নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাজেটৰ কেইবাটাও ঘোষণাক আদৰণি কংগ্রেছ–অখিলৰ

নিয়মীয়া বাৰ্তা ২০ জুলাইঃ অসম বিধানসভাত ১৬ জুলাইত বিত্তমন্ত্রী অজন্তা নেওগে ২০২১–২২ বর্ষৰ বাবে দাখিল কৰা বাজেটক লৈ আজি সৰৱ হৈ পৰিল বিৰোধী৷ লক্ষণীয়ভাৱে বাজেটখনক বিৰোধিতা কৰাৰ লগে লগে কেইবাটাও ঘোষণাক লৈ আদৰণি জনালে বিৰোধী কংগ্রেছৰ লগতে এ আই ইউ ডি এফেও আজি বাজেট বিতর্কত অংশগ্রহণ কৰি বিৰোধী দলপতি দেৱব্রত শইকীয়াই কয় যে কৃষিৰ ক্ষেত্রত বাজেটত কোনো গুৰুত্বপূর্ণ দিশ প্রতিফলিত নহ’ল৷ জলসিঞ্চন বৃদ্ধিৰ ক্ষেত্রতে নাই কোনো প্রয়োজনীয় প্রস্তাৱ৷ অৱশ্যে বাজেটত মেডিকেল কলেজ স্থাপনৰ বাবে চৰকাৰক আদৰণি জনায় বিৰোধী দলপতিজনে৷ সমান্তৰালভাৱে চৰকাৰক ২০২১–২২ বর্ষৰ বাজেট প্রস্তাৱ সময় সাপেক্ষে সম্পূর্ণ কৰাৰ বাবেও আহ্বান জনালে দেৱব্রত শইকীয়াই৷

ইফালে, বাজেট বিতর্কত অংশগ্রহণ কৰি বিজেপি বিধায়ক পদ্ম হাজৰিকাই কয় যে ২০১৮–১৯ত বাজেটত ব্যয়ৰ পৰিমাণ আছিল ৭৯ শতাংশ৷ ২০১৯–২০ত এই ব্যয়ৰ পৰিমাণ ২২ শতাংশলৈ বৃদ্ধি হৈছে৷ বিধায়কগৰাকীয়ে সীমান্ত সুৰক্ষাৰ বাবে কমাণ্ডো বেটেলিয়ন গঠন আৰু ড্রাগ্ছমুক্ত অসম গঢ়াৰ বাবে মুখ্যমন্ত্রীক ধন্যবাদ জ্ঞাপন কৰে৷ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে বিতর্কত অংশগ্রহণ কৰি চৰকাৰে ১ লাখ লোকক দিব খোজা নিযুক্তিৰ প্রসংগত কয় যে নতুন পদ সৃষ্টি কৰাৰ বিপৰীতে খালী পদসমূহ পূৰণ কৰাতহে চৰকাৰে গুৰুত্ব দিয়া উচিত৷

জলসিঞ্চন বিভাগৰ উন্নয়ন সাধন কৰিব লাগে বুলি দাবী তুলি বিধায়কজনে অভিযোগ কৰে যে ১ লিটাৰ পানী পথাৰলৈ নিয়াৰ বাবে ৭৫ হাজাৰ টকা ব্যয় কৰা হৈছে৷ ইফালে, অগপ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই বাজেটখনে কর্মসংস্থাপন সৃষ্টি কৰিব বুলি মন্তব্য কৰে৷ বিপিএফৰ বিধায়ক দুর্গাদাস বড়োৱে বাজেটৰ বিভিন্ন পদক্ষেপক আদৰণি জনাই অসম চুক্তিৰ ৬নং দফাৰ প্রতিবেদন কেন্দ্রলৈ প্রেৰণৰ বাবে আহ্বান জনোৱাৰ লগতে বেকলগ পূৰণৰ বাবেও দাবী তোলে৷ কংগ্রেছৰ বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে বাজেটখনত খহনীয়া প্রতিৰোধৰ কোনো পদক্ষেপ নাই বুলি মন্তব্য কৰে৷ নির্দলীয় বিধায়ক অখিল গগৈয়ে শিৱসাগৰৰ ঐতিহ্য সংৰক্ষণৰ বাবে পদক্ষেপ লোৱাৰ বাবে মুখ্যমন্ত্রী আৰু বিত্তমন্ত্রীক ধন্যবাদ জ্ঞাপন কৰে৷ উল্লেখ্য যে বাজেটত তাই আহোম সংগ্রহালয়ৰ বিকাশ সাধনৰ বাবে পুঁজি নির্ধাৰণ কৰা হৈছে৷

You might also like