নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংখ্যালঘু ভোটৰ স্বার্থতে মিঞা মিউজিয়াম

নির্বাচনৰ পূর্বে ধর্মীয় মেৰুকৰণৰ ভয়ংকৰ ষড়যন্ত্র কংগ্রেছৰ

নিয়মীয়া বাৰ্তা ২৯ অক্টোবৰঃ  বদৰুদ্দিন আজমলৰ সহায়ত আসন্ন বিধানসভা নির্বাচনৰ বৈতৰণী পাৰ হোৱাৰ সপোন দেখা ৰাজ্যৰ কংগ্রেছ দলে নির্বাচনৰ পূর্বে ধর্মীয় মেৰুকৰণৰ ভয়ংকৰ ষড়যন্ত্র আৰম্ভ কৰিছে৷ ধর্মীয় সংখ্যালঘু ভোটৰ স্বার্থতেই সংখ্যালঘু তোষণৰ অংশ হিচাপে কংগ্রেছে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত মিঞা মিউজিয়াম স্থাপনৰ প্রস্তাৱ উত্থাপন কৰিছে৷ বাঘবৰ সমষ্টিৰ কংগ্রেছ বিধায়ক শ্বেৰমান আলী আহমেদৰ জৰিয়তে কলাক্ষেত্রত মিঞা মিউজিয়াম স্থাপনৰ প্রস্তাৱ উত্থাপনৰ লগে লগে ৰাজ্যজুৰি তীব্র আলোড়ন সৃষ্টি হৈছে৷ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বাৰম্বাৰ মিঞা মিউজিয়াম স্থাপন কৰিবলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি দিয়াৰ পিছতো একেটা ইছ্যুত দৃঢ় স্থিতি লৈছে কংগ্রেছে৷ এইক্ষেত্রত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, বিৰোধী দলপতি দেৱব্রত শইকীয়াকে ধৰি কংগ্রেছ নেতৃত্বই মিঞা মিউজিয়ামৰ বিৰুদ্ধাচৰণ কৰাৰ পৰিৱর্তে বিধায়ক শ্বেৰমান আলী আহমেদক ৰক্ষণাবেক্ষণ দিয়াতহে উঠিপৰি লাগিছে৷ মিঞা মিউজিয়ামৰ ক্ষেত্রত কংগ্রেছ নেতৃত্বৰ নৰম স্থিতিৰ উমান পাই এইবাৰ একেই দাবী উত্থাপন কৰিছে পূব গোৱালপাৰা সমষ্টিৰ কংগ্রেছ বিধায়ক এ কে ৰছিদ আলমে৷

বুধবাৰে গোৱালপাৰাত সংবাদ মাধ্যমৰ আগত মিঞা মিউজিয়াম স্থাপনৰ পোষকতা কৰি বিধায়ক আলমে কয় যে শ্বেৰমান আলীৰ মন্তব্যক লৈ ব্যস্ত থকা উচিত নহয়৷ এইবিলাক একেবাৰে সাধাৰণ কথা৷ মিঞাসকলক বাদ দি অসমীয়া হ’ব পাৰিব জানো? পূর্ণাংগ অসমীয়া ৰূপ দিব পাৰিব জানো? তেওঁ আৰু এখোপ উধাই কয় যে মিঞাসকলক বাদ দিলে অসমত অসমীয়াৰ অস্তিত্বই নাথাকিব৷ সেয়া স্পষ্ট কথা৷ সবে বুজি পায়৷ মিঞাসকলক বাদ দিলে অসমীয়া ভাষাৰ প্রতিও ভাবুকি আহিব৷ অসমীয়া ভাষা–সংস্কৃতি মিঞাসকলেই ৰক্ষা কৰি আহিছে৷ মিঞাসকলেই অসমীয়া কলা–কৃষ্টি ৰক্ষা কৰি আহিছে৷ তেওঁলোকক বাদ দি কেৱল সংকীর্ণ মনোভাবেৰে অসমীয়াৰ কথা চিন্তা কৰিলে নহ’ব৷ কলাক্ষেত্রত মিঞাসকলৰ লগতে আন আন জনগোষ্ঠীৰ কৃষ্টি–সংস্কৃতিসমূহ সংৰক্ষণ কৰাৰ তেওঁ দাবী জনায়৷ আলমে কয় যে বিধানসভাতে মিঞা মিউজিয়ামৰ বিষয়টো কর্তন কৰিব লাগিছিল৷ এইটো এতিয়া চৰকাৰী বিষয় হৈ পৰিছে৷ গতিকে বিষয়টো শ্বেৰমানতে সীমাবদ্ধ হৈ থকা নাই৷

