নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিৰোধী ঐক্যবদ্ধ হ’ব নোৱাৰা বাবেই জিকিল বিজেপি

এইবাৰ মহাজোঁটৰ পৰাজয়ৰ কাৰণ ব্যাখ্যা অজিত ভূঞাৰ

নিয়মীয়া বাৰ্তা ৮ মেঃ সদ্যবিগত বিধানসভা নির্বাচনত আশা কৰা ধৰণে ফলাফল লাভ নকৰাৰ পিছত মহাজোঁটৰ অংশীদাৰী দলসমূহে নৱগঠিত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ ওপৰত দোষ জাপি দিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে৷ এইবাৰ এই দুই নৱগঠিত দলৰ বিৰুদ্ধে সৰৱ হৈছে মহাজোঁটৰ অন্যতম অংশীদাৰ ৰাজনৈতিক দল আঞ্চলিক গণ মর্চা৷ বিৰোধী শক্তিসমূহ ঐক্যবদ্ধ হ’ব নোৱাৰাটো বিজেপিৰ বিজয়ৰ অন্যতম মূল কাৰণ বুলি অভিহিত কৰিছে আঞ্চলিক গণ মর্চাৰ সভাপতি অজিত কুমাৰ ভূঞাই৷

শুকুৰবাৰে গুৱাহাটীস্থিত হোটেল লিলিত এখন সংবাদ মেলত সাংসদ তথা আঞ্চলিক গণ মর্চাৰ সভাপতি ভূঞাই মহাজোঁটৰ পৰাজয়ৰ কাৰণ ব্যাখ্যা কৰি কয়– ‘বিজেপিক প্রতিহত কৰাৰ স্বার্থত জোঁটবন্ধনৰ ৰাজনীতিত গুৰুত্ব আৰোপ কৰা হৈছিল৷ নির্বাচনত যাতে ভোট বিভাজন নহয়, তাৰ বাবে চেষ্টা কৰা হৈছিল৷ কিন্তু নির্বাচনকেন্দ্রিক তথ্যসমূহে এইটো স্পষ্ট কৰিছে যে ভোট বিভাজনৰ বাবেই বিজেপিয়ে জয়লাভ কৰিবলৈ সক্ষম হ’ল৷ ভবা ধৰণে বিৰোধী ঐক্য গঢ়ি নুঠিল৷’ অৱশ্যে বর্তমান কাৰোবাৰ ওপৰত দোষ আৰোপ কৰাৰ সময় নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে অসমৰ স্বার্থ সুৰক্ষিত কৰিবলৈ অহা সময়ত বিৰোধী দলসমূহে ঐক্যবদ্ধ হৈ কাম কৰিব লাগিব৷ পুনৰ শাসনলৈ অহা বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰি তেওঁ পুনৰ কয় যে বিজেপিয়ে যিধৰণে বিভাজনৰ ৰাজনীতি কৰিলে, ৰাজহুৱা সম্পদ বিক্রী কৰিলে তাৰ প্রত্যুত্তৰ দিব পৰা নগ’ল৷ তৎসত্ত্বেও ৫০খন আসন বিৰোধীয়ে লাভ কৰাটো এক কৃতিত্ব৷ নৱগঠিত আঞ্চলিক দল দুটাই মহাজোঁটক সঁহাৰি জনালে আৰু ১৪খন আসন লাভ কৰিলেহেঁতেন৷

