশ্লেষক কৈলাস শর্মা, উপ–সভাপতি তথা বিশ্ব শৰীৰ চর্চা চেম্পিয়ন গোলাপ ৰাভা, সাধাৰণ সম্পাদক নীলমণি হাজৰিকা, যুটীয়া সম্পাদক ৰাজেশ শর্মা আৰু অধিবক্তা মনোৰঞ্জন দাসেও ড০ শর্মাক আন্তৰিক অভিনন্দন আৰু ওলগ জনায়৷ সদৌ অসম প্রাথমিক টেট উত্তীর্ণ শিক্ষক সমাজেও ড০ শর্মাক শুভেচ্ছা জ্ঞাপন কৰে৷ সমাজৰ হৈ সভাপতি ত্রৈলোক্য ডেকা আৰু সাধাৰণ সম্পাদকদ্বয় ক্রমে নিৰাজুৰ ৰছিদ আৰু দীপার্ণৱ ঘোষে কয় যে এগৰাকী বিচক্ষণ, কর্মদক্ষ আৰু দূৰদর্শী ব্যক্তিক ৰাজ্যখনৰ মুখ্যমন্ত্রী হিচাপে লাভ কৰি তেওঁলোকে সুখ অনুভৱ কৰিছে৷ অসমে দেশৰ ভিতৰতে অগ্রণী ৰাজ্য হিচাপে নিজৰ পৰিচয় দাঙি ধৰিব পাৰিব বুলি উল্লেখ কৰি কয় যে এয়া কেৱল ড০ শর্মাৰ দৰে সুনিপুণ আৰু কার্যদক্ষ ব্যক্তিৰ নেতৃত্বতহে সম্ভৱ হ’ব৷ অসম হেণ্ডবল সন্থাৰ সভাপতি অমল নাৰায়ণ পাটোৱাৰীয়েও বিজেপি বিধায়িনী দলৰ নৱ–নির্বাচিত দলপতি তথা অসমৰ নতুন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক শুভেচ্ছা জনাইছে৷ ড০ শর্মাৰ নেতৃত্বত ৰাজ্যখনৰ সর্বাংগীণ বিকাশ সাধনৰ লগতে অসমৰ ক্রীড়াক্ষেত্রৰো উন্নতি হ’ব বুলি শুভেচ্ছা বার্তাটোত পাটোৱাৰীয়ে আশা প্রকাশ কৰে৷
কোচ ৰাজবংশী সন্মিলন, হাইস্কুল অৱসৰপ্রাপ্ত শিক্ষক–কর্মচাৰীৰ অভিনন্দন
ৰাজ্যৰ নতুন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক অভিনন্দন জ্ঞাপন কৰিছে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে৷ এক প্রেছ বার্তাত সন্মিলনীৰ সাধাৰণ সম্পাদক হিমু ৰাজবংশীয়ে ড০ শর্মাক অভিনন্দন জ্ঞাপন কৰি আগন্তুক সময়ত নতুন চৰকাৰৰ কার্যকালত কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ প্রক্রিয়া ত্বৰান্বিত হ’ব বুলি আশা প্রকাশ কৰিছে৷ ইফালে, ড০ শর্মাক অভিনন্দন জ্ঞাপন কৰিছে অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীৰ প্রধান সম্পাদক ৰাতুল চন্দ্র গোস্বামী আৰু অসম হাইস্কুল অৱসৰপ্রাপ্ত শিক্ষক–কর্মচাৰী সংস্থা (নৱ প্রাদেশীকৃত) অসমে৷ নৱনির্বাচিত মুখ্যমন্ত্রীগৰাকীৰ নেতৃত্বত ৰাজ্যখন উন্নয়নৰ দিশে আগবাঢ়ি যাব বুলি তেওঁলোকে আশা প্রকাশ কৰে৷
কামাখ্যাত আনন্দৰ বন্যা
অসমৰ পৰৱর্তী মুখ্যমন্ত্রী হিচাপে ড০ হিমন্ত বিশ্ব শর্মা নির্বাচিত হোৱাৰ পিছতেই শক্তিপীঠ শ্রীশ্রীকামাখ্যা দেৱালয় চৌহদত আনন্দৰ বন্যা বোৱা পৰিলক্ষিত হৈছে৷ কামাখ্যাৰ দলৈ সমাজে ড০ শর্মাক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে৷ দলৈ সমাজৰ বৰ–দলৈ মোহিত চন্দ্র শর্মা আৰু সৰু–দলৈ কবীন্দ্রপ্রসাদ শর্মাই কয় যে ড০ শর্মা মা কামাখ্যাৰ একান্ত ভক্ত আৰু মা কামাখ্যাৰ আশীর্বাদত তেওঁ আগন্তুক দিনত সুচাৰুৰূপে ৰাজ্য পৰিচালিত কৰিব পাৰিব৷ জালুকবাৰী সমষ্টিৰ পৰা প্রথমবাৰৰ বাবে এজন বিধায়ক মুখ্যমন্ত্রী হোৱা বিষয়টোৱে কামাখ্যাবাসীক আনন্দিত কৰিছে৷

You might also like