ইপিনে, ৰাজ্যৰ বিত্ত–স্বাস্থ্য–শিক্ষা– বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই  পুনৰ মিঞা মিউজিয়াম নহয় বুলি স্পষ্ট কৰি দি কয় যে বিধায়ক শ্বেৰমান আলী আহমেদেও জানে মিঞা মিউজিয়াম নহ’ব৷ চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে মিঞা মিউজিয়াম নহ’ব যেতিয়া নহ’বই৷ বিধায়কজনে সেই কথা জানিও সমষ্টিত দুটামান ভোট বেছিকৈ পোৱাৰ স্বার্থতে মিঞা মিউজিয়ামৰ কথা কৈ আহিছে৷ কলাক্ষেত্রত নীলা–ৰঙা–বেঙুনীয়া ৰং নাহে৷ কলাক্ষেত্রত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ কৃষ্টি–সংস্কৃতি আৰু খিলঞ্জীয়াৰ বাৰেৰহণীয়া জাতীয় জীৱনৰ প্রতিচ্ছবিহে থাকিব৷ নীলা–ৰঙা–বেঙুনীয়াক লৈ বিধায়কজনে যিয়েই নকওক, কলাক্ষেত্রত সেইবোৰ নহ’ব৷ উল্লেখ্য যে মিঞা মিউজিয়ামক লৈ বিতর্ক হোৱাৰ পিছত বিধায়ক শ্বেৰমান আলী আহমেদে মিউজিয়ামটোৰ পোষকতা কৰি নীলা লুঙী, সেউজীয়া শাৰী সংৰক্ষণকে ধৰি মিঞাসকলে প্রস্তুত কৰা পিঠা আদি প্রতিফলিত কৰিব পৰাকৈ মিউজিয়ামৰ সপক্ষে মন্তব্য কৰিছিল৷ মন্ত্রী ড০ শর্মাৰ দৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসেও মিঞা মিউজিয়ামৰ বিৰোধিতা কৰি কয় যে স্বাভিমানী অসমীয়া হিচাপে কোনো কাৰণতে মিঞা মিউজিয়াম হ’বলৈ দিয়া নহয়৷ নির্বাচনকেন্দ্রিক কাৰণতে বিধায়ক শ্বেৰমান আলী আহমেদে মিঞা মিউজিয়ামৰ কথা কৈছে৷ সংখ্যালঘুৰ ভোটৰ স্বার্থত ধর্মীয় মেৰুকৰণৰ বাবে বিধায়ক শ্বেৰমানে সেই কথা কৈছে৷ আচলতে নামনি অসম আৰু পশ্চিম অসমত এআইইউডিএফৰ উত্থান হোৱাৰ বাবেই ভোটৰ স্বার্থতে বিধায়ক শ্বেৰমানে তেনে কথা কৈছে৷ কিন্তু ২০২১ৰ বিধানসভা নির্বাচনত সংখ্যালঘুৱে কংগ্রেছক প্রত্যাখ্যান কৰিব৷

