বিশেষ বাৰ্তা, ১৭ জুনঃ সদ্যঘোষিত NEETত আজমল ছুপাৰ ৪০ৰ সফলতাক লৈ উৎফুল্লিত হৈ পৰিছে বদৰুদ্দিন আজমল। আজমল-৪০ কেইবাগৰাকীও ছাত্ৰই NEETত সফলতা লাভ কৰাৰ পিছত আজমলে আজি দিছপুৰত এখন সংবাদ মেল সম্বোধন কৰে। সংবাদ মেলত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে আজমলে। আজমলে কয় যে উত্তৰ-পূবত আগতে এনেকুৱা সফলতা NEETত নাছিল। ইফালে চৰকাৰে কেবিনেটত সংৰক্ষণৰ ব্যৱস্থা অনাৰ সন্দৰ্বত কয় যে চৰকাৰে ইয়াৰ জৰিয়তে কি বুজালে। মাদ্ৰাছা ভঙাৰ প্ৰসংগয়ো স্থান পালে সংবাদ মেলত। তেওঁ কয় ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰ কৰিলে চৰকাৰে। শিক্ষাৰ ক্ষেত্ৰত যদি এনেকুৱা কাণ্ড কৰে মুছলমান কেনেকৈ আগবাঢ়িব। সমাজত বহু কোটিপতি মানুহ আছে কিন্তু মানৱ সম্পদ গঢ় দিবলৈ কোনোৱেও আগবাঢ়ি নাহে। এয়া সম্ভৱ কৰিলে আজমল ফাউণ্ডেচনে। ফলাফল ঘোষণাৰ পিছত কিয় কেবিনেটে সংৰক্ষণৰ সিদ্ধান্ত ললে সেই কথা ভাবি মই ভাগি পৰিছোঁ। আনন্দ স্ফূৰ্তিৰ সময়ত চৰকাৰে সকলো ধ্বংস কৰি দিলে। চৰকাৰক মই অনুৰোধ জনাইছোঁ এই সিদ্ধান্ত উঠাই লওঁক। ইফালে সংৰক্ষণৰ সিদ্ধান্তৰ বাবে আজমলে মুখ্যমন্ত্ৰীক নিজেই অনুৰোধ কৰিব বুলি কয়। ইফালে মন্ত্ৰী পীয়ুষ হাজৰীকাৰ মন্তব্যতো অতি দুঃখিত বুলি কয় আজমলে। আজমলে কয় যে ২৪ হাজাৰ ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰা ১ হাজাৰ ছাত্ৰ ছাত্ৰী মই লৈছিলোঁ, মই বিচাৰোঁ আমাৰ লৰা ছোৱালী আমেৰিকাত যাওঁক।