বজৰুৱা ভূপেন বৰাই আমাৰ পৰাও ‘মাল’ লৈ আছে, বিজেপিৰ পৰাও ‘মাল’ লৈ আছেঃ আজমল
- আজমলৰ ঘোষণা– দিল্লীত হ’ব কংগ্রেছ–এআইইউডিএফৰ মিত্রতা
- ভূপেন বৰা এদিন মোৰ ওচৰলৈ আহিব লাগিব
- অখিল গগৈক ‘ফাল্টু’ মানুহ আখ্যা
- গোৱালপাৰা–ধুবুৰী–ফকিৰগঞ্জ, দক্ষিণ শালমাৰাত বাল্য বিবাহৰ গোচৰত গ্রেপ্তাৰ হোৱাসকলৰ জামিনৰ খৰচ দিব আজমলে
নিয়মীয়া বাৰ্তা, ২২ফেব্ৰুৱাৰী: প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই বাৰম্বাৰ এআইইউইডিএফৰে মিত্রতা নহয় বুলি ঘোষণা কৰি আহিছে৷ ইয়াৰ বিপৰীতে এআইইউডিএফৰ সভাপতি সাংসদ বদৰুদ্দিন আজমলে সংবাদ মাধ্যমৰ আগত নতুন দিল্লী স্তৰত কংগ্রেছ আৰু এআইইউডিএফৰ মাজত মিত্রতা হ’ব বুলি তাৎপর্যপূর্ণ মন্তব্য আগবঢ়াইছে৷ সাংসদ আজমলে কয় যে দুদিন পূর্বে বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰ, আৰ জে ডি নেতা তেজস্বী যাদৱ আৰু কংগ্রেছৰ শীর্ষ নেতা ছলমান খুর্ছিদ এখন বৈঠকত মিলিত হয়৷ উক্ত বৈঠকত ছলমান খুর্ছিদক কংগ্রেছ হাইকমাণ্ডে পঠিয়াইছে বুলি আজমলে উল্লেখ কৰে৷
আজমলে কয় যে উক্ত বৈঠকতে কংগ্রেছ নেতা ছলমান খুর্ছিদে আগন্তুক লোকসভা নির্বাচনত বিজেপিক ওফৰাবলৈ নির্বাচনৰ পূর্বে সকলো বিৰোধী দল একলগ হোৱাৰ পোষকতা কৰিছে৷ খুর্ছিদৰ মতে সকলো বিৰোধী একলগ হ’লে বিজেপিক প্রতিহত কৰিব পৰা যাব৷ সেয়ে আজমলৰ মতে এইবাৰ মিত্রতা দিল্লী স্তৰত হ’ব৷ এইটো যদি ভূপেন বৰাই নামানে বেলেগ কথা৷ সেই সময়ত ভূপেন বৰা ক’ত থাকিব, ক’ত নাথাকিব সেয়া কংগ্রেছৰ কথা৷ কংগ্রেছৰ ভিতৰুৱা কথাত আমি মাত নামাতো৷ কেন্দ্রীয় স্তৰত যেতিয়া মিত্রতা হ’ব ভূপেন বৰাই পাত্তাই নাপাব৷ কিন্তু মই কৈছোঁ– ভূপেন বৰাই এদিন মোৰ ওচৰলৈ আহিব লাগিব৷ মই তেতিয়া ভূপেন বৰাক ক’ম– ‘অব আয়েগা উট পাহাৰ কে নীচে৷’ ভূপেন বৰাই বজৰুৱা ৰাজনীতি কৰে বুলি তীব্র সমালোচনা কৰি আজমলে কয় যে ভূপেন বৰাই আজিকালি যিটো কৰি আছে, আমাৰ ওপৰত যেনেদৰে আক্রমণ কৰি আছে সেয়া বজৰুৱা ৰাজনীতি৷ আমি ইমান তললৈ যাব নোৱাৰোঁ৷ সেইদৰে ভূপেন বৰাই এআইইউডিএফ আৰু বিজেপি উভয় দলৰ পৰাই ‘মাল’ লয় বুলি তাৎপর্যপূর্ণ মন্তব্য কৰি আজমলে কয় যে ভূপেন বৰা দুয়োফালে ছেটিঙত আছে৷ তাৰ বাবে তেওঁ এআইইউডিএফৰ কথাও ক’ব পাৰে, বিজেপিৰ কথাও ক’ব পাৰে৷ নহ’লে তেওঁ দুয়োফালৰ খবৰ কেনেকৈ দিব? ভূপেন বৰাই আমাৰ পৰাও মাল লৈ আছে, বিজেপিৰ পৰাও মাল লৈ আছে৷
ইপিনে, ৰাইজৰ দলৰ সভাপতি অখিল গগৈক ‘ফাল্টু মানুহ’ আখ্যা দি আজমলে কয় যে কিছমতে দিছে বাবে অখিল গগৈয়ে এটা ছীট পাই জিকি গৈছে৷ অখিল গগৈয়ে ইমানদিনে অসমৰ মুছলমান মানুহক বিপথে পৰিচালিত কৰি আছে৷ অৱশ্যে এতিয়া অসমৰ মুছলমান মানুহে সকলো বুজি পাইছে৷ আনহাতে, গোৱালপাৰা–ধুবুৰী–ফ শালমাৰাত বাল্য বিবাহৰ বাবে গ্রেপ্তাৰ হোৱা স্বামীসকলৰ জামিনৰ ক্ষেত্রত আজমলে সহায় কৰিব বুলি উল্লেখ কৰি কয় যে জামিনৰ বাবে যি ধনৰ প্রয়োজন হয়, সেয়া তেওঁ দি দিব৷