সেইদৰে বিজেপি বিধায়ক তথা মুখপাত্র ডাঃ নোমল মমিনে প্রতিক্রিয়া ব্যক্ত কৰি কয় যে অসম আৰু অসমীয়াৰ স্বাভিমান কলাক্ষেত্রত মিঞা মিউজিয়াম স্থাপন কৰিব বিচাৰি প্রকৃততে অসমৰ কৃষ্টি–সংস্কৃতিত আঘাত হানিব বিচাৰিছে৷ অসমৰ সংস্কৃতিৰ ওপৰত কুঠাৰাঘাত কৰিব বিচাৰিছে৷ অসমৰ কৃষ্টি–সংস্কৃতি আৰু অস্তিত্ব ৰক্ষাৰ প্রতি কংগ্রেছৰ দায়িত্ব আৰু গুৰুত্ব আছে, তেতিয়া হ’লে কংগ্রেছে শ্বেৰমান আলী আহমেদক দলৰ পৰা বহিষ্কাৰ কৰিবলৈ আহ্বান জনায়৷ চৰৰ কোনো ঐতিহ্যমণ্ডিত সংস্কৃতি নাই বুলি উল্লেখ কৰি তেওঁ কয় যে তথাপি তেওঁলোকৰ যদি কিবা সংস্কৃতি আছে, তাৰ বাবে ধুবুৰীৰ চৰত মিঞা মিউজিয়াম স্থাপন কৰক৷ তাত আমাৰ আপত্তি নাই৷ কিন্তু শংকৰদেৱ কলাক্ষেত্রত মিঞা মিউজিয়াম স্থাপন কৰিবলৈ দিয়া নহ’ব৷ শংকৰদেৱ কলাক্ষেত্রত মিঞা মিউজিয়াম স্থাপন কৰিব বিচৰাৰ উদ্দেশ্যেই হৈছে অসমক উপলুঙা কৰা৷

ইফালে, মৰিয়নিৰ কংগ্রেছ বিধায়ক ৰূপজ্যোতি কুর্মীয়েও কলাক্ষেত্রত মিঞা মিউজিয়াম স্থাপনৰ বিৰোধিতা কৰি কয় যে গুৰুজনাৰ আদর্শৰ দ্বাৰা প্রতিষ্ঠিত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র৷ ইয়াত কোনো ধৰণৰ ৰাজনীতি কৰা উচিত নহয়৷ বিধায়ক শ্বেৰমান আলী আহমেদে মিঞা মিউজিয়াম স্থাপনৰ কথা কৈ ডাঙৰ ভুল কৰিছে৷ শ্বেৰমান আলীক শীঘ্রে কংগ্রেছৰ পৰা বহিষ্কাৰ কৰিব লাগে বুলিও বিধায়ক কুর্মীয়ে দাবী জনায়৷ তেওঁ লগতে শ্বেৰমান আলীৰ মূৰত কঁঠাল ভাঙি বিজেপিয়ে সুবিধা ল’ব বিচৰাৰ গুৰুতৰ অভিযোগ কৰি মিঞা মিউজিয়ামৰ প্রস্তাৱত অনুমোদন জনোৱা বিধানসভাৰ শিক্ষা বিভাগৰ বিভাগীয়ভাৱে সম্পর্কিত স্থায়ী কমিটীৰ সদস্যসকলৰ ওপৰতো ব্যৱস্থা গ্রহণৰ দাবী জনায়৷ আনহাতে, কোকৰাঝাৰৰ সাংসদ তথা গণ সুৰক্ষা পার্টীৰ সভাপতি নৱ কুমাৰ শৰণীয়াই প্রতিক্রিয়া ব্যক্ত কৰি কয় যে মিঞা মিউজিয়ামৰ ইছ্যুটোৰ জৰিয়তে বিধায়ক শ্বেৰমান আলী আহমেদকে ধৰি বিজেপিয়েও নিজৰ নিজৰ লাইনত ৰাজনীতি আৰম্ভ কৰিছে৷ ইয়াত দুয়ো পক্ষৰে ৰাজনৈতিক স্বার্থ আছে৷

You might also like