উল্লেখ্য যে মহাজোঁটৰ অংশীদাৰী দল হিচাপে আঞ্চলিক গণ মর্চাই দুটা সমষ্টি ক্রমে দিছপুৰ আৰু বোকাখাতত প্রার্থিত্ব দিছিল যদিও পৰাজিত হ’ল৷ এই সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি আঞ্চলিক গণ মর্চাৰ সভাপতিগৰাকীয়ে কয় যে বিগত জুন মাহত আঞ্চলিক গণ মর্চা এটা ৰাজনৈতিক দললৈ ৰূপান্তৰিত হৈছিল৷ দলৰ দুয়োজন প্রার্থীয়ে সীমিত শক্তিৰে বিৰোধীৰ বিৰুদ্ধে যুঁজ দিবলগীয়া হৈছিল৷ তৎসত্ত্বেও দিছপুৰ সমষ্টিত আঞ্চলিক গণ মর্চাৰ প্রার্থী মনজিৎ মহন্তই প্রায় ৭৫ হাজাৰ ভোট লাভ কৰিবলৈ সক্ষম হ’ল৷ সেইদৰে বোকাখাতত প্রণৱ দলেই অতি কম সময়ৰ ভিতৰত সকলোৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছিল৷ আঞ্চলিক গণ মর্চাই প্রার্থী দিয়া দুয়োটা সমষ্টিত কংগ্রেছৰ শক্তি আশাপ্রদ নাছিল৷

অৱশ্যে জনতাৰ ৰায়ক আদৰণি জনাইছে বুলি উল্লেখ কৰি তেওঁ কয়– ‘কৃষক নেতা অখিল গগৈৰ জয়ত আমি আনন্দিত হৈছোঁ৷ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ বিজয়ী হ’লে আমি অধিক সুখী হ’লোঁহেঁতেন৷ মই সাংসদ হোৱাৰ পিছত সকলোকে একগোট কৰি জোঁটবন্ধন কৰিছিলোঁ৷ সমভাবাসম্পন্ন বন্ধু–বান্ধৱক লৈ আগবাঢ়িছিলোঁ৷ সকলো দল একত্রিত নহ’লে বিজেপিক প্রতিহত কৰিব নোৱাৰিব বুলি মই প্রকাশ কৰি আহিছোঁ৷ তামিলনাডু, কেৰালা আৰু পশ্চিমবংগত বিজেপি শোচনীয়ভাৱে পৰাজিত হৈছে৷ এই কথাই প্রমাণ কৰিছে যে বিজেপিৰ প্রতি জনতাৰ মোহভংগ হৈছে৷ সুযোগ পোৱাৰ লগে লগে এই ৰাজ্যসমূহত বিজেপিৰ বিৰুদ্ধে ৰাইজে ভোটদান কৰিলে৷ অসমতো বিভেদকামী শক্তিক পৰাস্ত কৰিব পাৰিলে অত্যন্ত ভাল কথা হ’লহেঁতেন৷’

আনহাতে, ক’ভিডৰ সংক্রমণে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ সময়তে অক্সিজেন, বিছনা আৰু ভেকচিনৰ অভাৱত জনসাধাৰণে যাতে জীয়াতু ভুগিব নালাগে, তাৰ বাবে ব্যৱস্থা গ্রহণ কৰিবলৈ সাংসদ ভূঞাই চৰকাৰক আহ্বান জনাইছে৷ ইপিনে, ফলাফল ঘোষণাৰ পাঁচ দিন পিছতো নতুন চৰকাৰে শপতগ্রহণ নকৰা প্রসংগত তেওঁ কয়– ‘এই মুহূর্তলৈ চৰকাৰখনে শপত ল’ব নোৱাৰাটো লজ্জাজনক৷ বৃহৎ আভ্যন্তৰীণ কন্দলৰ বাবে নতুন চৰকাৰে শপত ল’ব পৰা নাই৷ এয়া দুর্ভাগ্যজনক৷ বিজেপিয়ে অতি শৃংখলিত দল বুলি নিজকে অভিহিত কৰি আহিছে৷ কিন্তু সেই দলটোতে এতিয়া ক্ষমতাৰ কাৰণে যুদ্ধ আৰম্ভ হৈছে৷ তেওঁলোকে ক্ষমতাৰ খঁকত বলিয়া হোৱাৰ পৰিৱর্তে ৰাইজৰ কাষলৈ আহি সঠিকভাৱে কাম কৰিব লাগে৷’

You might also like