নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত লুইতত বিসর্জন প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ চিতাভস্ম

দেউতাই সমন্বয়–সদ্ভাৱনাৰ্ বৰ অসমৰ সপোন দেখিছিলঃ গৌৰৱ গগৈ

নিয়মীয়া বাৰ্তা ১১ জানুৱাৰীঃ দেওবাৰে ধুবুৰীৰ ব্রহ্মপুত্রত বিলীন হ’ল সদ্যপ্রয়াত ৰাজ্যৰ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ চিতাভস্ম৷ বিয়লি পুত্র গৌৰৱ গগৈয়ে অসংখ্য গুণমুগ্ধ আৰু কংগ্রেছ নেতা–কর্মীৰ চকু সেমেকাই ধুবুৰীৰ ঐতিহ্যমণ্ডিত নেতাই ধুবুনী ঘাটৰ পৰা ব্রহ্মপুত্রত বিসর্জন দিয়ে পিতৃৰ চিতাভস্ম৷ উল্লেখ্য যে ইয়াৰ পূর্বে ধুবুৰী জিলাৰ চাপৰৰ পৰা বিশাল এক বাইক ৰেলীৰে জননেতাগৰাকীৰ চিতাভস্ম অনা হয় ধুবুৰী জিলা কংগ্রেছৰ উদ্যোগত চহৰখনৰ শংকৰদেৱ শিশু উদ্যানত আয়োজিত ‘শ্রদ্ধাঞ্জলি’ অনুষ্ঠানলৈ৷ পিতৃৰ চিতাভস্মসহ উদ্যান চৌহদস্থিত মুকলি প্রেক্ষাগৃহত প্রয়াত মুখ্যমন্ত্রীগৰাকীৰ স্মৃতিচাৰণ সভা তথা সর্বধর্ম প্রার্থনা অনুষ্ঠানত ভাগ লৈ সাংসদ গগৈয়ে পিতৃ তৰুণ গগৈক পুষ্পাঞ্জলিৰে শ্রদ্ধা জ্ঞাপন কৰে৷ অনুষ্ঠানটোত প্রয়াত মুখ্যমন্ত্রীগৰাকীৰ স্মৃতি ৰোমন্থন কৰিবলৈ গৈ জ্যেষ্ঠ কংগ্রেছী নেতা তথা বিধায়ক ৰকিবুল হুছেইনে পাঠ কৰা এক আৱেগিক কবিতাই সভাখনত গহীন পৰিৱেশৰ সৃষ্টি কৰে৷

আনহাতে প্রয়াত পিতৃৰ স্মৃতিচাৰণ কৰিবলৈ গৈ পুত্র গৌৰৱ গগৈয়ে প্রাক্তন মুখ্যমন্ত্রী গগৈয়ে ক’ভিড আক্রান্ত হৈ গুৰুতৰভাৱে অসুস্থ অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাতো অসমৰ ৰাইজৰ, ৰাজ্যখনৰ উন্নয়ন আদিকে ধৰি বিভিন্ন বিষয়ক লৈ চিন্তা–চর্চা অব্যাহত ৰাখিছিল বুলি কয়৷ বক্তব্যত সাংসদ গগৈয়ে প্রয়াত পিতৃৰ ধুবুৰী জিলাৰ প্রতি বিশেষ টান থকা বুলি উনুকিয়াই তেওঁৰ চৰকাৰৰ দিনত তেওঁ বহুবাৰ ধুবুৰীলৈ অহাৰ উপৰি জিলাখনৰ বাবে কৰা বিভিন্ন উন্নয়নমূলক কাম–কাজে ৰাইজৰ স্মৃতিত তেখেত সদায় থাকি যাব বুলি উল্লেখ কৰে৷ প্রয়াত তৰুণ গগৈয়ে জাতি–ধর্ম–ভাষা নির্বিশেষে সকলো শ্রেণীৰ ৰাইজৰ মাজত সমন্বয় আৰু সদ্ভাৱনাৰে যি বৰ অসম গঢ়াৰ সপোন ৰচিছিল সেই সপোনক সাকাৰ ৰূপ দিবলৈ ৰাইজক আহ্বান জনোৱাও পোৱা যায় সাংসদ গৌৰৱ গগৈয়ে৷

দেওবাৰে এই শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ অন্তত পিতৃৰ চিতাভস্ম লৈ গৌৰৱ গগৈয়ে পদব্রজে শংকৰদেৱ শিশু উদ্যানৰ পৰা ব্রহ্মপুত্রৰ পাৰৰ নেতাই ধুবুনীঘাটলৈ উপস্থিত হয় আৰু সম্পূর্ণ নীতি–নিয়মেৰে প্রয়াত জননেতাগৰাকীৰ চিতাভস্ম নৈখনত বিসর্জন দিয়ে৷ ইপিনে  এই শ্রদ্ধাঞ্জলি অনুষ্ঠানত ধুবুৰী বিধানসভা সমষ্টিৰ প্রাক্তন বিধায়কদ্বয় নজিবুল ওমৰ আৰু জাহান উদ্দিন, গোলকগঞ্জৰ প্রাক্তন বিধায়ক আবু তাহেৰ আলী বেপাৰী, দক্ষিণ শালমাৰাৰ বিধায়ক ৱাজেদ আলী চৌধুৰী, মানকাচৰ বিধানসভা সমষ্টিৰ বিধায়ক ডাঃ মতিউৰ ইছলাম মণ্ডল, ধুবুৰীৰ প্রাক্তন সাংসদ আব্দুল হামিদ, কংগ্রেছৰ ধুবুৰী জিলা সভাপতি উত্তম কুমাৰ সৰকাৰ, জিলাখনৰ মহিলা কংগ্রেছৰ সভানেত্রী বেবী বেগম, জিলাৰ যুৱ কংগ্রেছৰ সভাপতি আলতাপ হুছেইন মণ্ডলকে ধৰি প্রদেশ আৰু জিলা কংগ্রেছৰ বহু বিষয়ববীয়াৰ উপৰি জিলা এনএছইউআই আৰু সেৱা দলৰ কার্যকর্তা উপস্থিত আছিল৷

You might also like