নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সবল–সুদক্ষ নেতৃত্বৰে অসমক শ্রেষ্ঠ ৰাজ্য হিচাপে আগুৱাই নিব ড০ শর্মাই

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস

নিয়মীয়া বাৰ্তা ১০ মেঃ আজি মুখ্যমন্ত্রী হিচাপে শপত গ্রহণ কৰিবলগীয়া ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত অসমত বিকাশ আৰু উন্নয়নৰ ধাৰা অধিক ত্বৰান্বিত হোৱাৰ আশা কৰিছে সকলোৱে৷ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে দেওবাৰে অনুষ্ঠিত বিজেপিৰ বিধায়িনী দলৰ বৈঠকত ড০ হিমন্ত বিশ্ব শর্মা বিধায়িনী দলৰ নেতা হিচাপে সর্বসন্মতভাৱে বাছনি হোৱাত আন্তৰিক অভিনন্দন জ্ঞাপন কৰে৷ বিজেপিৰ ৰাষ্ট্রীয় নেতৃত্ব, সংসদীয় ব’ৰ্ড আৰু বিজেপিৰ বিধায়কসকলৰ সিদ্ধান্তমর্মে অসম বিধানসভাৰ বিধায়িনী দলৰ নেতা হিচাপে দায়িত্ব লাভ কৰা সর্বজনপ্রিয় নেতা ড০ হিমন্ত বিশ্ব শর্মাক বিজেপিৰ ৰাজ্যিক সভাপতি দাসে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰি কয় যে ড০ শর্মাৰ সবল–সুদক্ষ নেতৃত্বত অসমে প্রগতি, শান্তি আৰু সমৃদ্ধিৰ বাটত বলিষ্ঠ খোজ দি ভাৰতবর্ষৰ বুকুত অসমে অন্যতম আৰু অনন্য ৰাজ্য হিচাপে প্রতিষ্ঠা লাভ কৰিব৷

ড০ শর্মাৰ নেতৃত্বত গঠন হ’ব লগা বিজেপি মিত্রজোঁটৰ চৰকাৰখনত এক সফল কার্যকালৰ কাৰণে সভাপতি দাসে আন্তৰিক শুভকামনাও জ্ঞাপন কৰে৷ সেইদৰে বিজেপিৰ ৰাষ্ট্রীয় নেতৃত্বই পর্যবেক্ষক হিচাপে প্রেৰণ কৰা দলৰ সাধাৰণ সম্পাদক নৰেন্দ্র সিং টোমৰে কয় যে শপত গ্রহণৰ পিছতেই ড০ হিমন্ত বিশ্ব শর্মা অসমৰ মুখ্যমন্ত্রী হ’ব৷ সকলোৱে বহু দিনৰ পৰা কৰি অহা প্রতীক্ষাৰ অন্ত পৰিব৷ এই প্রক্রিয়া সমাপ্ত কৰিবৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰি তেওঁ কয় যে যোৱাবাৰ মন্ত্রী হিচাপে ড০ হিমন্ত বিশ্ব শর্মাই কাম কৰি আছিল৷

দেওবাৰে তেওঁ মুখ্যমন্ত্রী হোৱাৰ সৌভাগ্য লাভ কৰিছে৷ যোৱা ৫টা বছৰত অসমত বিজেপিৰ কাম–কাজ দ্রুতগতিত হোৱাৰ উল্লেখ কৰি তেওঁ কয় যে যোৱা ৫টা বছৰত চৰকাৰখনক সর্বানন্দ সোণোৱালে যি নেতৃত্ব দিলে তাৰ বাবে তেওঁক অশেষ ধন্যবাদ৷ ইউপিপিএল আৰু অগপ দলকো তেওঁ ধন্যবাদ জ্ঞাপন কৰে৷

ইপিনে, মন্ত্রী পীয়ূষ হাজৰিকাই কয় যে অসমৰ ৰাইজে আজিৰে পৰা ড০ হিমন্ত বিশ্ব শর্মাক মুখ্যমন্ত্রী হিচাপে পাব৷ তাৰ বাবে তেওঁ অত্যন্ত সুখী৷ যোৱা ৫টা বছৰত সর্বানন্দ সোণোৱালৰ নেতৃত্বত ৰাজ্যখনত যি উন্নয়নৰ কাম হ’ল ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনো এইক্ষেত্রত ব্যতিক্রম নহ’ব৷ উন্নয়ন ত্বৰান্বিত হ’ব৷ ড০ শর্মাৰ নেতৃত্বত অসমৰ প্রতিগৰাকী ব্যক্তিয়ে সুশাসন লাভ কৰিব৷ দেশৰ ৫খন উন্নত ৰাজ্যৰ ভিতৰত অসমক লৈ যোৱাৰ বাবে ড০ শর্মাৰ যি সপোন আছিল, সেয়া অতি সোনকালে দিঠকত পৰিণত হ’ব বুলি আশা প্রকাশ কৰে৷ ক’ভিডৰ বিৰুদ্ধে চলি অহা যুঁজখন অনাগত দিনতো ড০ শর্মাৰ নেতৃত্বত অব্যাহত থাকিব বুলি তেওঁ প্রকাশ কৰে৷ সেইদৰে মন্ত্রী ৰঞ্জিত দত্ত, বিধায়ক বিনোদ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, দিগন্ত কলিতা, তৰংগ গগৈ আদিয়েও ড০ শর্মাৰ নেতৃত্বত অসম উন্নয়নৰ ক্ষেত্রত আগুৱাই যাব বুলি মন্তব্য কৰে৷

You might also like