নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অজাপৰ শীর্ষ নেতাক ৱাক অ’ভাৰ দিয়াৰ প্রস্তাৱ কংগ্রেছৰ

মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বিস্ফোৰক অভিযোগ

নিয়মীয়া বাৰ্তা ২৯ অক্টোবৰঃ  বিজেপিক প্রতিহত কৰি দিছপুৰ দখলৰ পৰিকল্পনাৰে গঠন হোৱা অসম জাতীয় পৰিষদ (অজাপ)–এ শেহতীয়াকৈ কংগ্রেছৰ সৈতে এক গোপন বুজাবুজিত মিলিত হৈছে৷ বিজেপি–কংগ্রেছ–এআইই পৰা সম–দূৰত্ব বজাই ৰাখি নির্বাচনত অৱতীর্ণ হোৱাৰ হুংকাৰ দি থকা অজাপে শেহতীয়াকৈ কংগ্রেছৰ সৈতে চলোৱা এনে গোপন বুজাবুজিয়ে ৰাজ্যৰ ৰাজনীতিত খলকনিৰ সৃষ্টি কৰিছে৷ দল দুটাৰ মাজত হোৱা এনে গোপন বৈঠকৰ তথ্য পোহৰলৈ আনিছে বিত্ত–স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বুধবাৰে মন্ত্রীগৰাকীয়ে এই সন্দর্ভত কয়– কংগ্রেছ আৰু অজাপ এটা মুদ্রাৰ ইপিঠি–সিপিঠি৷ দুলীয়াজান গেষ্ট হাউছত কিছুদিন পূর্বে অজাপ আৰু কংগ্রেছ নেতাৰ এক বৈঠক অনুষ্ঠিত হৈছে৷ মধ্য অসমৰ এগৰাকী কংগ্রেছী নেতা আৰু অজাপৰ হ’বলগীয়া এগৰাকী নেতাৰ মাজত হোৱা এই বৈঠকে স্পষ্ট কৰি তুলিছে নির্বাচনৰ পূর্বে মেচ ফিক্সিঙত মিলিত হৈছে এই দুয়োটা দল৷

উল্লেখ্য যে মন্ত্রী ড০ শর্মাই  উক্ত বৈঠক সন্দর্ভত সবিশেষ ব্যাখ্যা নকৰিলেও ইতিমধ্যে কংগ্রেছ আৰু অজাপৰ বৈঠক সন্দর্ভত বহু তথ্য উন্মোচিত হৈছে৷ জানিব পৰা মতে, দুর্গা পূজাৰ মহাসপ্তমীৰ দিনা দুলীয়াজান গেষ্ট হাউছত উপস্থিত হৈছিল অসম জাতীয় পৰিষদ গঠনত আগভাগ লোৱা এজন ছাত্র নেতা আৰু কংগ্রেছৰ এজন প্রাক্তন মন্ত্রী৷ এই বৈঠকতে নির্বাচনী বুজাবুজি সন্দর্ভত বিভিন্ন দিশ আলোচনা হোৱাৰ লগতে বিজেপিক পৰাভূত কৰাৰ স্বার্থত কংগ্রেছৰ মহাজোঁটত অজাপক অংশগ্রহণৰ বাবেও বিশেষভাৱে অনুৰোধ জনোৱা হয়৷ অজাপৰ হৈ বৈঠকত অংশ লোৱা ছাত্র নেতাজনক আনকি নির্বাচনত তেওঁ প্রতিদ্বন্দ্বিতা কৰা সমষ্টিত কংগ্রেছ অথবা এআইইউডিএফ তথা মহাজোঁটৰ কোনো দলে প্রার্থী প্রক্ষেপ নকৰে বুলিও একপ্রকাৰ আশ্বস্ত কৰা হয়৷ কার্যতঃ অজাপৰ হৈ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব খোজা ছাত্র নেতাজনক ৱাক অ’ভাৰ দিবলৈও কংগ্রেছ সাজু বুলি তেওঁ স্পষ্ট কৰি দিয়ে বৈঠকত৷ অৱশ্যে এইক্ষেত্রত কংগ্রেছৰ প্রস্তাৱক অজাপৰ ছাত্র নেতাজনে গুৰুত্বসহকাৰে গ্রহণ কৰাৰ লগতে পৰৱর্তী সময়ত এই সন্দর্ভত বিস্তাৰিত আলোচনা কৰা হ’ব বুলিও আশ্বাস প্রদান কৰে৷

মন কৰিবলগীয়া দিশটো হ’ল যে দুলীয়াজান গেষ্ট হাউছত অনুষ্ঠিত এই বৈঠকক লৈ হঠাতে ক্ষুব্ধ হৈ পৰিছে নাহৰকটীয়াৰ প্রাক্তন বিধায়িকা তথা প্রাক্তন কংগ্রেছী মন্ত্রী প্রণতি ফুকন৷ প্রাক্তন মন্ত্রীগৰাকীৰ কেইবাজনো ঘনিষ্ঠই উক্ত বৈঠকক লৈ মুকলি বিষোদগাৰ প্রকাশ কৰাই নহয়, ছাত্র নেতাজনক ৱাক অ’ভাৰ দিবলৈ অহা নির্বাচনত প্রণতি ফুকনক প্রার্থিত্বৰ পৰা বঞ্চিত কৰাৰ এক ষড়যন্ত্র চলিছে বুলিও ক্ষোভ প্রকাশ কৰে৷ উল্লেখ্য যে মহাজোঁট গঠনেৰে ইতিমধ্যে এআইইউডিএফ আৰু বাঁও দলৰ সৈতে প্রাৰম্ভিক বুজাবুজিত উপনীত হোৱা কংগ্রেছে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক এই মহাজোঁটত অংশগ্রহণৰ বাবে বাৰম্বাৰ আমন্ত্রণ জনাই আহিছে৷ এনে আমন্ত্রণ ৰক্ষাৰ বাবেই শেহতীয়াকৈ অজাপৰ শীর্ষ নেতাই কংগ্রেছৰ সৈতে চলোৱা এই বুজাবুজিয়ে ৰাজ্যৰ ৰাজনীতিত যথেষ্ট চর্চাৰ সৃষ্টি কৰিছে৷ আজিৰ বৈঠকক লৈয়ে সৰৱ হৈ পৰা মন্ত্রী ড০ শর্মাৰ মন্তব্য– ৰাজনীতিৰ মেচ ফিক্সিং কৰিছে কংগ্রেছ আৰু অজাপই৷ শদিয়াত এইক্ষেত্রত সৰৱ হোৱা মন্ত্রীগৰাকীয়ে কয়– অসম জাতীয় পৰিষদ কংগ্রেছৰে এটা দল৷ তেওঁলোকৰ মাজত কোনো পার্থক্য নাই৷ মেচ ফিক্সিং কৰিয়ে তেওঁলোকে কাম চলাই আছে৷ মানুহক দেখুৱাবলৈ তেওঁলোকে এইবিলাক কথা কৈ থাকে৷ কিন্তু তেওঁলোক এটা দলৰে৷ কংগ্রেছ আৰু অজাপ এটা মুদ্রাৰে ইপিঠি–সিপিঠি৷ নির্বাচনত তেওঁলোকে মিলিজুলি প্রতিদ্বন্দ্বিতা কৰিব৷ কিন্তু তেওঁলোক একলগ হ’লেও বিজেপিয়ে প্রতিদ্বন্দ্বিতা কৰি ১০০খন আসন দখল কৰিব আৰু বিজেপিৰে চৰকাৰ হ’ব৷

You might also like