নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচনত উভালিম বিজেপিৰ শাসনঃ লুৰিণজ্যোতি

কলগাছিয়াত কংগ্রেছ–ইউডিএফৰ পৰা সহস্রাধিকৰ অজাপত যোগদান

নিয়মীয়া বাৰ্তা ১১ জানুৱাৰীঃ অসম জাতীয় পৰিষদৰ আজি কলগাছিয়াৰ বামুণটাৰীত এখন বিশাল যোগদান সমাৱেশ অনুষ্ঠিত হয়৷ অসম জাতীয় পৰিষদৰ নেতা অমল ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সমাৱেশত দলৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে বক্তব্যত ‘কা’ আন্দোলনৰ সময়ত জনিয়া বাঘবৰৰ মাটিত জনসভা কৰি দেখুৱাবলৈ হিমন্ত বিশ্বই যি প্রত্যাহ্বান জনাইছিল তাক প্রত্যাহ্বান জনায়৷ লগতে ২১ৰ নির্বাচনত সাম্প্রদায়িক বিজেপিৰ শাসনৰ শিপা উভালি তুলি ধর্মনিৰপেক্ষ আঞ্চলিকতাবাদী দলৰ চৰকাৰ গঢ়ি তোলাৰ হুংকাৰ প্রদান কৰে৷ লুৰিণজ্যোতি গগৈয়ে একে সময়তে সংখ্যালঘু ৰাইজক হুজুৰৰ দল অর্থাৎ ইউ ডি এফ আৰু কংগ্রেছক প্রত্যাখ্যান কৰি অসম জাতীয় পৰিষদক শক্তিশালী কৰিবলৈ আহ্বান জনায়৷ বিজেপিয়ে বদৰুদ্দিন আজমলৰ মুখ দেখুৱাই সাম্প্রদায়িক ৰাজনীতি কৰিছে৷ বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্ব শর্মাৰ লগত মিলামিছা আছে৷ দুখন জিলা পৰিষদ এ আই ইউ ডি এফ আৰু বিজেপিয়ে মিলি গঠন কৰিছে৷ মইনবড়ি সত্রক লৈ হিমন্ত বিশ্ব শর্মাই কৰা মন্তব্যৰো কঠোৰ সমালোচনা কৰে৷

২১ৰ নির্বাচনত অসম জাতীয় পৰিষদে কংগ্রেছ, অগপ, এ আই ইউ ডি এফ আৰু বিজেপিক উৎখাত কৰি অসমত চৰকাৰ গঠন কৰিব৷ আমাৰ দলে চৰকাৰ কৰিলে কলগাছিয়াক মহকুমা ঘোষণা কৰা হ’ব বুলি প্রতিশ্রুতি দিয়ে৷ লগতে ৭১ৰ আগৰ পৰা অসমত বসবাস কৰা প্রতিগৰাকী অসমীয়াই সংবিধানপ্রদত্ত সকলো অধিকাৰ ভোগ কৰাৰ তেওঁ পোষকতা কৰে৷ আইনী প্রক্রিয়াৰে ‘ডি’ ভোটাৰ সমস্যাৰো সমাধান হ’ব লাগে বুলি তেওঁ দাবী কৰে৷ সভাত দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, সম্পাদক জিয়াউৰ ৰহমানসহ বহুত নেতাই উপস্থিত থাকে৷ সভাত কংগ্রেছৰ জ্যেষ্ঠ নেতা তথা ১৯৭২ চনৰ পৰা ১৯৭৯ চনলৈ আছুত কার্যনির্বাহ কৰা, ১৯৭৯ চনত বৰপেটা জিলা আছুৰ উপ–সভাপতি পদত কার্যনির্বাহ কৰাৰ লগতে ১৯৮৫ চনত জনিয়া সমষ্টিৰ পৰা কংগ্রেছৰ প্রার্থী হিচাপে প্রতিদ্বন্দ্বিতা কৰা জ্যেষ্ঠ নেতা ইদ্রিছ আলী আহমেদে লুৰিণজ্যোতি গগৈৰ উপস্থিতিত কংগ্রেছৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰি অসম জাতীয় পৰিষদত যোগদান কৰে৷ জ্যেষ্ঠ নেতাগৰাকীৰ অসম জাতীয় পৰিষদত যোগদানে জনিয়া সমষ্টিৰ দৃশ্যপট সলনি হোৱাৰ সম্ভাৱনা আছে বুলি চর্চা চলিছে৷ সভাখনত কংগ্রেছ–এআইইউডিএফ এৰি সহস্রাধিকে অজাপত যোগদান কৰে৷ সভাত অধিবক্তা শুকুৰ আলী আহমেদে আদৰণী ভাষণ দিয়ে৷

You might also like